জুবিন ক্ষেত্ৰত উপস্থিত বাংলাদেশৰ উপ বৈদেশিক সচিব প্ৰীতি ৰহমান

Story by  atv | Posted by  [email protected] • 1 Months ago
জুবিন ক্ষেত্ৰত উপস্থিত বাংলাদেশৰ উপ বৈদেশিক সচিব প্ৰীতি ৰহমান
জুবিন ক্ষেত্ৰত উপস্থিত বাংলাদেশৰ উপ বৈদেশিক সচিব প্ৰীতি ৰহমান
 
গুৱাহাটী
 
সোণাপূৰস্থিত জুবিন ক্ষেত্ৰত উপস্থিত বাংলাদেশৰ উপ বৈদেশিক সচিব প্ৰীতি ৰহমান। শ্বিলঙৰ এটি বিশেষ কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বে জুবিন ক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনাই শিল্পীগৰাকীক।
 
সংবাদ মাধ্যমৰ আগত উপ বৈদেশিক সচিব প্ৰীতি ৰহমানে কয়; "আজি মই জুবিন ক্ষেত্ৰত উপস্থিত হৈ নিজকে ধন্য মানিছোঁ। আজি মই ইয়াত উপস্থিত হৈ মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনালোঁ। আমি সকলোৱে জানো, বাংলাদেশতো জুবিন গাৰ্গৰ যথেষ্ট অনুৰাগী আছে। তেওঁৰ অকাল মৃত্যুত বাংলাদেশৰ লোকসকলেও যথেষ্ট হতাশ আৰু আচৰিত হৈ পৰিছিল।"
 
"বিশাল প্ৰতিভা সম্পন্ন মহান শিল্পীগৰাকীৰ কণ্ঠ আৰু কৰ্মই বাংলাদেশ লাখ লাখ লোকক প্ৰভাৱিত কৰিছিল। আমি তেওঁৰ বিদেহী আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ লগতে তেওঁৰ পৰিয়ালকো সমবেদনা জ্ঞাপন কৰিছো। তেওঁ সদায় বাংলাদেশৰ নাগৰিকৰ হৃদয়ত থাকিব", তেওঁ কয়।