দিল্লী, নয়ডাৰ একাধিক স্কুললৈ বোমা বিস্ফোৰণৰ ভাবুকি

Story by  atv | Posted by  Munni Begum • 16 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
বুধবাৰে পুৱা দিল্লীৰ কমেও ৬ খন বিদ্যালয় আৰু নয়ডাৰ ১ খন বিদ্যালয়ে বোমা বিস্ফোৰণৰ ভাবুকিভৰা ই-মেল লাভ কৰিছে। ভাবুকিভৰা ইমেলটো লাভ কৰা পিছতে ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ যাবলৈ দি বিদ্যলয়কেইখন সম্পূৰ্ণ খালী কৰা হৈছে বুলি আৰক্ষী বিষয়াসকলে জনায়।   
 
দিল্লী আৰক্ষীৰ তথ্য অনুসৰি দিল্লী পাব্লিক স্কুলৰ (ডি পি এছ) দ্বাৰকা আৰু বসন্ত কুঞ্জ ইউনিট, ইষ্ট ময়ুৰ বিহাৰৰ মাদাৰ মেৰী স্কুল, সাংস্কৃতিক স্কুল, পুষ্প বিহাৰৰ এমিটি স্কুল আৰু দক্ষিণ পশ্চিম দিল্লীৰ ডি এ ভি স্কুলে এই বোমা বিস্ফোৰণৰ ভাবুকিভৰা ই-মেইল লাভ কৰিছে। ডি পি এছ নয়ডাইও একেধৰণৰ  ভাবুকি লাভ কৰিছিল।    
 
এক সূত্ৰই জনোৱা মতে, ভাবুকি লাভ কৰাৰ পিছতে বিদ্যালয়ৰ চৌহদ খালী কৰা হয় আৰু ভাবুকি পোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ পঠিয়াই দিয়া হয়।  
 
পুৱা ৬ বজাত ডি পি এছ দ্বাৰকাই বোমাৰ ভাবুকি লাভ কৰাৰ পিছতে দিল্লী আৰক্ষী, কেইবাটাও অগ্নিনিৰ্বাপক নিবিদা আৰু বোমা নিষ্কাশন স্কোয়াড (বি ডি এছ)ৰ জোৱানক ততাতৈয়াকৈ উক্ত স্থানলৈ প্ৰেৰণ কৰা হয়।  
 
বিদ্যালয় চৌহদত পুংখানুপুংখ তালাচী চলোৱা হয় যদিও সন্দেহজনক একো পোৱা নগ’ল বুলি আৰক্ষী বিষয়াসকলে লগতে কয়। একেদৰে মাদাৰ মেৰী স্কুল, সাংস্কৃতিক স্কুল, এমিটি স্কুল আৰু ডি পি এছ নয়ডাৰ চৌহদতো অনুসন্ধান চলোৱা হয়। 
 
প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে, যিবোৰ ই-মেইলৰ জৰিয়তে এই ভাবুকি প্ৰেৰণ কৰা হৈছিল সেইবোৰৰ আই পি ঠিকনা ভাৰতৰ বাহিৰৰ। ভিপিএনৰ জৰিয়তে আইপি ঠিকনা সলনি কৰা হ’ব পাৰে বুলি  দিল্লী আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।  
 
ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দিল্লী পাব্লিক স্কুল আৰ কে পুৰমে বোমা বিস্ফোৰণৰ ভাবুকিভৰা ফোন লাভ কৰিছিল। আৰক্ষীৰ তালাচী অভিযানত এতিয়ালৈ কোনো সন্দেহজনক তথ্য পোহৰলৈ অহা নাই।