ঐতিহাসিক অসম চুক্তিৰ ফচল: শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ২৫টা গৌৰৱময় বছৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ প্ৰৱেশদ্বাৰ
শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ প্ৰৱেশদ্বাৰ
চামচুল হুদা পাটগীৰি / গুৱাহাটী
 
শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ২৫টা বছৰ গৰকা এক বৰ্নিল ইতিহাস। অসমৰ লোক-সংস্কৃতি আৰু শংকৰী সংস্কৃতিৰ গৱেষণা, ৰাজ্যখনৰ সকলো জনগোষ্ঠীয় ভাষা-সাহিত্য, শিল্প-কলা, নাট, সংগীত, সামাজিক ৰীতি-নীতি আদিৰ চিন্তা-চৰ্চা, গৱেষণা, প্ৰদৰ্শনীৰ বাবে ঐতিহাসিক অসম চুক্তিৰ ষষ্ঠ দফা অনুসৰি ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পাঞ্জাবাৰীত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ উদ্যোগত আধাৰশিলা স্থাপন কৰা হয়। 
 
প্ৰায় ১৪ একৰ মাটিকালি জুৰি থকা এই সাংস্কৃতিক ভৱন ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল মহামান্য ভীষ্ম নাৰায়ণ সিং দেৱে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ সজ্জা ৰূপায়নৰ কাম "National Informatics Centre Services Incorporative" নামৰ এক প্ৰতিষ্ঠানে কৰিছিল। ১৯৯৮ চনৰ ৯ নৱেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ননে এই ভৱন সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰে।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ (ইংৰাজী: Srimanta Sankaradeva Kalakshetra) বা চমুকৈ কলাক্ষেত্ৰ গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত এক সাংস্কৃতিক ক্ষেত্ৰ। শঙ্কৰদেৱ কলাক্ষেত্ৰ পৰ্যটকসকলৰ এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই ভৱনৰ নাম অসমীয়া জাতিৰ পিতামহস্বৰূপ, বৈষ্ণৱ গুৰু তথা পণ্ডিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে ৰখা হৈছে। অসমীয়া সংস্কৃতিৰ প্ৰতীকসমূহৰ ই এক অন্যতম কেন্দ্ৰস্থল। অসমৰ সংগীত জগতৰ অন্যতম প্ৰসিদ্ধ আৰু পুৰোধা ব্যক্তি ভূপেন হাজৰিকা দেৱৰ এক সংগ্ৰহালয়ো ইয়াত স্থাপন কৰা হৈছে।
এই কলাক্ষেত্ৰৰ সন্মুখতে আছে দ-পৰ্বতীয়া আৰ্হিৰ মূল তোৰণ, ৰংঘৰৰ আৰ্হিত দৰ্শকৰ ব্যৱহাৰযোগ্য আন এখন তোৰণ, ঐতিহ্য উদ্যান (এই উদ্যানৰ দুয়োকাষে থকা বেৰত চল্লিশখনৰ অধিক অসমৰ সামাজিক জীৱন আৰু জনসংস্কৃতিৰ প্ৰতিফলন ঘটা চিত্র আছে লগতে আছে এখন উদ্যান। উদ্যানখনত আছে ম'হ যুঁজকে ধৰি অন্যান্য শংকৰী সংস্কৃতিৰ বহুকেইটা ভাস্কর্য, এটা কৃত্রিম হ্রদ, ফ্লৰা। এই উদ্যানৰ বিভিন্ন স্থানত লাউদ স্পীকাৰযোগে অসমীয়া থলুৱা  গীত-মাতৰ সুৰ বাজি থকাৰ ব্যৱস্থা, সাংস্কৃতিক সংগ্ৰহালয় ভৱন, সংগীত, নাটক আৰু সাহিত্য ভৱন, ললিত-কলা ভৱন, শিল্পীৰ গাঁও, নামঘৰ-নাটঘৰ, গ্ৰীক থিয়েটাৰৰ আৰ্হিৰ প্ৰায় ৩,০০০ দৰ্শক বহিব পৰা মুকলি যঞ্চ, শিশুৰ ক্ৰীড়াংগন, উপবন, ছোঁ ঘৰ, বিশিষ্ঠ অতিথিৰ গৃহ আৰু কৰ্মচাৰীৰ আবাসিক প্রকল্প।  
 
