বাংলাদেশৰ ঢাকাত হেৰাই যোৱা এগৰাকী আহোম ৰাজকুমাৰীৰ সন্ধান অব্যাহত

Story by  Daulat Rahman | Posted by   Imtiaz Ahmed • 1 Years ago
বাংলাদেশৰ লেখক আৰু ঔপন্যাসিক ডঃ আব্দুন নুৰ; (সোঁফালে) তেওঁৰ উপন্যাস বিচোলিটো সময় য'ত তেওঁ ৰমণী গাভাৰুৰ বিষয়ে উল্লেখ কৰিছে
বাংলাদেশৰ লেখক আৰু ঔপন্যাসিক ডঃ আব্দুন নুৰ; (সোঁফালে) তেওঁৰ উপন্যাস বিচোলিটো সময় য'ত তেওঁ ৰমণী গাভাৰুৰ বিষয়ে উল্লেখ কৰিছে
 
দৌলত ৰহমান / গুৱাহাটী

প্ৰায় ৬০০ বছৰ ধৰি অসমত শাসন চলোৱা আহোম সাম্ৰাজ্যৰ এগৰাকী হেৰাই যোৱা ৰাজকুমাৰীৰ সন্ধান এতিয়াও অব্যাহত ৰাখিছে বাংলাদেশৰ এগৰাকী বিখ্যাত অৰ্থনীতিবিদ, লেখক তথা ঔপন্যাসিক ড০ আবদুন নূৰে। ২০০৭ চনত ড০ নূৰে তেওঁৰ 'বিচলিত সময়' শীৰ্ষক উপন্যাসখনত মোগল ৰজা ঔৰংজেবৰ তৃতীয় পুত্ৰ মহম্মদ আজম শ্বাহৰ সৈতে বিবাহপাশত আবদ্ধ হৈ বাংলাদেশৰ ঢাকালৈ যাত্ৰা কৰা ৰাজকুমাৰীৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰিছে।  

বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা ড° নূৰে বৰ্তমান অসম ভ্ৰমণ কৰি হেৰাই যোৱা আহোম ৰাজকুমাৰীগৰাকীৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে। এইগৰাকী সুন্দৰী ৰাজকুমাৰীৰ জীৱনৰ অন্তিম সময়ছোৱাক লৈ আহোম আৰু মোগলৰ ইতিহাস কিয় নিমাত হৈ আছে বুলি  ড০ নুৰে আশ্বৰ্য প্ৰকাশ কৰে।

শেহতীয়াকৈ গুৱাহাটীত 'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত ড° নূৰে কয় যে এই হেৰাই যোৱা ৰাজকুমাৰী গৰাকী হ'ল আহোম ৰজা জয়ধজ সিংহৰ (১৬৪৮-১৬৬৩) একমাত্ৰ কন্যা ৰমণী গাভৰু। 
 

এখন নাটকত ৰমণী গাভাৰুৰ এটা প্ৰতিনিধিত্বমূলক ভূমিকা চিত্ৰণ
 
ড০ নুৰে কয় যে যিহেতু ৰজা জয়ধজ সিংহৰ কোনো পুত্ৰ নাছিল, সেয়ে তেওঁ নিজৰ কন্যা ৰমণী গাভৰুক ৰাজ্যৰ উত্তৰাধিকাৰী বা শাসক হিচাপে দায়িত্ব দিবলৈ ৰাজ অভিষেকৰ আয়োজন কৰিব বিচাৰিছিল। ইয়াৰ অৰ্থ হ'ল যে জয়ধজ সিংহৰ পিছত ৰমণী গাভৰু আহোম সাম্ৰাজ্যৰ ৰজা(ৰাণী নহয় ৰজাহে) হ'লহেতেন।   

ডঃ নুৰে কয় "ৰজা জয়ধজ সিংহৰ এই সিদ্ধান্তই আহোম বংশৰ যুগ যুগ ধৰি চলি অহা পৰম্পৰা উলংঘা কৰিছিল। কাৰণ আহোমৰ পৰম্পৰা অনুসৰি, কেৱল পুত্রকহে ৰজা বা উত্তৰাধিকাৰী নিযুক্ত কৰা হৈছিল।"

