বিহু কাৰ বাপতি সাহোন

Story by  atv | Posted by  [email protected] • 2 Years ago
অসমীয়াৰ হিয়াৰ উৎসৱ ৰঙালী বিহুৰ গছতলৰ বিহু, স্থান ধকুৱাখনা  (ছবি: চামচুল হুদা পাটগীৰি)
অসমীয়াৰ হিয়াৰ উৎসৱ ৰঙালী বিহুৰ গছতলৰ বিহু, স্থান ধকুৱাখনা (ছবি: চামচুল হুদা পাটগীৰি)
 
প্ৰাঞ্জল দলৈ  
 
বিহু আহিছে। আগতে অসমীয়া মানুহে বিহুৰ ওলগ জনাইছিল। আজিকালি বহুতে 'হেপ্পি বিহু' বুলি কয়! বিহু আহিলেই এটি শব্দ প্রায়েই শুনো, সেইটো হ'ল 'বাপতি সাহোন'। বাপতি সাহোন মানে হ'ল বোপা-ককাৰ সম্পত্তি, ককা-আজোককাহঁতে আমালৈ এৰি যোৱা সম্পদ। 'বিহু আমাৰ বাপতি সাহোন'— এইবুলি কালিৰাম মেধিয়ে তাহানিতে এখন ৰচনাত লিখিছিল। তেতিয়াৰ পৰাই ক'বলৈ গ'লে আমাৰ ভাষাত শব্দটোৰ প্ৰচলন বাঢ়িল।  
 
 
ড° শিৱনাথ বৰ্মন ছাৰে এঠাইত লিখিছিল, 'বিহু আমাৰ বাপতি সাহোন বুলি কোৱা হয় যদিও আগৰ কালত ই সমাজৰ সকলো শ্ৰেণীৰ বাপতি সাহোন নাছিল। ই আছিল চহা মানুহৰহে বাপতি সাহোন। আগৰ কালত খেতি-বাতিৰ উন্নত কৌশল মানুহে জনা নাছিল। গতিকে কিছুমান মেজিক-কৌশলেৰে মানুহে শস্য বৃদ্ধি কৰিব খুজিছিল। এই মেজিক এটা নৃতাত্ত্বিক পৰিভাষা। 
 
আদিম মানুহে ভাবিছিল যে প্ৰকৃতিৰ কিবা এটা পৰিঘটনা অনুসৰণ কৰি বাস্তৱতো সেইটো লাভ কৰিব পাৰি। মেজিকৰ মূলমন্ত্ৰ হ'ল Like produces like । দুটা উদাহৰণ দিওঁ। ধান ৰোৱাৰ পিচত পথাৰত দীঘল দীঘলকৈ জঁপিয়াই নৃত্য কৰাৰ প্ৰথা বহুতো দেশত আছে। দীঘলকৈ জঁপিওৱাৰ উদ্দেশ্য হ'ল— ধানৰ থোৰবিলাকো যাতে দীঘল হয়, অর্থাৎ ধান বেছিকৈ পোৱা যায়। 
 
দেউৰী সকলৰ বুকা বিহুৰ এক দৃশ্য (ছবি: চামচুল হুদা পাটগীৰি)
 
বহুদিন বৰষুণ নোহোৱাকৈ থাকিলে গাৰোসকলে পাহাৰৰ টিঙলৈ গৈ এটা ক'লা ছাগলী বলি দিয়ে। তেওঁলোকে ভাবে, এনে কৰিলে ছাগলীৰ ক'লা ৰঙে আকাশখনো ক'লা কৰি পেলাব আৰু ক'লীয়া ডাৱৰে পৃথিৱীলৈ বৰষুণ আনিব। ড° শিৱনাথ বৰ্মন ছাৰৰ কথাখিনি শুদ্ধ। যদিও আজিকালি বিজ্ঞানৰ যুগত এনেকুৱা মেজিক উঠি গৈছে। 
 
হয়, আগৰ কালৰ মানুহে নাৰীৰ উৰ্বৰতাৰ লগত পৃথিৱীৰ উৰ্বৰতাৰ সাদৃশ্য দেখা পাইছিল। পৃথিৱী আছিল 'বসুমাতা'। নাৰী-পুৰুষৰ যৌন মিলনে সন্তানৰ জন্ম দিয়ে বুলি মানুহে জানিছিল। গতিকে মেজিক চিন্তাৰ প্রভাৱত তেওঁলোকে ভাবিছিল যে পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ হ'লে পথাৰত যৌনগন্ধী নৃত্য-গীত কৰিব লাগিব। ৰঙালী বিহুৰ নৃত্য-গীতত যৌনতাৰ গোন্ধ থকাৰ কাৰণো এয়াই। এয়া তাহানিৰ মানুহৰ কামবিকাৰ নাছিল। খেতিৰ ফচল বৃদ্ধিহে আছিল এনে নৃত্য-গীতৰ প্ৰধান কাৰণ। 
 
