শ্বহিদী দিৱসক লৈ উখল মাখল ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰা, গুৰুবাণীৰ ধ্বনিৰে মুখৰিত চৌদিশ

Story by  atv | Posted by  Munni Begum • 1 Years ago
ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰাত অনুষ্ঠিত শ্বহিদী দিৱসত ৰাজ্যপাল জগদীশ মুখী
ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰাত অনুষ্ঠিত শ্বহিদী দিৱসত ৰাজ্যপাল জগদীশ মুখী
আৱাজ-দ্য ভইচ / গুৱাহাটী
 
শ্বহিদী দিৱসক লৈ উখল মাখল হৈ পৰিছে ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰা। গুৰুবাণীৰ ধ্বনিৰে ধুবুৰীৰ আকাশ-বতাহ মুখৰিত হৈ পৰিছে। শনিবাৰৰ পৰা তিনিদিনীয়াকৈ ধুবুৰীৰ ঐতিহ্যমণ্ডিত "শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব জী গুৰুদ্বাৰা’’ত অনুষ্ঠিত হোৱা শ্বহিদী দিৱসৰ কাৰ্য্যসূচীত দেওবাৰে উপস্থিত থাকে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। 
 
আৰক্ষীৰ গাৰ্ড অৱ অনাৰেৰে ধুবুৰীলৈ আদৰণি জনোৱাৰ পিছত ৰাজ্যপালগৰাকীক পূৰ্বোত্তৰ শিখ প্ৰতিনিধি বোৰ্ড আৰু গুৰুদ্বাৰা কৰ্তৃপক্ষই উষ্ম সম্ভাষণ জ্ঞাপন কৰে। গুৰুদ্বাৰা চৌহদত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত তেওঁক  পূৰ্বোত্তৰ শিখ প্ৰতিনিধি বোৰ্ডৰ কাৰ্য্যকৰ্তা সকলে বিশেষভাৱে সম্বৰ্ধনা জনায়। 
 
শ্বহিদী দিৱস উপলক্ষে আলোকিত কৰা হৈছে গুৰুদ্বাৰা
 
সপত্নীক গুৰুদ্বাৰাত সেৱা আগবঢ়োৱাৰ পিছত ৰাজ্যপাল অধ্যাপক মুখীয়ে কয় যে, শ্বাহিদী দিৱসৰ দিনটোত ধুবুৰীৰ "শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব জী গুৰুদ্বাৰা’’ত উপস্থিত থকাৰ সুযোগ লাভ কৰি তেওঁ  সৌভাগ্যৱান অনুভৱ কৰিছে। 
উল্লেখ্য যে, পূৰ্বোত্তৰ শিখ প্ৰতিনিধি বোৰ্ডৰ উদ্যোগত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা  শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ  শ্বহিদী দিৱসৰ এই তিনিদিনীয়া কাৰ্য্যসূচীয়ে এইবেলি ৩৪৭ বছৰত ভৰি দিলে। শনিবাৰে  অখণ্ড পাঠ কাৰ্য্যসূচীকে ধৰি প্ৰভাত ফেৰী আৰু  দুখীয়া ৰোগীসকলৰ মাজত ফলমূল বিতৰণৰে  প্ৰথম দিনাৰ কাৰ্য্যসূচীৰ সমাপণৰ পিছত দেওবাৰৰ দিনা মূল আকৰ্ষণ আছিল "নগৰ সংকীৰ্তন"৷ 
বিশেষ ৰীতি-নিয়মৰ মাজেৰে শিখসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ "গুৰু গ্ৰন্থচাহিব"সহ গুৰুদ্বাৰাৰ পৰা ওলোৱা বৰ্ণাঢ্য ধৰ্মীয় শোভাযাত্ৰাত দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলে অংশগ্ৰহণ কৰে৷ জনসমুদ্ৰত পৰিণত হোৱা শোভাযাত্ৰাটোৱে গোটেই চহৰখন পৰিভ্ৰমণ কৰে। এইদৰে গুৰুবাণীৰ ধ্বনিৰে ধুবুৰীৰ ৰাজপথ মুখৰিত হৈ পৰে।
 