ড° নূৰৰ মতে, ১৬৫৯ চনত মোগল সম্ৰাট ঔৰংজেবে বংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া মিৰ জুমলাই ১৬৬২ চনত বিশাল সেনাবাহিনীৰ নেতৃত্ব লৈ অসম আক্ৰমণ কৰিছিল। সেই সময়ত ৰমণী গাভৰুৰ বয়স আছিল প্ৰায় ৯ বছৰ আৰু তেতিয়া আহোম ৰজা জয়ধজ সিংহই মুক্তিপণ হিচাপে ৰমণী গাভৰুক মিৰ জুমলাৰ সৈন্যৰ হাতত গতাই দিবলৈ বাধ্য হৈছিল। মিৰ জুমলাৰ সৈতে ৰমণী গাভৰুৱে প্ৰথমে ঢাকা আৰু তাৰ পিছত দিল্লীলৈ গৈছিল। দিল্লীত তেওঁ ১০ বছৰ কটায় আৰু অৱশেষত ঔৰংজেবৰ তৃতীয় পুত্ৰ মহম্মদ আজম শ্বাহৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৰমণী গাভৰুয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেওঁক ৰহমত বানু নামেৰে জনা গৈছিল। ১৬৭৮ চনত স্বামী মহম্মদ আজম শ্বাহক মোগল প্ৰাদেশিক প্ৰশাসনৰ মুৰব্বী চুবেদাৰ হিচাপে ঢাকালৈ প্ৰেৰণ কৰাৰ সময়ত ৰহমত বানুও তেওঁৰ লগত গৈছিল।
 
লালবাগ দুৰ্গ
 
"আমোদজনক কথাটো হ'ল আজম শ্বাহৰ আৰু দুগৰাকী পত্নী আছিল। ঢাকাৰ চুবেদাৰ হিচাপে নিযুক্তি পোৱাৰ ১৫ মাহৰ পিছত তেওঁ ঢাকা এৰি দিল্লীলৈ উভতি গৈছিল। ৰহমত বানু বা ৰমণী গাভৰুৰ বাদে আজম শ্বাহৰ আন দুগৰাকী পত্নীও ঢাকা এৰি দিল্লীলৈ উভতি আহিছিল। মই শুনিছিলো যে অজম শ্বাহে যেতিয়া ঢাকা এৰি দিল্লীলৈ ৰাওনা হৈছিল তেতিয়া ৰমণী গাভৰু গৰ্ভৱতী আছিল। পিছলৈ তেওঁ ঢাকাতে এটি পুত্ৰ সন্তান জন্ম দিয়ে। মই জানিব পৰা মতে ৰমণী  গাভৰুৰ পুত্ৰক এটি আহোম নাম দিছিল আৰু এদিন আহোম সাম্ৰাজ্যক শাসন কৰিব বুলি আশা কৰিছিল। তাৰপিছত ৰমণী গাভৰুৰ জীৱনকলৈ ইতিহাস একেবাৰে নিমাত। এইগৰাকী আহোম ৰাজকুমাৰীৰ জীৱনৰ পিছৰ অংশ অন্বেষণ বা আৱিষ্কাৰ কৰিবলৈ মই এতিয়াও চেষ্টা কৰি আছো,” ডঃ নূৰে কয়।

উল্লেখ্য যে, অসমৰ গোৱালপাৰা জিলাৰ পৰা বিয়া পতা ড০ নূৰে ২০০৫ চনৰ আগতে প্ৰখ্যাত অসমীয়া সাহিত্যিক প্ৰয়াত অতুলানন্দ গোস্বামীয়ে তেওঁক দিয়া এখন সৰু ইতিহাস গ্ৰন্থৰ পৰা ৰমণী গাভৰুৰ বিষয়ে জানিবলৈ পাইছিল।

