দেশত দৈনিক বাতৰি কাকতৰ প্ৰচলনৰ সংখ্যা ২.৭৭ শতাংশ বৃদ্ধি

Story by  atv | Posted by  [email protected] • 1 Months ago
দৈনিক বাতৰি কাকত
দৈনিক বাতৰি কাকত
 
গুৱাহাটী
 
ছপা বাতৰি কাকত উদ্যোগৰ বাবে আশাৰ বতৰা কঢ়িয়াই দেশত দৈনিক বাতৰি কাকতৰ প্রচলনৰ সংখ্যা বৃদ্ধি পাইছে। অডিট ব্যুৰ' অব্ চাকুলেচনৰ (এ বি চি) তথ্য অনুসৰি দৈনিক বাতৰি কাকতৰ প্ৰচলনৰ সংখ্যা ২.৭৭ শতাংশলৈ বৃদ্ধি পাইছে দেশত।
 
এইক্ষেত্রত এ বি চিয়ে প্রকাশ কৰামতে, ২০২৪ চনৰ জুলাইৰ পৰা ডিচেম্বৰলৈ গড় হিচাপত ২,৮৯,৪১,৮৭৬ খন দৈনিক বাতৰি কাকত বিক্ৰী হৈছিল। কিন্তু চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুনলৈ বিক্ৰী হোৱা কাকতৰ সংখ্যা হৈছে ২,৯৭,৪৪,১৪৮ খন। অর্থাৎ বিগত সময়ছোৱাতকৈ ৮,০২,২৭২ খন কাকত অধিক বিক্রী হৈছে।
 
ইয়াৰ জৰিয়তে দৈনিক বাতৰি কাকতৰ প্ৰচলনৰ সংখ্যা ২.৭৭ শতাংশ বৃদ্ধি পোৱা বুলি সদৰী কৰি এ বি চিৰ সচিবপ্রধান আদিল কাছাদে কয়-'শেহতীয়া এনে পৰিসংখ্যাই এইটো সূচাইছে যে পাঠকে বিশ্বাসযোগ্য, সত্যনিষ্ঠ তথ্যৰ বাবে বাতৰি কাকতৰ ওপৰত বিশ্বাস কৰে। প্ৰচলনৰ সংখ্যা বৃদ্ধি পোৱাটোৱে বাতৰি কাকতৰ শক্তিশালী ভূমিকাহে প্রতিপন্ন কৰিছে।'