আমি ইতিহাসৰ প্ৰতিশোধ ল’ব লাগিব, এখন শক্তিশালী ভাৰত গঢ়িব লাগিবঃ NSA অজিত ডোভাল

Story by  atv | Posted by  [email protected] • 13 h ago
আমি ইতিহাসৰ প্ৰতিশোধ ল’ব লাগিব, এখন শক্তিশালী ভাৰত গঢ়িব লাগিবঃ NSA অজিত ডোভাল
আমি ইতিহাসৰ প্ৰতিশোধ ল’ব লাগিব, এখন শক্তিশালী ভাৰত গঢ়িব লাগিবঃ NSA অজিত ডোভাল
 
নতুন দিল্লী
 
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (NSA) অজিত ডোভালে শনিবাৰে কয় যে বাৰে বাৰে আক্ৰমণ, দমন আৰু সাৰ্বভৌমত্ব হেৰুওৱাৰ দৰে ঘটনাৰ দ্বাৰা চিহ্নিত ইতিহাসৰ যন্ত্ৰণাবোৰ অতিক্ৰম কৰিবলৈ হ’লে ভাৰত- নিৰাপত্তা, অৰ্থনীতি আৰু সামাজিক উন্নয়নৰ দৰে সকলো ক্ষেত্ৰতে শক্তিশালী হ'ব লাগিব।
 
'বিকশিত ভাৰত য়ং লীডাৰ্ছ ডায়লগ'ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দাঙি ধৰি ডোভালে দেশৰ যুৱ প্ৰজন্মক পূৰ্বৰ প্ৰজন্মৰ ত্যাগৰ পৰা শক্তি আহৰণ কৰাৰ লগতে এক স্থিতিস্থাপক আৰু শক্তিশালী ৰাষ্ট্ৰ গঠনৰ দিশত কাম কৰিবলৈ আহ্বান জনায়।
 
৮১ বছৰীয়া প্ৰাক্তন চোৰাংচোৱা ব্যুৰোৰ সঞ্চালকগৰাকীয়ে সমগ্ৰ দেশৰ প্ৰায় ৩০০০ যুৱ অংশগ্ৰহণকাৰীক উদ্দেশ্যি কয়, ‘‘আপোনালোক সৌভাগ্যৱান যে আপোনালোকে স্বাধীন ভাৰতত জন্ম লাভ কৰিছে৷ আমাৰ বহুতেই পৰাধীন দেশত জন্ম গ্ৰহণ কৰিছিল। এক বিশাল মূল্যৰ বিনিময়ত আমি আমাৰ স্বাধীনতা অৰ্জন কৰিছিলো।’’
 
'বিকশিত ভাৰত য়ং লীডাৰ্ছ ডায়লগ'ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান NSA অজিত ডোভালৰ
 
ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ সংগ্ৰামৰ কথা উল্লেখ কৰি ডোভালে কয় যে মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু আৰু ভগত সিঙৰ দৰে নেতাসকলে স্বাধীনতা লাভৰ বাবে অপৰিসীম কষ্ট ত্যাগ কৰিছিল।
 
তেওঁ কয়, ‘‘ভগত সিঙে ফাঁচী কাঠক আদৰণি জনাইছিল, বসুৱে তেওঁৰ সমগ্ৰ জীৱন এই উদ্দেশ্যে উৎসৰ্গা কৰিছিল আৰু মহাত্মা গান্ধীয়ে বলিদান আৰু প্ৰতিৰোধৰ দীৰ্ঘম্যাদী আন্দোলনৰ নেতৃত্ব দিছিল।’’ স্বাধীনতা সহজে অহা নাছিল বুলি তেওঁ কয়।
 
ডোভালে কয় যে 'প্ৰতিশোধ' শব্দটো শুনাত আদৰ্শ যেন নালাগিব পাৰে, কিন্তু ইয়াৰ আঁৰৰ আৱেগে ৰাষ্ট্ৰীয় পৰিৱৰ্তনৰ বাবে এক শক্তিশালী শক্তি হিচাপে কাম কৰিব পাৰে।
 
'বিকশিত ভাৰত য়ং লীডাৰ্ছ ডায়লগ'ৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল
 
তেওঁ কয়, ‘‘আমি আমাৰ অতীতৰ পৰা শিক্ষা ল’ব লাগিব আৰু কেৱল সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰতেই নহয়, অৰ্থনৈতিক, সামাজিক আৰু প্ৰতিষ্ঠানগত দিশতো ভাৰতৰ উত্থান সুনিশ্চিত কৰিব লাগিব। সকলো ক্ষেত্ৰতে শক্তি অপৰিহাৰ্য।’’
 
অংশগ্ৰহণকাৰীসকলক দেশৰ ভৱিষ্যতৰ নেতা বুলি অভিহিত কৰি ডোভালে নিৰ্ণায়ক নেতৃত্বৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু নেপোলিয়নৰ এটা বিখ্যাত উক্তি উল্লেখ কৰি কয় যে নেতৃত্বই ৰাষ্ট্ৰৰ ভাগ্য নিৰ্ধাৰণ কৰে।
 
তেওঁ কয় যে ভাৰতে ঐতিহাসিকভাৱে এনে এক সভ্যতাৰ নীতি অনুসৰণ কৰি আহিছে যিয়ে আগ্ৰাসন বা ধ্বংসক উৎসাহিত নকৰে, কিন্তু সাৱধান কৰি দিয়ে যে অতীতত প্ৰস্তুতিৰ অভাৱে দেশখনক দুৰ্বল কৰি পেলাইছিল।
 
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল (ফাইল ফটো)
 
তেওঁ কয় যে আমি এক প্ৰগতিশীল সভ্যতা আছিলো আৰু আমি আনক আক্ৰমণ বা ধ্বংস কৰা নাছিলো। কিন্তু ইতিহাসে দেখুৱাইছে যে নিৰাপত্তাক অগ্ৰাধিকাৰ প্ৰদানত ব্যৰ্থ হোৱাৰ বাবে ইয়াৰ মূল্য অধিক ভৰিবলগীয়া হৈছিল।
 
ডোভালে জোৰ দি কয় যে, এই শিকনিবোৰ মনত ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ, বিশেষকৈ যুৱক-যুৱতীসকলৰ বাবে।
 
তেওঁ কয়, "যদি নৱপ্ৰজন্মই এই ইতিহাস পাহৰি যায়, তেন্তে ই ৰাষ্ট্ৰৰ বাবে এক ট্ৰেজেডী হ’ব"৷ তেওঁ লগতে আধুনিক ভাৰতক গঢ় দিয়া ত্যাগৰ প্ৰতি সচেতন হৈ থকাৰ লগতে এই সচেতনতাক এক শক্তিশালী, আত্মনিৰ্ভৰশীল আৰু আত্মবিশ্বাসী দেশ গঢ়াত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।