সংঘৰ্ষৰ পৰা কেমেৰালৈঃ বীৰ সৈনিক সকলক সন্মান জনাবলৈ ছুহাইল ছৈয়দ ল'নৰ অভিনৱ কলাত্মক প্ৰয়াস

Story by  atv | Posted by  Munni Begum • 1 Months ago
ছুহাইল ছৈয়দ ল'ন
ছুহাইল ছৈয়দ ল'ন
 
ডানিছ আলী
 
বলীউডৰ উজ্জ্বলতা আৰু আকৰ্ষণৰ মাজত এজন ব্যক্তিয়ে ভিন্নশৈলীৰ কাহিনীৰে এক সুকীয়া স্থান দখল কৰিছে। তেওঁৰ নাম হৈছে ছুহাইল ছৈয়দ ল'ন। তেওঁৰ কাহিনীসমূহ যন্ত্ৰণা, দেশপ্রেম আৰু উদ্দেশ্যৰ ওপৰত আধাৰিত। 
 
উত্তৰ কাশ্মীৰৰ সংঘৰ্ষ-জৰ্জৰ বান্দিপোৰাত জন্মগ্ৰহণ কৰা ছুহাইলে এজন মানসিকভাৱে আঘাতপ্ৰাপ্ত কিশোৰৰ পৰা বলীউডৰ এজন প্ৰতিশ্ৰুতিসম্পন্ন প্ৰযোজক আৰু অভিনেতা হোৱাটো কেৱল প্ৰেৰণাদায়কে নহয়, এয়া এক দৃঢ়তা আৰু সংকল্পৰো শক্তিশালী প্ৰতীক। 
 
অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে ছুহাইল ছৈয়দ
 
ছুহাইলৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত আহিছিল ১৯৯৪ চনত, যেতিয়া তেওঁৰ পিতৃক ভাৰতীয় সেনাক সহায় কৰাৰ অপৰাধত হিজবুল মুজাহিদিনৰ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিছিল। ছুহাইল ছৈয়দ ল'নৰ পৰিয়ালটোৱে হতাশা, অপমান আৰু ভাবুকিৰ সৈতে চাৰিটা যন্ত্ৰণাদায়ক দিনৰ সন্মুখীন হৈছিল। সন্ত্ৰাসবাদীয়ে মুক্তিপণ দাবী কৰিছিল আৰু ঘৰৰ মহিলাসকলৰ সন্মান হানিৰো ভাবুকি প্ৰদান কৰিছিল। 
 
"এয়া এনে এক অভিজ্ঞতা আছিল যাক আমি কেতিয়াও পাহৰিব নোৱাৰো। এয়া কেৱল মোৰ পিতৃৰ জীৱনৰ কথা নাছিল। ই কাশ্মীৰৰ পৰিস্থিতি আৰু সন্ত্ৰাসবাদৰ স্বৰূপো উন্মোচিত কৰে। সন্ত্ৰাসে মানুহৰ কেৱল প্ৰাণ লোৱাই নহয়, ই আত্মাকো ভাঙি পেলায়।"-ছুহাইলে কয়। 
 
যদিও তেওঁৰ পিতৃ সন্ত্ৰাসবাদীৰ শিবিৰৰ পৰা অৱশেষত ঘূৰি আহিছিল, কিন্তু তেওঁক বেয়াকৈ আঘাত কৰা হৈছিল। এই ঘটনাই ছুহাইলৰ মনত চিৰদিনৰ বাবে আঘাত দিছিল। কিন্তু ক্ষোভ বা ভয়ৰ ওচৰত হাৰ মনাৰ পৰিৱৰ্তে ছুহাইলে তেওঁৰ আঘাতক এটা ডাঙৰ উদ্দেশ্যৰ বাবে ইন্ধনলৈ ৰূপান্তৰিত কৰিলে। 
 
অভিনেতা অনুপম খেৰৰ সৈতে ছুহাইল ছৈয়দ
 
বৰ্তমান মুম্বাইত বাস কৰা ছুহাইল তাহা ফিল্ম ইণ্টাৰনেচনেল (Taha Film International)ৰ সৈতে জড়িত হৈ আছে, য'ত তেওঁ নিজৰ সৃষ্টিশীল প্ৰতিভাক এনে কিছু প্ৰকল্পত ব্যৱহাৰ কৰে, য'ত অখ্যাত সশস্ত্ৰ বাহিনীৰ অখ্যাত বীৰসকলক বিশেষভাৱে সন্মান জনোৱা হয়।  তেওঁৰ এটা মূল প্ৰকল্প 'দ্য আপ ফাইলছ' হৈছে সামৰিক জীৱনৰ এক সুষম, মানৱীয় চিত্ৰৰ প্ৰদৰ্শন কৰাৰ এক কলাত্মক প্ৰচেষ্টা। 
 
"এই ধাৰণাটো যুদ্ধক মহিমামণ্ডিত কৰা নহয়, বৰং সেনাৰ আত্মবলিদানক সন্মানিত কৰাহে। আমাৰ সৈনিকসকলো মানুহ, তেওঁলোকৰ পৰিয়াল আছে, সপোন আছে আৰু মৃত্যু ভয় আছে। তেওঁলোকৰ কাহিনীসমূহে পৰ্দাত স্থান পাব লাগে", তেওঁ ব্যাখ্যা কৰে। 
 