গুৰু পৰ্ব উৎসৱত একাংশ শিখ ধৰ্মাৱলম্বী লোকক দেখা গৈছে
 
মনকৰিবলগীয়া যে, স্বয়ং টেগ বাহাদুৰে স্থাপন কৰা ধুবুৰীৰ এই গুৰুদ্বাৰাৰ আছে এক দীঘলীয়া আৰু সমৃদ্ধিশালী ইতিহাস।  কেৱল টেগ বাহাদুৰেই নহয়;  শিখসকলৰ প্ৰথম ধৰ্মগুৰু গুৰু নানকৰো  পদাৰ্পণ ঘটিছিল ধুবুৰীৰ এই গুৰুদ্বাৰা নিৰ্মিত হোৱা স্থানতেই। ১৫০৫ খ্ৰীষ্টাব্দত গুৰু নানকে  ঢাকাৰ পৰা উভতাৰ পথত  ধুবুৰী চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা ওখ টিলাত ল’গ পাইছিল শ্ৰীমন্ত শংকৰদেৱক।
পিছত ১৬৬৭ চনত শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ আগমন ঘটিছিল ধুবুৰীলৈ আৰু তেওঁ নিজ হাতেৰে স্থাপন কৰিছিল ধুবুৰীৰ এই গুৰুদ্বাৰাটো।  গুৰু টেগ বাহাদুৰে নিজ হাতে স্থাপন  কৰা ধুবুৰীৰ গুৰুদ্বাৰাটোত আয়োজিত পৱিত্ৰ "শ্বহিদী দিৱস"ত অংশ ল'বলৈ প্ৰতি বছৰৰ দৰে এইবেলিও অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ শিখধৰ্মাৱলম্বী লোকে ধুবুৰীত ভিৰ কৰিছে। আন বছৰবোৰৰ  দৰে এইবেলিও শ্বহিদী দিৱসক কেন্দ্ৰ কৰি গুৰুদ্বাৰাৰ সন্মুখৰ ৰাজপথকে ধৰি সমীপৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আৰম্ভ হোৱা তিনিদিনীয়া মেলাই ধুবুৰীৰ পৰিৱেশ উৎসৱমুখৰ কৰি তুলিছে। 
জনসংখ্যাৰ ফালৰ পৰা অসমৰ অতি ক্ষুদ্ৰ জনগোষ্ঠী হিচাপে পৰিচিত শিখ ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ স্থান গুৰুদ্বাৰাই সমাজত সমন্বয় আৰু সম্প্ৰীতিৰ সেঁতু গঢ়ি আহিছে। অসমৰ ভিতৰত প্ৰথম আৰু বৃহত গুৰুদ্বাৰা হিচাপে চিহ্নিত ধুবুৰীৰ দমদমা চাহিবজী আৰু গুৰু টেগ বাহাদুৰ চাহিবজী নামেৰে পৰিচিত গুৰুদ্বাৰাটোৱে যুগ যুগ ধৰি সমন্বয়, সম্প্ৰীতি আৰু আধ্যাত্মিকতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে।
 
শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা
 
অসমৰ পশ্চিম প্ৰান্তৰ ধুবুৰী জিলাৰ সদৰ চহৰৰ কাষেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত গুৰুদ্বাৰাখনত ধৰ্মীয় পৰম্পৰা মতে বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয় আৰু ই সাংস্কৃতিক আৰু সমন্বয়ৰ বাৰ্তা বিলাই আহিছে। ধুবুৰীলৈ অহা পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু গুৰুদ্বাৰাখনৰ আধ্যাত্মিক পৰিৱেশ আৰু এক ঈশ্বৰবাদী দৰ্শন প্ৰত্যক্ষ কৰি সাধাৰণ নাগৰিকে পৰম শান্তি লাভ কৰে।
 
গুৰুদ্বাৰাত গুৰুবাণী প্ৰিবেশন কৰি থকা এক মূহুৰ্ত
 
ভাৰতবৰ্ষত থকা অন্যান্য গুৰুদ্বাৰৰ দৰেই শিখসকলৰ অন্যতম পবিত্ৰ স্থান ধুবুৰীৰ গুৰুদ্বাৰাৰ ঐতিহাসিক পৰিকাঠাম অতিকৈ গুৰুত্বপূৰ্ণ। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক গুৰু নানকৰ সৈতে অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধুবুৰীত সাক্ষাৎ হৈছিল। বিভিন্ন ঐতিহাসিক তথ্য অনুসৰি, ১৫০৫ চনত তেওঁলোকে ধুবুৰীৰ গুৰুদ্বাৰা স্থাপন হোৱা স্থানত বিশ্ৰাম লৈছিল আৰু তেওঁলোকৰ মাজত সমাজ উন্নয়নৰ দিশত বিভিন্ন গুৰুত্বপূৰ্ণ আলোচনা হৈছিল বুলি প্ৰবাদ আছে।