অসমত আৰম্ভ হ'ব ভাৰতৰ প্ৰথমটো সম্পূৰ্ণ ডিজিটেল লোকপিয়লৰ প্ৰাক্ পৰীক্ষা

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
গুৱাহাটী

ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি অসমৰ নিৰ্বাচিত অঞ্চলত আগন্তুক লোকপিয়ল ২০২৭ৰ বাবে প্ৰাক্ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। ২০২৫ চনৰ ১০ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ তিনিখন জিলা ক্ৰমে ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং, আৰু হাইলাকান্দিত হাউছ-লিষ্টিং আৰু হাউছিং চেন্সাছৰ প্ৰাক্ পৰীক্ষণ  অনুষ্ঠিত হ’ব।

অনুশীলনৰ সময়ত ডিব্ৰুগড় জিলাত   ডিব্ৰুগড় পূৱ ৰাজহ চক্ৰৰ অন্তৰ্গত ডিব্ৰুগড় পৌৰ নিগমৰ ১৬, ১৭, আৰু ১৮ নং ৱাৰ্ড সামৰি ল’ব। পশ্চিম কাৰ্বি আংলঙত ডনকা ৰাজহ চক্ৰৰ অন্তৰ্গত ২৩ খন গাঁৱত এই প্ৰাক্ পৰীক্ষা অনুষ্ঠিত হ’ব। আনহাতে হাইলাকান্দিত হাইলাকান্দি ৰাজহ চক্ৰৰ অন্তৰ্গত ৭ খন গাঁৱত প্ৰাক্ পৰীক্ষা অনুষ্ঠিত হ’ব। এই প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত আৰু হাইলাকান্দি তথা পশ্চিম কাৰ্বি আংলঙৰ উপ আয়ুক্তক প্ৰধান লোকপিয়ল বিষয়া হিচাপে নিযুক্তি দিছে।

অভিযানৰ পূৰ্বে ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈকে স্ব-গণনাৰ প্ৰাক্ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব, য’ত নিৰ্বাচিত অঞ্চলসমূহৰ বাসিন্দাসকলে এটা নিৰ্দিষ্ট অনলাইন পৰ্টেলৰ জৰিয়তে ডিজিটেলভাৱে নিজকে গণনা কৰিব পাৰিব। ভাৰতৰ লোকপিয়ল ২০২৭ চনত  এক বিশেষ কচৰৎ হ’ব কাৰণ ই দেশৰ প্ৰথমটো সম্পূৰ্ণ ডিজিটেল লোকপিয়ল হ’ব। তথ্য সংগ্ৰহ, প্ৰৱেশ, পৰীক্ষণ আৰু নিৰীক্ষণৰ সকলো দিশ সুৰক্ষিত ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে নিষ্পাদন কৰা হ'ব, যাৰ ফলত ই সঠিক হোৱাৰ লগতে কাৰ্যক্ষমতা  তথা  স্বচ্ছতা নিশ্চিত কৰিব।

অসমৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক-সহ-মুখ্য প্ৰধান লোকপিয়ল বিষয়াই নিৰ্বাচিত নমুনা সংগ্ৰহ কৰিবলগীয়া এলেকাৰ সকলো বাসিন্দাক ক্ষেত্ৰভিত্তিক অভিযানৰ  সময়ত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। গণনাকাৰী তথা  তত্বাৱধায়কসকলে ঘৰে ঘৰে গৈ লোকপিয়লৰ প্ৰাক-পৰীক্ষাৰ সফল পৰিচালনাৰ বাবে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব।