জিকাৰ পৰা ইব’লা ভাইৰাছৰলৈ: ডাঃ মুমতাজৰ ভেকচিন গৱেষণাৰ ক্ষেত্ৰত নতুন অভিলেখ

Story by  atv | Posted by  Munni Begum • 7 h ago
ড০ মুমতাজ নায়াৰ
ড০ মুমতাজ নায়াৰ
 
অভিষেক কুমাৰ সিং
 
সপোন পূৰণ কৰাত আপোনাক কোনো কথাই বাধা দিব নোৱাৰে--ড০ মুমতাজ নায়াৰৰ জীৱনটো ইয়াক এক শক্তিশালী উদাহৰণ। কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু বিজ্ঞানৰ সাফল্যৰে ভৰি থকা তেওঁৰ জীৱন কাহিনীয়ে প্ৰতিজন ব্যক্তিকে সপোন দেখিবলৈ আৰু সপোন পূৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। 
 
ড০ মুমতাজ নায়াৰ হৈছে বিহাৰৰ দুৰ্গম জিলা কিষাণগঞ্জৰ এখন সৰু গাঁৱৰ বাসিন্দা। তেওঁৰ পৰিয়ালটোৱে নিজৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰিবলৈও সংগ্ৰাম কৰিবলগীয়া হৈছিল। কিন্তু বহুতো অসুবিধা আৰু প্ৰত্যাহ্বান সত্ত্বেও পৰিয়ালটোৱে মুমতাজৰ শিক্ষাক সমৰ্থন কৰাৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তই তেওঁলোকৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি পেলালে।
 
ড০ নায়াৰৰ বয়স যেতিয়া মাত্ৰ আঠ বছৰ, তেতিয়া তেওঁৰ পিতৃৰ মৃত্যু হয়, আৰু পৰিয়ালটো আৰ্থিক সমস্যাৰ সন্মুখীন হয়। তেওঁৰ মাতৃয়ে অতি কষ্টেৰে সন্তানক ডাঙৰ-দীঘল কৰিছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ জৈনুল আবেদিনেও পঢ়া-শুনা বাদ দি শ্ৰমিকৰ কাম আৰম্ভ কৰে যাতে তেওঁৰ সৰু ভায়েকসকলে স্কুললৈ যাব পাৰে।
 
ডাঃ মুমতাজ নায়াৰ
 
পৰিয়ালৰ দৃঢ় সংকল্প আৰু সহায়ৰ সৈতে ড০ নায়াৰে তেওঁৰ অধ্যয়ন অব্যাহত ৰাখিছিল। তেওঁৰ লগতে পৰিয়ালটোৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিছিল যেতিয়া তেওঁ ভেকচিন গৱেষণাত এক ডাঙৰ আৱিষ্কাৰ কৰিছিল। তেওঁৰ গৱেষণাত জিকা, ডেংগু, হেপাটাইটিছ চি, আৰু ইব'লা আদি ফ্লাভিভাইৰাছ সংক্রমণৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
 
উৎকৃষ্ট গৱেষণাৰ বাবে তেওঁ ইংলেণ্ডৰ ছাউথাম্পটন বিশ্ববিদ্যালয়ত এক সন্মানীয় postdoctoral research fellowship লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ গৱেষণাত সমগ্ৰ বিশ্বৰ জনস্বাস্থ্যৰ উন্নতিৰ বাবে বৃহৎ সম্ভাৱনা আছে। ড০ নায়াৰৰ জীৱনৰ প্ৰাৰম্ভিক সংগ্ৰামে তেওঁৰ অন্তৰ্দৃষ্টি গভীৰ কৰি তুলিছিল। 
 
নিজৰ গাঁৱত তেওঁ বহুতো শিশুক উপযুক্ত স্বাস্থ্যসেৱাৰ অভাৱত দুখ-কষ্টত ভোগা বা মৃত্যু হোৱা দেখিছিল। এই বেদনাদায়ক অভিজ্ঞতাই তেওঁক চিকিৎসক হ'বলৈ আৰু আনক সহায় কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।
 
