মুছলমান লোকে নিৰ্মাণ কৰা লোৰ ৰথত যাত্ৰা কৰিব ভগৱান জগন্নাথে

Story by  atv | Posted by  Munni Begum • 5 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
জাভেদ আখতাৰ/কলকাতা 
 
যিসময়ত সমগ্ৰ দেশতে ধৰ্মৰ নামত মেৰুকৰণ এক সাধাৰণ কথা হৈ পৰিছে, সেই সময়ত পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ ফাৰখা গাঁৱত হিন্দু-মুছলমান ঐক্যৰ এক প্ৰেৰণাদায়ক নিদৰ্শন পৰিলক্ষিত হৈছে। চলিত বৰ্ষৰ ২৭ জুনত ওলিয়াবলগীয়া ভগৱান জগন্নাথৰ ৰথযাত্ৰা এইবাৰ লোৰ ৰথত উলিওৱা হব। যিখন ৰথ প্ৰস্তুত কৰিছে তিনিজন মুছলমান যুৱক মাৰ্চেলিন শ্বেখ, অসীম খান আৰু আমিৰ আল শ্বেখে।          
 
এই দৃশ্য কেৱল ধৰ্মীয় অনুষ্ঠানৰে নহয়, বৰঞ্চ ভাৰতৰ গংগা-জামুনি তেহজীবৰ এক জীৱন্ত ছবি। যিয়ে ধৰ্মৰ দেৱালতকৈ হৃদয়ৰ সম্পৰ্ক বহুত বেছি শক্তিশালী বুলি ব্যাখ্যা কৰি আহিছে। 
 
ফাৰখা ব্লকৰ নিশিন্দ্ৰ ঠাকুৰ গাঁৱত ৰথযাত্ৰাৰ পৰম্পৰা হৈছে বছৰ বছৰ পুৰণি এক প্ৰথা। কিন্তু এই অনুষ্ঠান কিছুদিনৰ পৰা বন্ধ হৈ আছিল। কিন্তু যোৱা বছৰৰ পৰা পুনৰ এই যাত্ৰা আৰম্ভ কৰা হৈছে। আৰু এইবাৰ গাঁওবাসীয়ে সিদ্ধান্ত লৈছে যে, ভগৱান জগন্নাথ লোৰে নিৰ্মিত ৰথত যাত্ৰা কৰিব।  
 
প্ৰতিনিধিত্বমূলক ছবি
 
ৰথ নিৰ্মাণৰ দায়িত্ব শিক্ষয়ত্ৰী তনুশ্ৰী মিশ্ৰক দিয়া হৈছিল। তেওঁ গাঁৱৰ বহু হিন্দুলোকৰ দোকানৰ সৈতে যোগাযোগ কৰিছিল। কিন্তু কোনেও ৰথখন নিৰ্মাণৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা নাছিল। এনে অৱস্থাত তেওঁলোকে মাৰ্চেলিন শ্বেখৰ গ্ৰীল ৱেল্ডিং দোকানলৈ গৈছিল।
 
মাৰ্চেলিনে অসীম খান আৰু আমিৰ আল শ্বেখৰ সৈতে মিলি মাত্ৰ ডেৰ-দুই দিনতে ৫৫ কেজি লোৰে নিৰ্মিত ৬ ফুট ওখ আৰু ডেৰ-দুই ফুট দীঘল এখন ৰথ নিৰ্মাণ কৰি দিছিল। এই ৰথখন কেৱল ধৰ্মীয় প্ৰতীক নহয়, বৰঞ্চ ই ভাৰতীয় সমাজৰ এক সুন্দৰ পৰম্পৰা, য’ত ধৰ্মতকৈ প্ৰথমে মানৱতা আৰু ভাতৃত্ববোধক প্ৰধান্য দিয়া হয়।     
 
মাৰ্চেলিনে কয় যে, আমি সকলোৱে সদায়ে ইজনে সিজনৰ উৎসৱত অংশগ্ৰহণ কৰি আহিছো। এই ৰথখন কেৱল ভগৱান জগন্নাথৰ ৰথ নহয় বৰং ই আমাৰ ভাগ-বতৰা কৰা সংস্কৃতি আৰু প্ৰেমৰ এক প্ৰতীক হয়। 
 
অসীম আৰু আমিৰেও কয় যে, ঈদ হওঁক বা দুৰ্গা পূজা হওঁক, মহৰম হওঁক বা দীপাৱলীয়ে হওঁক, সকলো উৎসৱ গাঁৱত একেলগে উদযাপন কৰা হয়। 
 
এই অনুষ্ঠানৰ সমন্বয়ক তনুশ্ৰী মিশ্ৰই আৱেগিক হৈ কয়, "যেতিয়া কোনো হিন্দু ভাতৃয়ে ৰথখন নিৰ্মান কৰিবলৈ প্ৰস্তুত নাছিল, তেতিয়া এইসকল মুছলমান ভাতৃয়ে অন্তৰেৰে এই ৰথখন  নিৰ্মান কৰি উলিয়াইছিল। মোৰ এনে লাগিছে যে ভগৱানে নিজেই বিচাৰিছে যে, তেওঁৰ ৰথখন মুছলমান ভাইসকলৰ হাতেৰে নিৰ্মান হওঁক।"  
 
প্ৰতিনিধিত্বমূলক ছবি
 
গাঁৱৰ মানুহে কয় যে, ইয়াত প্ৰতিটো ধৰ্মৰ প্ৰতিটো উৎসৱে পাৰস্পৰিক সহযোগিতাৰ মাজেৰে অনুষ্ঠিত কৰা হয়। এই পৰিৱেশ কোনো ৰাজনৈতিক প্ৰচাৰৰ ফলত গঢ়ি উঠা নহয়, বৰঞ্চ ই হৃদয়ৰ কঠোৰ পৰিশ্ৰম আৰু পাৰস্পৰিক সন্মানৰ ফলত গঢ়ি উঠিছে। 
 
ভাৰতৰ অন্যতম প্ৰধান ধৰ্মীয় উৎসৱ হৈছে ৰথযাত্ৰা। ইয়াৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান পুৰী আৰু উৰিষ্যাত আয়োজন কৰা হয়। এইবাৰ ২৭ জুন শুকুৰবাৰে এই উৎসৱ পালন কৰা হ’ব আৰু কলকাতাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰথৰ ৰছী টানি অনুষ্ঠানৰ উদ্বোধন কৰিব।   
 
ফাৰখা গাঁৱৰ এই কাৰ্যই প্ৰমাণ কৰিছে যে, আজিও ভাৰতৰ আত্মা জীয়াই আছে। গংগা-জামুনি তেহজীব কেৱল কিতাপতেই নহয়, এতিয়াও গাঁৱৰ ৰাজপথত, সম্পৰ্ক আৰু আচাৰ-ব্যৱহাৰত অন্তৰ্নিহিত হৈ আছে।   
 
যিসময়ত ৰাজনৈতিক শক্তিয়ে সমাজখনক বিভাজিত কৰিবলৈ চেষ্টা কৰি আছে, সেই সময়ত এই সৰু গাঁওখনে প্ৰেম, অংশগ্ৰহণ আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন হৈ সমগ্ৰ দেশৰ পথ প্ৰদৰ্শন কৰি আহিছে। এইখনে হৈছে প্ৰকৃত ভাৰত। যিখন ভাৰতত ঘৃণাৰ নহয় প্ৰেমৰ বীজ সিঁচা হয়।