আৱাজ দ্য ভইচ অসম ব্যুৰ'
মোহময়ী টেনিছ তাৰকা ছানিয়া মিৰ্জা খাদ্যৰসিক বুলি প্ৰায় সকলোৱে জানে। আকৰ্ষণীয় ক্ৰীড়াশৈলী, লয়লাস শাৰিৰীক ভংগীমাৰে বিশ্বৰ অগণন ক্ৰীড়া অনুৰাগীৰ হৃদয়ত স্থান দখল কৰা ছানিয়াই পুনৰবাৰ তেওঁৰ অনুৰাগীসকলক খাদ্যৰ প্ৰতি তেওঁৰ প্ৰেমৰ এক সুস্বাদু আভাস দিছে।
তেওঁৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টত টেনিছ তাৰকাগৰাকীয়ে নিজৰ শেহতীয়া ভ্ৰমণৰ মুহূৰ্তসমূহ শ্বেয়াৰ কৰিছে আৰু আশা কৰামতে তেওঁৰ এই ফটোসমূহৰ কেন্দ্ৰবিন্দু আছিল সুস্বাদু খাদ্য সম্ভাৰ। বিশেষকৈ তেওঁৰ এখন ফটোৱে ইণ্টাৰনেটত ব্যাপক চৰ্চা লাভ কৰিছে। এই ফটোখনত ছানিয়াই এখন বৃহৎ বেংগলী থালিৰ সন্মুখত পৰম আগ্ৰহেৰে বহি থকা দেখা গৈছে।
সুগন্ধি চাউল আৰু বাসন্তী পুলাওৰ পৰা আৰম্ভ কৰি চহকী মাটন তৰকাৰী আৰু আইকনিক ছ’ৰশ্বে ইলিছ (সৰিয়হৰ গ্ৰেভিত হিলছা) লৈকে, প্ৰতিটো খাদ্যই এই থালিত স্থান পাইছে। প্লেটখনত আছিল চিংৰি মালাইকাৰী (ক্ৰিমযুক্ত নাৰিকলৰ চাটনিত মিছামাছ), খৰখৰীয়া মাছৰ ভাজি, কোমল লুচী, গল্ডেন ফ্ৰাই বেঙেনা, মেৰিয়াই থোৱা মাছৰ পাতুৰি, দাইল, বিভিন্ন ধৰণৰ শাক-পাচলি, আৰু টেঙাৰ চাটনি।
এক অৰ্থত এয়া কেৱল খাদ্যসম্ভাৰে নাছিল— বংগৰ চহকী ৰন্ধন-প্ৰকৰণ ঐতিহ্যৰ প্ৰতিও ই আছিল এক মৰম আৰু সন্মান। ফটোখনত ছানিয়া মিৰ্জাই যেন বেংগলী থালিৰ সোৱাদ ল’বলৈ অত্যন্ত আগ্ৰহেৰে সাজু হৈ আছিল।
আন এটা হৃদয়স্পৰ্শী ফটোত ছানিয়া আৰু তেওঁৰ দলটোৱে মাটিৰ পাত্ৰত আম পান্নাৰ শীতল পানীয় সেৱন কৰিবলৈ সাজু হোৱা দেখা গৈছে। ইনষ্টাগ্ৰামৰ প'ষ্টটোৰ কেপচনৰ পৰা জানিব পৰা গৈছে যে, ছানিয়াই একাংশ সতীৰ্থৰ সৈতে সম্প্ৰতি এক অনুষ্ঠানৰ বাবে ডুবাইত আছে।
ভাল খাদ্যৰ পৰা আৰম্ভ কৰি ভাল সংগলৈকে, ছানিয়াৰ পোষ্টটোৱে ভ্ৰমণৰ ডায়েৰী, পৰ্দাৰ আঁৰৰ মুহূৰ্ত, আৰু প্ৰিয় খাদ্য সম্ভাৰসমূহক ফটোৰ মাধ্যমেৰে ধৰি ৰাখিছে। ছানিয়াৰ খাদ্যৰসিক মনোভাৱ ক্ৰীড়া দক্ষতাৰ দৰেই প্ৰেৰণাদায়ক।