মণিপুৰত আশা আৰু আকাংক্ষাৰ নতুন সুৰুজ উদয় হৈছে: প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 1 h ago
মণিপুৰত আশা আৰু আকাংক্ষাৰ নতুন সুৰুজ উদয় হৈছে: প্ৰধানমন্ত্ৰী মোদী
মণিপুৰত আশা আৰু আকাংক্ষাৰ নতুন সুৰুজ উদয় হৈছে: প্ৰধানমন্ত্ৰী মোদী
 
গুৱাহাটী
 
শনিবাৰে মণিপুৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, মণিপুৰত নতুন আশাৰ সুৰুজ উদয় হৈছে। ২০২৩ চনৰ মে’ মাহত ৰাজ্যখনত জাতিগত হিংসাৰ সৃষ্টি হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম ভ্ৰমণ।
 
চুৰাচান্দপুৰত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মণিপুৰৰ ভূমি আশা আৰু আকাংক্ষাৰ ভূমি। দুৰ্ভাগ্যজনকভাৱে এই সুন্দৰ অঞ্চলটোৰ ওপৰত হিংসাই ছাঁ পৰিছিল। কিছু সময়ৰ পূৰ্বে সাহায্য শিবিৰত বসবাস কৰা ক্ষতিগ্ৰস্তসকলক লগ পাইছিলো। তেওঁলোকক লগ পোৱাৰ পিছত মই নিশ্চিতভাৱে ক'ব পাৰো যে মণিপুৰত আশা আৰু বিশ্বাসৰ নতুন সুৰুজ উদয় হৈছে।"
 
২০২৩ চনত মণিপুৰত মেইটেই জনগোষ্ঠী আৰু কুকি জনগোষ্ঠীৰ মাজত জাতিগত সংঘৰ্ষৰ সৃষ্টি হৈছিল। এই হিংসাত্মক ঘটনাত নিহত হৈছিল ২৫০ জনৰো অধিক লোক।
 
দুয়োটা জনগোষ্ঠীৰ মাজত দীৰ্ঘদিনীয়া উত্তেজনা বিশেষকৈ ভূমি আৰু ৰাজহুৱা চাকৰিৰ প্ৰতিযোগিতাক কেন্দ্ৰ কৰিয়েই এই সংঘৰ্ষৰ সৃষ্টি হৈছিল। অধিকাৰ কৰ্মীসকলে স্থানীয় নেতাসকলকৰ ওপৰত ৰাজনৈতিক লাভৰ বাবে জাতিগত বিভাজন বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰিছে।
 
চৰকাৰী তথ্য অনুসৰি ২০২৩ চনত প্ৰাৰম্ভিক হিংসাৰ সময়ত মণিপুৰত কেইবামাহো ধৰি ইণ্টাৰনেট সেৱা বন্ধ হৈ আছিল। সেই সময়তে প্ৰায় ৬০ হাজাৰ লোক ঘৰৰ পৰা স্থানান্তৰিত হৈছিল। অব্যাহত থকা উত্তেজনাৰ বাবে ৰাজ্যখনৰ হাজাৰ হাজাৰ বাসিন্দা এতিয়াও ঘৰলৈ উভতি যাব পৰা নাই।
 
প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে কেন্দ্ৰীয় চৰকাৰে হিংসাত্মক পৰিস্থিতিৰ  সৃষ্টি হোৱা ৰাজ্যখনক পুনৰ নিয়মীয়া অৱস্থালৈ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা চলাইছে।
 
"যিকোনো ঠাইতে উন্নয়ন হ'বলৈ শান্তি অতিকৈ প্ৰয়োজনীয় বস্তু। বিগত ১১ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ বহু সংঘাত আৰু বিবাদৰ সমাধান হৈছে। মানুহে শান্তিৰ পথ বাছি লৈ উন্নয়নক অগ্ৰাধিকাৰ দিছে। আমি সন্তুষ্ট যে শেহতীয়াকৈ পাহাৰ আৰু উপত্যকাত বিভিন্ন গোটৰ সৈতে চুক্তিৰ বাবে আলোচনা হৈছে। এইবোৰ ভাৰত চৰকাৰৰ প্ৰচেষ্টাৰ অংশ" শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে আলোচনা, সন্মান, আৰু পাৰস্পৰিক বুজাবুজিক গুৰুত্ব দিও।
 
প্ৰধানমন্ত্ৰীৰ ভাষণ উন্নয়নৰ ওপৰতে বেছি আছিল। ইম্ফলত নতুন বিমানবন্দৰ, নতুন ঘাইপথ, ৰেল আৰু পথ সংযোগ, জিৰিবামক ইম্ফলৰ সৈতে সংযোগ কৰাৰ ৰেল প্ৰকল্প, চিকিৎসা মহাবিদ্যালয় আদি।
 
"আমি অতি সোনকালে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ'বলৈ ওলাইছো। এটা সময় আছিল যেতিয়া দিল্লীত লোৱা সিদ্ধান্তবোৰ ইয়াত উপনীত হ'বলৈ দশক দশক সময় লাগিছিল। আজি আমাৰ চুৰাচান্দপুৰ, আমাৰ মণিপুৰ দেশখনৰ বাকী অংশৰ সৈতে একেলগে আগবাঢ়িছে।"
 
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে সমগ্ৰ দেশতে দৰিদ্ৰ লোকৰ বাবে পকী ঘৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে আৰু ইয়াৰ দ্বাৰা মণিপুৰেও লাভৱান হৈছে।
 
ইতিমধ্যে ইয়াত প্ৰায় ৬০ হাজাৰ ঘৰ নিৰ্মাণ কৰা হৈছে, যাৰ ফলত হাজাৰ হাজাৰ পৰিয়ালক মৰ্যাদা আৰু নিৰাপত্তা দিয়া হৈছে।’
 
"বিগত বছৰত ১৫ কোটিতকৈ অধিক দেশবাসীয়ে বিশুদ্ধ খোৱা পানীৰ সুবিধা লাভ কৰিছে। মণিপুৰত ৭-৮ বছৰ আগলৈকে মাত্ৰ ২৫-৩০ হাজাৰ ঘৰত পাইপৰ যোগেদি পানী আহিছিল। আজি ইয়াত ৩.৫ লাখতকৈ অধিক ঘৰে টেপৰ পৰা পানীৰ সুবিধা লাভ কৰিছে" এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।