অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ আন এক দুঃসংবাদ; সংগীতজ্ঞ, গীতিকাৰ, বিশিষ্ট কণ্ঠশিল্পী চৈয়দ চাদুল্লাৰ দেহাৱসান

Story by  atv | Posted by  [email protected] • 6 h ago
সংগীতজ্ঞ, গীতিকাৰ, বিশিষ্ট কণ্ঠশিল্পী চৈয়দ চাদুল্লাৰ দেহাৱসান
সংগীতজ্ঞ, গীতিকাৰ, বিশিষ্ট কণ্ঠশিল্পী চৈয়দ চাদুল্লাৰ দেহাৱসান
 
আৱাজ-দ্য ভইচ ব্যুৰ'
 
ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ আন এক দুঃসংবাদ। বিশিষ্ট সংগীতজ্ঞ, গীতিকাৰ, সুৰকাৰ, সংগীত শিল্পী তথা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ বাতৰি পৰিবেশক চৈয়দ চাদুল্লাৰ দেহাৱসান। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।
 
দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চৈয়দ চাদুল্লাৰ দেহাৱসান ঘটে। সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক। ১৯৪৮ চনৰ ১ ফেব্ৰুবাৰীত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে। মৃত্যু সময়ত চৈয়দ চাদুল্লাৰ বয়স আছিল ৭৭ বছৰ।
 
১৯৭৫ চনত আকাশবাণী ডিব্ৰুগড়ৰ ষ্টাফ আৰ্টিষ্ট হিচাপে যোগদান কৰিছিল চৈয়দ চাদুল্লাই। আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী ইংৰাজী বাতৰি পৰিৱেশক আছিল চৈয়দ চাদুল্লা। একেধাৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, কবি লেখকে ধৰি গীটাৰ বাদক হিচাপে খ্যাতি আছিল চৈয়দ চাদুল্লাৰ। প্ৰায় ১৮০ ৰো অধিক গীতৰ স্ৰষ্টা আছিল চৈয়দ চাদুল্লা। চৈয়দ চাদুল্লাৰ দেহাৱসানৰ পিছতে ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ।
 
আনহাতে শিল্পীগৰাকীৰ বিয়োগত অসম জাতীয় পৰিষদে শোকপ্ৰকাশ কৰিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘চৈয়দ চাদুল্লা ডাঙৰীয়াৰ দেহাৱসানত আমি ব্যথিত হৈছোঁ। অনাতাঁৰ ঘোষক হিচাপে অসমবাসীৰ মাজত সমাদৃত হৈ পৰা চাদুল্লা আকাশবাণী ডিব্ৰুগড়ৰ এটা চিনাকি কণ্ঠ আছিল৷’’
 
সভাপতি গগৈয়ে কয়, ‘‘মানৱতাবাদী ব্যক্তিত্বৰ অধিকাৰী আছিল চৈয়দ চাদুল্লা৷ অসমখনৰ প্ৰতি, এই মানুহ, এই মাটিৰ প্ৰতি তেখেতৰ ভালপোৱা অনুকৰণীয়৷ সেয়া তেখেতৰ সৃষ্টিৰাজিত প্ৰতিফলিত হৈছিল৷’’
 
অসমক মনেপ্ৰাণে ভালপোৱা অসমীয়াগৰাকীৰ প্ৰয়াণ অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি গগৈ আৰু ভূঞাই শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰে৷