বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে আক্ৰান্ত হব পৰে টাইপ ২ ডায়েবেটিছত

Story by  atv | Posted by  Munni Begum • 16 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
চুলিতকৈ ৩০ গুণ পাতল পিএম ২.৫ কণাযুক্ত পদাৰ্থৰে দীৰ্ঘদিন ধৰি প্ৰদূষিত হৈ থকা বায়ুৰ সংস্পৰ্শলৈ আহিলে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে বুলি এক নতুন গৱেষণাই প্ৰকাশ কৰিছে। অগ্ৰণী চিকিৎসা আলোচনী লেন্সেটৰ এক অধ্যয়নত পিএম ২.৫ প্ৰদূষকৰ সৈতে দীৰ্ঘদিনীয়া সংস্পৰ্শত থাকিলে কেনেদৰে ২০% লোকে টাইপ ২ ডায়েবেটিছত আক্ৰান্ত হব পাৰে সেই বিষয়ে উল্লেখ কৰা হৈছে। 
 
এই মিহি প্ৰদূষকবোৰ তেল, ডিজেল, জৈৱবস্তু, গেছলিন দহনৰ পৰা নিৰ্গত হয়।  বৃহৎ জনসংখ্যাই বৰ্ধিত প্ৰদূষণ আৰু ক্ষতিকাৰক বায়ুৰ সংস্পৰ্শলৈ অহাৰ বাবে ভাৰতত এই অধ্যয়নৰ বহল প্ৰভাৱ পৰিছে।   
 
পি এম ২.৫ প্ৰদূষকক প্ৰায়ে হত্যাকাৰী কণিকা বুলি অভিহিত কৰি অহা হৈছে আৰু ইয়াক চহৰাঞ্চলৰ বায়ু প্ৰদূষণৰ অন্যতম প্ৰধান উপাদান বুলি চিহ্নিত কৰা হৈছে। অধ্যয়নটোৱে প্ৰকাশ কৰিছে যে পি এম ২.৫ প্ৰদূষকৰ হ্ৰস্বম্যাদী সংস্পৰ্শলৈ আহিলে শৰীৰত স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ সূচনা কৰি ইনচুলিন প্ৰতিৰোধ ক্ষমতাৰ সম্ভাৱনা বৃদ্ধি পায় যিয়ে হৃদযন্ত্ৰৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।      
 
অধ্যয়নটোত দেখা গৈছে যে মাহেকীয়াকৈ পি এম ২.৫ প্ৰদূষক পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে তেজৰ শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায় আৰু দীৰ্ঘদিন ধৰি (প্ৰায় এবছৰ) সংস্পৰ্শলৈ আহিলে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা ২০% বৃদ্ধি পায়।  
 
বায়ু প্ৰদূষণ আৰু ডায়েবেটিছৰ মাজৰ সম্পৰ্ক নিম্ন আৰ্থ-সামাজিক গোটৰ পুৰুষ গোট আৰু অন্য ৰোগৰ পৰা মৃত্যুৰ ভাবুকি থকা পুৰুষৰ গোটত বেছি দেখিবলৈ পোৱা যায়। প্ৰমাণ অনুসৰি পিএম ২.৫ দীৰ্ঘদিনীয়া সংস্পৰ্শলৈ আহিলে ডায়েবেটিছ ৰোগী আৰু ডায়েবেটিছ নথকা উভয় লোকৰ ক্ষেত্ৰত বৃক্কৰ ৰোগত আক্ৰান্ত হোৱাৰো সম্ভাৱনা থাকে।    
 
প্ৰায় ৫৩.৭ কোটি লোক টাইপ ২ ডায়েবেটিছত আক্ৰান্ত আৰু ইয়াৰে আধা অংশইয়ে নাজানে তেওঁলোকে যে ডায়েবেটিছ ৰোগী। ইফালে ভাৰতত ১৮ বছৰৰ ওপৰৰ আনুমানিক ৭.৭ কোটি লোক ডায়েবেটিছ (টাইপ ২) আৰু প্ৰায় ২.৫ কোটি প্ৰিডায়েবেটিছ (ভৱিষ্যতে ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা অধিক) ৰোগত আক্ৰান্ত হৈছে বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে।  
 
বিহাৰৰ বেগুছৰাই বিশ্বৰ আটাইতকৈ প্ৰদূষিত মহানগৰ হিচাপে স্থান লাভ কৰাৰ বিপৰীতে দিল্লীক বায়ুৰ গুণাগুণ আটাইতকৈ নিম্নমানৰ ৰাজধানী চহৰ হিচাপে চিনাক্ত কৰা হৈছে বুলি বিশ্ব বায়ুৰ গুণাগুণ প্ৰতিবেদনত প্ৰকাশ পাইছে। ৰাজধানী দিল্লীয়ে ২০১৮ চনৰ পিছত চাৰিবাৰকৈ বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী চহৰৰ স্থান লাভ কৰি আহিছে।  
 
২০২৩ চনত চুইজাৰলেণ্ডৰ সংস্থা আইকিউএয়াৰৰ বিশ্ব বায়ুৰ গুণাগুণ প্ৰতিবেদন অনুসৰি বাংলাদেশ (৭৯.৯ মাইক্ৰ’গ্ৰাম প্ৰতি ঘনমিটাৰ) আৰু পাকিস্তান (৭৩.৭ মাইক্ৰ’গ্ৰাম প্ৰতি ঘনমিটাৰ)ৰ পিছত ২০২৩ চনত ১৩৪খন দেশৰ ভিতৰত বাৰ্ষিক গড় পিএম২.৫ ঘনত্ব ৫৪.৪ মাইক্ৰ’গ্ৰাম প্ৰতি ঘনমিটাৰত থকা ভাৰতৰ বায়ুৰ গুণাগুণ তৃতীয় সৰ্বাধিক বেয়া আছিল। 
 
২০২২ চনত ভাৰতে প্ৰতি ঘনমিটাৰত গড়ে ৫৩.৩ মাইক্ৰ’গ্ৰাম পিএম২.৫ ঘনত্বৰে অষ্টম প্ৰদূষিত দেশ হিচাপে স্থান লাভ কৰিছিল। অনুমান কৰা হৈছে যে ভাৰতৰ ১.৩৬ বিলিয়ন লোকে বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিয়া বাৰ্ষিক গাইডলাইন স্তৰ ৫ মাইক্ৰ’গ্ৰাম প্ৰতি ঘনমিটাৰতকৈ অধিক পিএম২.৫ৰ ঘনত্ব অনুভৱ কৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।