কালক্ৰমত ফচল বৃদ্ধিৰ উন্নত কৌশল ওলাল। সমাজখন ৰূপান্তৰিত হ'ল কৃষিৰ উৎপাদনকাৰী আৰু উৎপাদনৰ ফলভোগকাৰী— এই দুটা প্রধান শ্ৰেণীলৈ। ভোগকাৰী শ্ৰেণীটোৱে বিহুৰ তাৎপৰ্য পাহৰি পেলালে। পঞ্চাশ বছৰমান আগলৈকে এই শ্ৰেণীটোৱে বিহুক বাপতি সাহোন বুলি ভবা নাছিল, ভাবিছিল ভদ্ৰ সমাজৰ দ্বাৰা পৰিত্যক্ত সংস্কৃতি বুলিহে।  
 
শদিয়াৰ মিচিং সম্প্ৰদায়ৰ গৰুক লৈ কৰা বিহু উদযাপনৰ এক দৃশ্য (ছবি: চামচুল হুদা পাটগীৰি)
 
গুণাভিৰাম বৰুৱা অসমত আধুনিকতাৰ প্ৰৱৰ্তনকাৰীসকলৰ অন্যতম। 'অসম বুৰঞ্জী' নামৰ কিতাপখনত তেওঁ লিখিছিল— "চৈত্ৰৰ বিহুৰ সংক্ৰান্তিৰ পৰা সাতদিন কোনো ঠাইৰ ইতৰ লোকসকলৰ স্ত্ৰী-পুৰুষে কোনো প্রকাশ্য স্থানলৈ গৈ নৃত্য-গীত কৰে— যি সময়ত অশ্রাব্য আৰু অশ্লীল গীত গোৱা আৰু নিৰ্লজ্জ ভাব-ভংগী দেখুওৱা হয়। এইটি নিয়ম শীঘ্ৰে দেশৰ পৰা গুচিলে বড় উপকাৰ আৰু সুনীতি স্থাপন কৰা হ'ব।"
 
সংস্কাৰমুক্ত কথা-বতৰাৰে অসম কঁপোৱা প্ৰগতিশীল নমস্য ব্যক্তি কমলাকান্ত ভট্টাচার্যয়ো এঠাইত লিখিছিল- “বিহু নামে আমাৰ এটা বৰ বেয়া সংস্কাৰ আছে। বিহুৰ ছবিটো আঁকি এবাৰ চকুৰ আগত উলিয়ালে কেনে নাক কটাৰ সমান লাজে ধৰে, শিক্ষিত ডেকাসকলে এবাৰ ভাবি চোৱাচোন।
 
এয়া যি কি নহওক, বিহু সৌ-সিদিনালৈ আছিল কেবল চহা মানুহৰ বাপতি সাহোন। কিন্তু পথাৰৰ বিহু মঞ্চ পোৱাৰ লগে লগে ছবিখন হৈ পৰিল ওলোটা। মঞ্চ পোৱাৰ লগে লগে বিহু জকমকীয়া হ'ল, জনপ্ৰিয় হ'ল। বিহুৰে এতিয়া অসমীয়াই পৃথিৱীৰ আগত অসমীয়া জাতিৰ পৰিচয় দিয়ে। খ্যাতিমান অসমীয়া শিল্পী আৰু গায়ক-গায়িকাৰ পৰা আৰম্ভ কৰি নিছলা চহা শিল্পীয়েও আজিকালি বিহুৰ সময়ত মঞ্চত প্ৰদৰ্শনৰ যোগেৰে মাননি পায়, সুযোগ পায় ৰাইজৰ সন্মুখত নিজৰ নৈপুণ্য দেখুওৱাৰ। এতিয়াৰ বিহুৰ যোগাত্মক আৰু ভাললগা দিশ এইবোৰেই। এটি পৰিক্ৰমা অতিক্ৰম কৰি বিহু এতিয়া প্ৰতিগৰাকী অসমীয়াৰ বাপতি সাহোন।