ইয়াৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল আৰু কেইবাটাও মেডিকেল প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ বাছনি লাভ কৰা নাছিল। তেওঁ বিডিএছ আৰু বি ফাৰ্মাৰ দৰে পাঠ্যক্ৰমৰ বাবে যোগ্যতা অৰ্জন কৰিছিল, কিন্তু উচ্চ মাচুলৰ বাবে নামভৰ্তি কৰিব নোৱাৰিলে। তথাপিও তেওঁ হাৰ নামানিলে আৰু এটা সুলভ আৰু ব্যৱহাৰিক বিকল্প বাছি লয়। সেয়া হৈছে--দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াত নতুনকৈ প্ৰৱৰ্তন কৰা বিএছচি বায়'টেকন'লজী পাঠ্যক্ৰম। এই সিদ্ধান্তই তেওঁৰ জীৱন সলনি কৰিলে।
 
তেওঁ শীঘ্ৰে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয় আৰু কেন্দ্ৰীয় ৱাকফ ব'ৰ্ডৰ পৰা দুবছৰীয়া মেৰিট স্কলাৰশ্বিপ লাভ কৰে, যি তেওঁক আত্মবিশ্বাসেৰে অধ্যয়ন অব্যাহত ৰখাত সহায় কৰে। পিছত, তেওঁ জামিয়া হামদাৰ্ড বিশ্ববিদ্যালয়ত যোগদান কৰে আৰু ইয়াত শক্তিশালী শৈক্ষিক প্ৰদৰ্শনৰ সহায়ত তেওঁ তাছমিয়া মেৰিট স্কলাৰশ্বিপ অৰ্জন কৰিবলৈ সক্ষম হয়।
 
ডাঃ মুমতাজ নায়াৰ পৰীক্ষাগাৰত
 
কঠোৰ পৰিশ্ৰম আৰু সমৰ্পণৰ বাবে তেওঁক জৈৱ প্ৰযুক্তি বিভাগৰ অধীনস্থ ভাৰতৰ শীৰ্ষ গৱেষণা প্ৰতিষ্ঠান পুনেৰ ৰাষ্ট্ৰীয় কোষ বিজ্ঞান কেন্দ্ৰ (এনচিচিএছ) ত পিএইচডিৰ বাবে নিৰ্বাচিত কৰা হয়। এনচিচিএছত তেওঁ সন্মানীয় বিজ্ঞানী তথা শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰাপক ডাঃ ভাস্কৰ সাহাৰ নিৰ্দেশনাত গৱেষণা কৰিছিল।
 
তেওঁৰ গৱেষণাত শৰীৰৰ Natural killer cells-সমূহে ফ্লাভিভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেই বিষয়ে অধ্যয়ন কৰা হৈছিল। জিকা আৰু ডেংগুৰ দৰে মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ গৱেষণা আছিল। 
 
বৰ্তমান ড০ মুমতাজ নায়াৰে ব্ৰিটেইনৰ এটা আগশাৰীৰ ভেকচিন গৱেষণাগাৰত কাম কৰি আছে। জিকা, ডেংগু, হেপাটাইটিছ চি, আৰু ইব'লাকে ধৰি ফ্লাভিভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত তেওঁৰ শেহতীয়া আৱিষ্কাৰে আন্তৰ্জাতিক বৈজ্ঞানিক সমূদায়ৰ পৰা ব্যাপক মনোযোগ আকৰ্ষণ কৰিছে। তেওঁৰ গৱেষণাত শৰীৰৰ ৰোগ প্ৰতিৰোধী প্ৰণালীয়ে কোষৰ স্তৰত কেনেদৰে কাম কৰে আৰু প্ৰতিষেধকৰ জৰিয়তে ইয়াক কেনেদৰে উন্নত কৰিব পাৰি সেই বিষয়ে গুৰুত্ব দিয়া হয়।
 
তেওঁৰ দলৰ অগ্ৰগতিয়ে লাখ লাখ লোকক মাৰাত্মক ভাইৰেল ৰোগৰ পৰা ৰক্ষা কৰাৰ বাবে নতুন আশা প্ৰদান কৰিছে। কিন্তু ড০ নায়াৰ কেৱল এগৰাকী বিজ্ঞানী নহয়। তেওঁ এজন সামাজিকভাৱে সচেতন আৰু চিন্তাশীল ব্যক্তি। শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সমস্যাসমূহৰ বিষয়ে সততাৰে মত ব্যক্ত কৰিছিল। 
 
