আৱাজ দ্য ভইচ অসম ব্যুৰ'
ভাৰতৰ অপাৰেচন সেন্দুৰ-এ পাকিস্তানৰ সন্ত্ৰাসবাদৰ ভেটি কঁপাই তুলিছিল আৰু তেওঁলোকৰ সন্ত্ৰাসবাদী শিবিৰসমূহক ধ্বংসস্তুপত পৰিণত কৰিছে। পাকিস্তানৰ বহু বিমানঘাটি এতিয়াও আইচিইউত আছে। সন্ত্ৰাসবাদৰ মাষ্টাৰ মাইণ্ডসকলে পূৰ্বে ভাৰতত আক্ৰমণ সংঘটিত কৰি নিৰাপদে আছিল যদিও এতিয়া নতুন ভাৰতৰ প্ৰত্যুত্তৰৰ ভয়ত তেওঁলোকৰ টোপনি হৰণ হয়--এই গুৰুত্বপূৰ্ণ মন্তব্য আগবাঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
লোকসভাত আজি অপাৰেচন সেন্দুৰ সন্দৰ্ভত অনুষ্ঠিত বিতৰ্কৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অপাৰেচন সেন্দুৰৰ সময়ত সমগ্ৰ পৃথিৱীয়ে ভাৰতৰ দক্ষতা, ভাৰতৰ তথ্য-প্ৰযুক্তিৰ শক্তি, আধুনিক অস্ত্ৰ-শস্ত্ৰৰ সামৰ্থ্য আৰু ভাৰতীয় সেনাৰ পৰাক্ৰমৰ বিষয়ে জানিব পাৰিলে। পাকিস্তান মদদপুষ্ট সন্ত্ৰাসবাদী শিবিৰৰ ওপৰত ভাৰতৰ শক্তিশালী অভিযানক সমগ্ৰ বিশ্বই ভূয়সী প্ৰশংসা কৰাৰ পিছতো কংগ্ৰেছ দল সন্তুষ্ট নোহোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
তেওঁ কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰধান লক্ষ্য আছিল ভাৰতৰ সাম্প্ৰদায়িক সংহতি বিনষ্ট কৰা আৰু দেশক অস্থিৰ কৰা। কিন্তু ভাৰতবাসীয়ে অসীম ধৈৰ্য্য, সাহস, একতা আৰু দৃঢ়তাৰে সন্ত্ৰাসবাদীৰ এই অভিসন্ধি ব্যৰ্থ কৰে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশবাসীক ধন্যবাদ জ্ঞাপন কৰে।
ৰাহুল গান্ধীয়ে আজি লোকসভাত সশস্ত্ৰ বাহিনীৰ হাত চৰকাৰে বান্ধি ৰাখিছিল আৰু পাকিস্তানৰ প্ৰতিৰক্ষা আন্তঃগাঁথনি আক্ৰমণ কৰিবলৈ দিয়া হোৱা নাছিল বুলি কৰা দাবীকো প্ৰত্যুত্তৰ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে সন্ত্ৰাসবাদীক উচিত শিক্ষা দিবলৈ চৰকাৰে দেশৰ সশস্ত্ৰ বাহিনীক সম্পূৰ্ণৰূপে স্বাধীনতা দিছিল।
"পহলগাম আক্ৰমণৰ পিছত মই সন্ত্ৰাসবাদৰ শিপা নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিছিলো। অপাৰেচন সেন্দুৰৰ সময়ত মোৰ কাষত থিয় দিয়াৰ বাবে ভাৰতৰ জনসাধাৰণক ধন্যবাদ জনাব বিচাৰো। ২২ এপ্ৰিলত মই বিদেশত আছিলো, উভতি অহাৰ পিছত মই এখন জৰুৰী বৈঠকৰ আহ্বান জনাইছিলো আৰু সেই বৈঠকত আমি সেনা বাহিনীক স্পষ্ট নিৰ্দেশনা দিছিলোঁ। সন্ত্ৰাসবাদীক শক্তিশালী প্ৰত্যুত্তৰ দিয়াটো আমাৰ ৰাষ্ট্ৰীয় সংকল্প।"-প্ৰধানমন্ত্ৰীয়ে কয়।
প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে আমাৰ সশস্ত্ৰ বাহিনীক লৈ তেওঁ গৌৰৱান্বিত। "তেওঁলোকক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছিল, আৰু আমি তেওঁলোকক কৈছিলো যে কেতিয়া, ক’ত আৰু কেনেকৈ অপাৰেচনটো সম্পন্ন কৰিব সেইটো আপোনালোকে সিদ্ধান্ত ল’ব। এইদৰে আমি সন্ত্ৰাসবাদীসকলক ভাল শিক্ষা দিছিলো, আজিও তেওঁলোকৰ টোপনি নোহোৱা হৈ আছে।"
মোদীয়ে কয় যে পহলগামৰ পিছত পাকিস্তানী বাহিনীয়ে ভাৰতৰ পৰা ডাঙৰ সঁহাৰিৰ আশা কৰিছিল আৰু আমাক পাৰমাণৱিক বোমাৰ ভাবুকি দি আছিল। ৬-৭ মে’ৰ নিশা আমি বিচৰা ধৰণে অপাৰেচন চলাইছিলো, আৰু পাকিস্তানে একো কৰিব নোৱাৰিলে। ২২ মিনিটত আমি ২২ এপ্ৰিলৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ললোঁ।
কোনো বিশ্ব নেতাই ভাৰতক অপাৰেচন সেন্দুৰ বন্ধ কৰিবলৈ কোৱা নাছিল বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে আজি লোকসভাত স্পষ্ট কৰি দিয়ে। পাকিস্তানক সকীয়নি দি প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয়, "অপাৰেচন সেন্দুৰ এতিয়াও চলি আছে। যদি পাকিস্তানে কোনো ভুল কৰিবলৈ সাহস কৰে, তেন্তে তেওঁলোকে ইয়াৰ ডাঙৰ মূল্য ভৰিব লাগিব।"