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত থকা ৰংঘৰ
 
শঙ্কৰদেৱ কলাক্ষেত্ৰৰ আয়োজনত প্ৰায়ে অসমৰ বিভিন্ন জনগোষ্ঠীয় লোক উৎসৱসমূহৰ উপৰি অন্যান্য বহু আন্তৰাষ্ট্ৰীয় উল্লেখযোগ্য অনুষ্ঠান  হয়। মনোৰম নৈসর্গিক দৃশ্য আৰু আটকধুনীয়াকৈ নিৰ্মিত এই কলাক্ষেত্র আজি অসমৰ অন্যতম আকর্ষনৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছে। দৈনিক ইয়াত বহু দৰ্শনাৰ্থীৰ সমাৱেশ হয়।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আৰু দৰ্শনৰ প্ৰতি সচেষ্ট শংকৰদেৱ কলাক্ষেত্ৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কলা, সংগীত আৰু সাহিত্যৰ মুখ্য স্নায়ুকেন্দ্ৰ। বিশেষকৈ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু জীৱনশৈলীক প্ৰাধান্য দি সংস্থাপিত এই অনুষ্ঠানতে সমূহ উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক প্ৰতিচ্ছবিৰ উপযুক্ত মানেৰে প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণ কৰাৰ কালজয়ী ব্যৱস্থা কৰি অহা সাংস্কৃতিক অনুষ্ঠানটোৱে পাৰ কৰিলে ২৫টা বসন্ত।
কলাক্ষেত্ৰ প্ৰাংগনত অৱস্থিত কেইটামান উল্লেখযোগ্য ভৱন হৈছে। অসমৰ সাংস্কৃতিক সংগ্ৰহালয় / পূৰ্বজ্যোতি সংগ্ৰহালয় : যাদুঘৰটোত প্ৰায় ৪০০০টা শিল্প কলা আছে, যিবিলাক প্ৰদৰ্শনৰ বাবে ৰখা হৈছে। তাৰ ভিতৰত থকা শিল্প কলাসমূহ হ'ল সত্ৰীয়া মুখা, সংগীত বাদ্য, টেৰাকোটা আৰু মাটিৰে বনোৱা শিল্প (মৃণ্ময় শিল্প), বয়ন শিল্প আৰু পোছাক, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কূটিৰ শিল্প, খৰাহি আৰু কাঠৰ পৰা উৎপন্ন বস্তু, কাঁহ আৰু পিতলৰ বস্তু, শংকৰী কৃষ্টিৰ বস্তু আদি।
 
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ থকা অসমৰ মুখাশিল্প
 
উন্মুক্ত প্ৰেক্ষাগৃহ (open-air theater) ললিত কলা ভৱন:ললিত কলা ভৱনত বাতানুকূল কলা বীথিকা, এটা গ্ৰাফিক ষ্টুডিঅ, এখন কৰ্মশালা আৰু দুটাকৈ আধুনিক প্ৰেক্ষাগৃহ আছে। শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা শাখাই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত প্ৰদৰ্শনী আৰু চিত্ৰশিল্প, ড্ৰইং, গ্ৰাফিক, ভাস্কৰ্য্য, কাঠ শিল্প আৰু ফটোগ্ৰাফ আৰু আন বিষয়ৰ ওপৰত প্ৰদৰ্শনী অনুষ্ঠিত কৰে। লগতে হস্ততাঁত, বস্ত্ৰ শিল্প আৰু এই অঞ্চলৰ পৰম্পৰাগত শিল্প সামগ্ৰীসমূহৰ প্ৰদৰ্শনী পাতে।
 
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰৰ এক দৃশ্য
 
ভূপেন হাজৰিকা সংগ্ৰহালয়। শিশু উদ্যান বা শিশু বন। এই উদ্যানখন ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ নামত উত্‍সৰ্গ কৰা হৈছে। এই উদ্যান প্ৰায় ১২ বিঘা মাটিকালি জুৰি আছে। য'ত এটা শিশু পুথিভঁৰাল, পেট্ৰকেমিকেল গেলেৰী, ছ'লাৰ হাট (solar hut), পুতলা সংগ্ৰাহলয় আদি আছে।