শইস্তা খানে নিৰ্মাণ কৰা আৰু বৰ্তমান বাংলাদেশত অৱস্থিত সপ্তদশ শতিকাৰ অসমাপ্ত মোগল ভৱন লালবাগ দুৰ্গটোৱে বহু দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰে। পৰ্যটকৰ আকৰ্ষণৰ কাৰণ হৈছে ইয়াৰ প্ৰাচীৰৰ ভিতৰত থকা এটা সমাধিক্ষেত্ৰ, যাক জনপ্ৰিয়ভাৱে পৰী বিবিৰ কবৰ বুলি কোৱা হয়। আনকি বাংলাদেশৰ বহুতে পৰী বিবিক ঔৰংজেবৰ পুত্ৰ মহম্মদ আজম শ্বাহৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা শইষ্টা খানৰ মৰমৰ জ্যেষ্ঠ কন্যা বুলি কয়। ১৬৮৪ চনত তেওঁৰ মৃত্যুৰ পিছত খান বিধ্বস্ত হৈ পৰে আৰু আপাত দৃষ্টিত দুৰ্গটো অধিক নিৰ্মাণৰ ধাৰণাটো পৰিত্যাগ কৰি ইয়াৰ প্ৰাচীৰৰ ভিতৰতে তেওঁৰ কন্যাক সমাধিস্থ কৰে।
 

বাংলাদেশত পোৰি বানুৰ সমাধি
 
১৯৫২ চনত 'গ্লিম্পছ অৱ অল্ড ঢাকা' নামৰ গ্ৰন্থ ৰচনা কৰা বাংলাদেশৰ বিশিষ্ট বুৰঞ্জীকাৰ ছৈয়দ মহম্মদ টাইফুৰে উল্লেখ কৰিছিল যে পৰী বিবি আন কোনো নহয়, তেওঁ হৈছে ৰমণী গাভৰু।

“সম্ৰাট ঔৰংজেবে ৰমণী গাভৰুক ইছলামলৈ ধৰ্মান্তৰিত কৰি ১৬৭৭ চনত এক লাখ আশী হাজাৰ টকাৰ যৌতুকত ৰাজকুমাৰ আজমৰ লগত বিয়া দিছিল। প্ৰসৱৰ ৰোগত আক্ৰান্ত ৰাজকুমাৰীয়ে ঢাকাত বাস কৰিছিল।” টাইফূৰে লিখিছে যে যিহেতু তেওঁ অসাধাৰণ ধুনীয়া আৰু ৰাজকুমাৰৰ অতি প্ৰিয় আছিল, সেয়েহে তেওঁক মৰমেৰে বিবি পৰী বুলি কোৱা হৈছিল।

বুৰঞ্জীবিদ বেগম লুতফুন্নেছা হাবিবুল্লাহৰ বাংলা ভাষাত লিখা ‘আহোম ৰাজকন্যাৰ বিবি পৰিৰ সমাধি’ নামৰ গৱেষণা পত্ৰখনতো একেধৰণৰ তত্ত্ব পোৱা যায়। তেওঁৰ গৱেষণা পত্ৰখন আহোম বুৰঞ্জীৰ ওপৰত আধাৰিত আছিল।

'বিচলিত সময়' উপন্যাসত ড° নূৰে বংগ (বৰ্তমান বাংলাদেশ) আৰু অসমৰ বন্ধুত্বৰ সুন্দৰ প্ৰতীক হিচাপে ৰহমত বানু বা ৰমণী গাভৰুক প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰিছে। "মোগল জেনেৰেলৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছতো ৰমণী গাভৰুৱে নিজৰ সুকীয়া অসমীয়া পৰিচয় ৰখাৰ লগতে এজন মোগল সুবেদাৰৰ পত্নীৰ দায়িত্বও বহন কৰিছিল। কিন্তু মই এগৰাকী কল্পকাহিনী লেখক। মোৰ কিছু সীমাবদ্ধতা আছে। মই ইতিহাসবিদ নহয়। কিন্তু ৰমণী গাভৰুক ইতিহাসৰ পৃষ্ঠাত পাহৰি যোৱাটো অতিকৈ দুৰ্ভাগ্যজনক। মই দৃঢ়ভাৱে অনুভৱ কৰোঁ যে বৰ্তমানৰ ইতিহাসবিদসকলে আহোম সাম্ৰাজ্যৰ হেৰাই যোৱা ৰাজকুমাৰীগৰাকীক আৱিষ্কাৰ কৰা উচিত।"-ড০ নূৰে কয়।