উল্লেখ্য যে, চলচ্চিত্ৰ জগতলৈ ছুহাইলৰ অৱদান নগণ্য নহয়। এই বছৰ মুম্বাইৰ চিনে আৰু টিভি এডি প্ৰডাকশ্যন এক্সিকিউটিভ গীল্ডৰ দ্বাৰা সন্মানিত প্ৰসিদ্ধ গোল্ডেন গবিল বঁটা লাভ কৰা প্ৰথমজন কাশ্মীৰি হিচাপে ছুহাইল পৰিগণিত হয়। এই বঁটাত তেওঁৰ স্বকীয় কণ্ঠ আৰু চলচ্চিত্ৰক আৰোগ্য আৰু ৰাষ্ট্ৰীয় সংহতিৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ সাহসী প্ৰয়াসক স্বীকৃতি দিয়া হৈছে।
 
এক চিনেমাৰ দৃশ্যত ছুহাইল ছৈয়দ
 
ছুহাইলে কেৱল কেমেৰাৰ পিছফালে কাম কৰা নাই, তেওঁ অভিনয়ো আৰম্ভ কৰিছে। জম্মু আৰু কাশ্মীৰৰ মনোমোহা দৃশ্যত শ্বুটিং কৰা তেওঁৰ শেহতীয়া ইংৰাজী ছবি 'এ মিলিয়ন ডলাৰ টুৰিষ্ট' (A Million Dollar Tourist)ত তেওঁ আন্তঃৰাষ্ট্ৰীয় অভিনেতা-অভিনেত্ৰীৰ সৈতে অভিনয় কৰিছে। 
 
এই ছবিখনে তেওঁৰ অভিনয় প্ৰতিভা আৰু কাশ্মীৰক বিশ্ব চলচ্চিত্ৰ জগতলৈ লৈ যোৱাৰ সপোনৰ কথা আলোকপাত কৰে। এই মুহূৰ্তত ছুহাইলে কাশ্মীৰৰ বিশেষ বিদ্ৰোহী-বিৰোধী বাহিনী ৰাষ্ট্রীয় ৰাইফলছ (Rashtriya Rifles)ৰ বিষয়ে এটা আবেগিক প্ৰকল্পত কাম কৰি আছে।
 
"শান্তি আনিবলৈ আৰু মানুহক সুৰক্ষা দিবলৈ তেওঁলোকৰ প্ৰচেষ্টা অতিশয় গুৰুত্বপূৰ্ণ। কিন্তু প্ৰায়েই সেইবোৰ ডাঙৰ কাহিনীবোৰৰ বাহিৰত ৰৈ যায়। মই সেইটো সলনি কৰিব বিচাৰো।"-তেওঁ কয়। 
 
ছুহাইলৰ কাম কেৱল চলচ্চিত্ৰ নিৰ্মাণ কৰাই নহয়-ই ঘা নিৰাময় কৰা, ধাৰণা সলনি কৰা আৰু গুৰুত্বপূৰ্ণ বাস্তৱ কাহিনী বৰ্ণনা কৰা। তেওঁ কাশ্মীৰৰ বিষয়ে জনসাধাৰণে কি ভাবে আৰু তাত প্ৰকৃততে কি অনুভৱ হয় তাৰ মাজত থকা ব্যৱধান দূৰ কৰিবলৈ বিচাৰিছে। 
 
দ্য গ্ৰেট কপিল শৰ্মা শ্ব'ত ষ্টেণ্ডআপ কমেডিয়ান কপিল শৰ্মাৰ সৈতে ছুহাইল ছৈয়দ
 
ছুহাইলে মুম্বাইত কাম কৰে যদিও তেওঁৰ হৃদয় এতিয়াও কাশ্মীৰত আছে। তেওঁ নিজকে দীৰ্ঘদিন ধৰি অৱহেলিত বা ভুলকৈ বুজি পোৱা সত্যৰ কাহিনীকাৰ বুলি অভিহিত কৰে। নিজৰ চলচ্চিত্ৰৰ জৰিয়তে তেওঁ বিশ্বক কাশ্মীৰী জনসাধাৰণৰ সন্মান, ত্যাগ আৰু শক্তি দেখুৱাবলৈ বিচাৰে। তেওঁ কাশ্মীৰী যুৱক-যুৱতীসকলক হিংসাৰ পৰিৱৰ্তে সৃজনশীলতা বাছনি কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলিও আশা প্ৰকাশ কৰে। 
 
ছুহাইলে কয়, "মই বিচাৰো যে বন্দুকৰ দ্বাৰা ভৱিষ্যৎ নিৰ্ধাৰণ কৰা এই ঠাইত কাহিনীবোৰ সত্য, সহানুভূতি আৰু পৰিৱৰ্তনৰ নতুন অস্ত্ৰ হওক।"
 
ছুহাইল ছৈয়দ ল'নে দেখুৱাইছে যে কেনেকৈ বেদনাক উদ্দেশ্যলৈ ৰূপান্তৰিত কৰিব পাৰি। বান্দিপোৰাৰ সংকীৰ্ণ পথৰ পৰা মুম্বাইৰ চলচ্চিত্ৰ ষ্টুডিঅ'লৈকে তেওঁ স্মৃতিৰ বোজা আৰু শান্তিৰ সপোন দুয়োটাই বহন কৰে।