কেম্ব্রিজ ইণ্টাৰনেচনেলৰ ষ্ট্ৰেটেজিক হায়াৰ এডুকেশ্বনৰ এডভাইছ'ৰী কাউঞ্চিলৰ সদস্য হিচাপে মনোনীত ড০ উপাসনা মহন্ত
স্বপ্না দাস
প্ৰথমগৰাকী ভাৰতীয় হিচাপে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ এগৰাকী অসম নন্দিনী উজলি উঠিছে। তেওঁ ড° উপাসনা মহন্ত। শিৱসাগৰ নিবাসী শিক্ষাবিদ, প্ৰাক্তন অধ্যাপক প্ৰয়াত শৰৎ মহন্ত আৰু মীনা মহন্তৰ দুহিতা ড° উপাসনা মহন্তই প্ৰথম ভাৰতীয় হিচাপে বিশ্ববিখ্যাত কেম্ব্রিজ ইণ্টাৰনেচনেলৰ ষ্ট্ৰেটেজিক হায়াৰ এডুকেশ্বনৰ এডভাইছ'ৰী কাউঞ্চিলৰ সদস্য হিচাপে শেহতীয়াকৈ মনোনীত হৈছে।
এই মনোনয়নৰ লগে লগে এইক্ষেত্ৰত প্ৰথমগৰাকী ভাৰতীয় হিচাপে নাম লিখা থাকিব অসমৰ নন্দিনী ড° উপাসনা মহন্তৰ। অভিনন্দন ড° উপাসনা মহন্ত। আপোনাক লৈ আজি আমি সমগ্ৰ অসমবাসী গৌৰৱান্বিত।
প্ৰথম ভাৰতীয় হিচাপে অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে উপাসনা মহন্তৰ এই অনন্য কৃতিত্বৰ সময়ত আন দুটা কথা বিশেষভাৱে উল্লেখনীয়। সেয়া হ'ল ইংৰাজী মাধ্যমৰ বিদ্যালয় বনাম অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় বনাম চৰকাৰী খণ্ডৰ বিদ্যালয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়িছে।
তদুপৰি ব্যক্তিগত খণ্ডৰ বা ইংৰাজী মাধ্যমৰ বিদ্যালয়ত সন্তানৰ পঢ়ুওৱাৰ প্ৰতি অভিভাৱকৰ আগ্ৰহ আৰু ইখনৰ পাছত সিখনকৈ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় বন্ধ বা একত্ৰিতকৃত হৈ থকাৰ সময়তে কিন্তু চৰকাৰী খণ্ডৰ আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিও যে কোনো ছাত্ৰ-ছাত্ৰীয়ে ইপ্সিত লক্ষ্যত উপনীত হোৱাৰ লগতে দেশৰ নামো উজলাই তুলিব পাৰে তাৰে বাস্তৱ উদাহৰণ শিৱসাগৰৰ সুযোগ্য সন্তান ড° উপাসনা মহন্ত।
ড০ উপাসনা মহন্ত
কেৱল উপাসনা মহন্তই নহয়, তেওঁৰ দুই ককায়েকেও ইতিমধ্যে আত্মপ্ৰতিষ্ঠা লাভ কৰিছে। গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ, লেখক ড° সব্যসাচী মহন্ত আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত, লেখক, চিনেকৰ্মী পাৰ্থসাৰথি মহন্তৰ কণিষ্ঠ ভগ্নী ড° উপাসনা মহন্তয়ো অসমীয়া মাধ্যমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলাৰ পাছত তেওঁৰ অধ্যয়নপিপাসু মনৰ সহায়ত জীৱনৰ লক্ষ্য দিঠক কৰিবলৈ অহোপুৰুষাৰ্থ কৰি বিভিন্ন সফলতা লাভ কৰাৰ উপৰি অৱশেষত শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়।
বিশ্ববিখ্যাত কেম্ব্রিজ ইণ্টাৰনেচনেলৰ ষ্ট্ৰেটেজিক হায়াৰ এডুকেশ্বনৰ এডভাইছ'ৰী কাউঞ্চিলৰ সদস্য মনোনীত প্ৰথম ভাৰতীয় হোৱাৰ সৌভাগ্য হোৱা উপাসনা মহন্ত নামৰ শিৱসাগৰ নিবাসী শিক্ষাবিদ, প্ৰাক্তন অধ্যাপক প্ৰয়াত শৰৎ মহন্ত আৰু মীনা মহন্তৰ কণিষ্ঠা কন্যাগৰাকীয়ে শিৱসাগৰ জিলাৰ জয়সাগৰ নিম্ন বুনিয়াদী অভ্যসন বিদ্যালয়ত প্রাথমিক শিক্ষা আৰম্ভ কৰিছিল।
