গুৱাহাটী
দুদিনীয়া ভ্ৰমণসূচীৰে আজি উত্তৰ পূৰ্বাঞ্চললৈ আহিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমৰ উপৰিও তেওঁ ভ্ৰমণ কৰিব মিজোৰাম আৰু ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ। আজি প্ৰধানমন্ত্ৰীয়ে মিজোৰাম ভ্ৰমণ কৰি পুৱা প্ৰায় ১০ বজাত আইজলত ৯ হাজাৰ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব।
এই প্ৰকল্পসমূহে ৰে’লৱে, পথ, শক্তি, ক্ৰীড়া আদিকে ধৰি একাধিক খণ্ডক সামৰি ল’ব। তাত ৰাজহুৱা অনুষ্ঠানতো ভাষণ প্ৰদান কৰিব।
ইয়াৰ পিছতে দুপৰীয়া প্ৰায় ১২:৩০ বজাত চুৰাচান্দপুৰত মণিপুৰ ভ্ৰমণ কৰি ৭৩০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে এই উপলক্ষে চুৰাচান্দপুৰত সভাত ভাষণ প্ৰদান কৰিব।
ইয়াৰ উপৰিও তেওঁ ইম্ফলত, প্ৰায় ২:৩০ বজাত ১২০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্প উদ্বোধন কৰিব।
ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰি ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ১০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে গুৱাহাটীত সন্ধিয়া প্ৰায় ৫ বজাত অংশগ্ৰহণ কৰিব।
দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে অসমত ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ বৃহৎ আন্তঃগাঁথনি আৰু উদ্যোগিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ দৰঙত, প্ৰায় ১১ বজাত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব।
এই প্ৰকল্পসমূহৰ ভিতৰত আছে দৰং মেডিকেল কলেজ এণ্ড হস্পিতাল আৰু জিএনএম স্কুল আৰু বি. নাৰ্চিং কলেজ, অঞ্চলটোত চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা প্ৰদানক শক্তিশালী কৰা; গুৱাহাটী ৰিং ৰোড প্ৰকল্প যিয়ে নগৰীয়া গতিশীলতা বৃদ্ধি কৰিব, যান-জঁট দূৰ কৰিব, আৰু ৰাজধানী চহৰ আৰু ইয়াৰ আশে-পাশে সংযোগ উন্নত কৰিব; আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কুৰুৱা–নাৰেংগী দলঙে সংযোগ উন্নত কৰি অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নক প্ৰসাৰিত কৰিছে।
ইয়াৰ পিছতে তেওঁ গোলাঘাটত দিনৰ প্ৰায় ১:৪৫ বজাত অসম বায়’-ইথানল প্ৰাইভেট লিমিটেড, নুমলীগড় শোধনাগাৰ প্লাণ্ট উদ্বোধন কৰিব।