তেওঁ গ্ৰাম্য আৰু চহৰাঞ্চলৰ শিক্ষাৰ মাজত থকা বৃহৎ ব্যৱধানৰ কথা উল্লেখ কৰি কয়, "এই বৈষম্যৰ বাবে গাঁৱৰ বহু প্ৰতিভাৱান শিক্ষাৰ্থীয়ে কেতিয়াও বিকাশৰ সুযোগ নাপায়।" তেওঁ ভাৰতৰ মুছলমান সম্প্ৰদায়ৰ সন্মুখত থকা প্ৰত্যাহ্বানৰ বিষয়েও নিজৰ মতামত দাঙি ধৰে। তেওঁৰ মতে, শিক্ষাই প্ৰথম অগ্ৰাধিকাৰ পাব লাগে। "বহুতো দৰিদ্ৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক বিদ্যালয়ৰ পৰিৱৰ্তে কাম কৰিবলৈ পঠায়। মোৰ পিতৃ-মাতৃয়ে যদি সেইটো কৰিলেহেঁতেন, মই আজি হয়তো গেৰেজত কাম কৰি থাকিলোহেঁতেন", তেওঁ কয়।
 
ডাঃ মুমতাজ নায়াৰ
 
ড০ নায়াৰৰ মতে, ভাৰতৰ ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্যক দুৰ্বলতা হিচাপে নহয়, এক শক্তি হিচাপে গণ্য কৰা উচিত। "যদি আমি এই বৈচিত্ৰ্যক আদৰি লওঁ, আমি অধিক সৃজনীশীল আৰু ঐক্যবদ্ধ হ'ব পাৰিম", তেওঁ কয়। ড০ নায়াৰে যুৱক-যুৱতীসকলক জনগোষ্ঠীয় চিন্তাধাৰা আৰু ঘৃণাৰ পৰা আঁতৰি থাকিবলৈও পৰামৰ্শ দিয়ে। "কেৱল বৈজ্ঞানিক চিন্তাধাৰা আৰু যুক্তিসংগত ধাৰণাইহে প্ৰকৃত প্ৰগতি সাধন কৰিব পাৰে", তেওঁ লগতে কয়।
 
ভৱিষ্যতলৈ ড০ নায়াৰে ভাৰতলৈ উভতি আহি ভেকচিন গৱেষণা আৰু স্বাস্থ্য শিক্ষা উভয়তে বৰঙণি আগবঢ়াই গ্ৰামাঞ্চলত কাম কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ ভাৰতক এনে এখন দেশ হিচাপে গঢ়ি তুলিব বিচাৰে য'ত উদ্ভাৱনৰ ক্ষেত্ৰত নেতৃত্ব দিয়া হয় আৰু কেৱল অন্যৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰযুক্তি ব্যৱহাৰ কৰা নহয়।
 
বিহাৰৰ এখন সৰু, সংগ্ৰামী গাঁৱৰ পৰা বৈশ্বিক চিকিৎসা বিজ্ঞানৰ প্ৰথম শাৰীত উপনীত হোৱা নায়াৰৰ যাত্ৰা হৈছে আশা, শক্তি আৰু উদ্দেশ্যৰ এক শক্তিশালী কাহিনী। তেওঁ প্ৰমাণ কৰিছে যে কঠোৰ পৰিশ্ৰম, সমৰ্থন আৰু বিশ্বাসৰ দ্বাৰা যিকোনো ব্যক্তিয়ে দৰিদ্ৰতা আৰু বৈষম্যৰ পৰা মুক্ত হ'ব পাৰে।
 
আজি তেওঁ কেৱল এগৰাকী সন্মানীয় বিজ্ঞানী নহয়, বৰঞ্চ তেওঁ ন্যায়, সজাগতা আৰু ইতিবাচক পৰিৱৰ্তনৰ কণ্ঠস্বৰ। তেওঁৰ জীৱনটোৱে আমাক শিকাইছে যে যদি আমি সপোনবোৰ অনুসৰণ কৰিবলৈ সাহস কৰো, তেন্তে সেই সপোনবোৰ বাস্তৱত পৰিণত হ'বই।