তাৰ পাছত শিৱসাগৰৰে ৰংপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰি উপাসনা মহন্তই দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ মিৰাণ্ডা হাউছৰ পৰা স্নাতক পৰীক্ষাত ৰাজনীতি বিজ্ঞান বিষয়ত অনার্চসহ উত্তীৰ্ণ হয়। হিন্দু কলেজৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পন্ন কৰা মহন্তই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্কুল অফ ইণ্টাৰনেচনেল ষ্টাডিজৰ পৰা এম.ফিল আৰু কানাডাৰ ইউনিভাৰ্ছিটি অফ ব্ৰিটিছ কলম্বিয়াৰ চেণ্টাৰ ফৰ উইমেন এণ্ড জেণ্ডাৰ ষ্টাডিজৰ পৰা শাস্ত্রী ডক্টৰেল ফেল' লাভ কৰে। তাৰ পাছত তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্কুল অফ ইণ্টাৰনেচনেল ষ্টাডিজৰ পৰা পিএইচডি ডিগ্রীও লাভ কৰে।
কেম্ব্রিজ ইণ্টাৰনেচনেলৰ ষ্ট্ৰেটেজিক হায়াৰ এডুকেশ্বনৰ এডভাইছ'ৰী কাউঞ্চিলৰ সদস্য মনোনীত হোৱা ড° উপাসনা মহন্ত নামভৰ্তি আৰু আউটৰিচ প্ৰক্ৰিয়াৰ ডীন হিচাপে অ' পি জিন্দাল গ্ল'বেল ইউনিভাৰ্ছিটিত কৰ্মৰত হোৱাৰ উপৰি তেওঁ একেখন বিশ্ববিদ্যালয়ৰ অধীনস্থ জিন্দাল গ্ল'বেল আইন বিদ্যালয়ত অধ্যাপনাও কৰি আছে। ছাত্ৰাৱস্থাৰ পৰাই মেধাৰ পৰিচয় দিয়া উপাসনা মহন্তই কৰ্মজীৱনতো পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে।
অসমলৈ গৌৰৱ কঢ়িয়াই অনা ড০ উপাসনা মহন্ত
অ’ পি জিন্দাল গ্ল’বেল ইউনিভাৰ্ছিটি (অ’ পি জে জি ইউ)ৰ নামভৰ্তি আৰু আউটৰিচৰ ডীন হিচাপে তেওঁ বিশ্ববিদ্যালয়খনৰ নামভৰ্তিক অধিক সুলভ কৰি তোলাৰ পদক্ষেপৰ নেতৃত্ব দিয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাক অগ্ৰাধিকাৰ দি আহিছে আৰু বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় ব্যৱস্থালৈ মসৃণ পৰিৱৰ্তন নিশ্চিত কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰদক্ষেপ গ্ৰহণ কৰিছিল।
ইয়াৰ উপৰি জিন্দাল গ্ল’বেল আইন বিদ্যালয়ৰ অধ্যাপিকা হিচাপেও তেওঁ ৰাজনীতি বিজ্ঞান, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, লিংগবৈষম্য আৰু গৱেষণা পদ্ধতিৰ পাঠ্যক্ৰমৰ প্ৰিয় অধ্যাপিকা হিচাপে ছাত্ৰ-ছাত্ৰীৰ মন মুহিবলৈ সক্ষম হৈছে। উচ্চ শিক্ষা, গৱেষণা আৰু প্ৰশাসনৰ ক্ষেত্ৰত বিস্তৃত অভিজ্ঞতাসম্পন্ন ড° মহন্তই উদীয়মান ৰাজনৈতিক প্ৰতিষ্ঠানসমূহৰ মহিলা, লিংগভিত্তিক বৈষম্যৰ সমাপ্তি, নিৰাপত্তা প্ৰেক্ষাপটত মহিলা বিষয়ত বিভিন্ন ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা দেখা গৈছে।
বিভিন্ন আলোচনীত প্ৰবন্ধ, কিতাপৰ অধ্যায়, গ্ৰন্থ আদি ৰচনাৰ লগতো জড়িত ড০ উপাসনা মহন্ত মুম্বাইৰ টাটা ইনষ্টিটিউট অফ ছ’চিয়েল চাইন্সেছৰ চেণ্টাৰ ফৰ উইমেন’ছ ষ্টাডিজৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল। অ’ পি জিন্দাল গ্ল’বেল ইউনিভাৰ্ছিটিৰ সাংস্কৃতিক সংযোগৰ কাৰ্যালয়ৰ সঞ্চালিকা, জ্যেষ্ঠ অতিৰিক্ত পঞ্জীয়ক আদিৰ দায়িত্বও তেওঁ সূচাৰুৰূপে পালন কৰিছে।
প্ৰথমগৰাকী ভাৰতীয় হিচাপে বিশ্ববিখ্যাত কেম্ব্রিজ ইণ্টাৰনেচনেলৰ ষ্ট্ৰেটেজিক হায়াৰ এডুকেশ্বনৰ এডভাইছ'ৰী কাউঞ্চিলৰ সদস্য মনোনীত শিৱসাগৰৰ সুযোগ্য সন্তান ড° উপাসনা মহন্ত অসমৰ এগৰাকী গৌৰৱ।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)