কিডনী ৰোগীৰ বাবে ঈশ্বৰৰ দূত হৈ পৰিছে ডাঃ চৈয়দ বিলাল আহমেদ ৰিজভি

Story by  atv | Posted by  [email protected] • 11 d ago
কিডনী ৰোগীৰ বাবে ঈশ্বৰৰ দূত হৈ পৰিছে ডাঃ চৈয়দ বিলাল আহমেদ ৰিজভি
কিডনী ৰোগীৰ বাবে ঈশ্বৰৰ দূত হৈ পৰিছে ডাঃ চৈয়দ বিলাল আহমেদ ৰিজভি
 
অনিকা মহেশ্বৰী / নতুন দিল্লী

কিডনীৰ ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে এজন ফিৰিস্তা অৰ্থাত্‍ ঈশ্বৰৰ দূত হৈ পৰিছে ডাঃ বিলাল আহমেদ ৰিজভি। দীৰ্ঘদিনীয়া কেৰিয়াৰত তেওঁ অগণন ৰোগীক মৃত্যুৰ দূৱাৰদলিৰ পৰা ঘূৰাই আনিছে। ডাক্তৰ হোৱাৰ বাবে তেওঁ যিমান সংগ্ৰাম কৰিছিল, কিডনী ৰোগীক ৰোগমুক্ত কৰিবলৈ ইয়াতকৈ অধিক পৰিশ্ৰম কৰিছে।
 
তেওঁ দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ আৰু বৃক্কৰ পাথৰ বা বৃক্কৰ সংক্ৰমণৰ চিকিৎসা কৰে। দিল্লীৰ ওখলাত অৱস্থিত হলি ফেমিলি হস্পিতালৰ ডাঃ চৈয়দ বিলাল আহমেদ ৰিজভিয়ে যোৱা ১০ বছৰ ধৰি নেফ্ৰ’লজী বিভাগত কৰ্মৰত হৈ আছে। এই ক্ষেত্ৰত তেওঁৰ ১৩ৰ পৰা ১৪ বছৰৰ অভিজ্ঞতা আছে।
 
ইয়াৰ পূৰ্বে তেওঁ গোবিন্দপুৰীত অৱস্থিত চণ্ডীৱালা হাস্পতাল, বসৈদাৰাপুৰত অৱস্থিত ই এছ আইত প্ৰেকটিছ কৰাৰ লগতে কিছু বছৰ কাশ্মীৰৰ কমিউনিটি হেল্থ চেণ্টাৰতো সেৱা আগবঢ়াইছিল। ডাঃ চৈয়দ বিলাল আহমেদ ৰিজভিয়ে আৱাজ দ্য ভইচক জনাইছে যে তেওঁ কাজাখস্তানৰ পৰা এম বি বি এছ কৰিছিল আৰু ভাৰতলৈ উভতি অহাৰ পিছত ড° মুবাৰক নাকভিৰ নিৰ্দেশনাত গৱেষণা (চি আৰ এ) কৰিছিল।
 
 
এই সময়ছোৱাত তেওঁ আমেৰিকালৈ যোৱাৰো সুযোগ পাইছিল। সাধাৰণতে নেফ্ৰ’লজিষ্টৰ নিজা কাৰ্যালয় থাকে বা আন নেফ্ৰ’লজিষ্টৰ সৈতে এটা গ্ৰুপত কাম কৰে। চিকিৎসালয় আৰু ডায়েলাইছিছ চেণ্টাৰতো কাম কৰে।
 
১৯৭৭ চনত কাশ্মীৰৰ অনন্তনাগত ডাঃ চৈয়দ বিলাল আহমেদ ৰিজভিৰ জন্ম হৈছিল। তেওঁ কয় যে তেওঁ পৰিয়ালৰ সৈতে বিগত ১৫ বছৰ ধৰি দিল্লীৰ বাসিন্দা হৈ আছে। অৱশ্যে বন্ধৰ দিনত মাক আৰু ভায়েকক লগ কৰিবলৈ কাশ্মীৰলৈ যায়। তেওঁৰ প্ৰাথমিক শিক্ষা কাশ্মীৰৰ ইকবাল মেম’ৰিয়েল ইনষ্টিটিউটত হৈছিল আৰু তেওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীলৈ অধ্যয়ন কৰিছিল।
 
তেওঁ কয় যে কাশ্মীৰ উপত্যকাত বসবাস কৰা লোকসকলে পঢ়া-শুনা কৰি উচ্চ পদবী লাভ কৰাটো সহজ নহয়। তেওঁলোকৰ পথ সংগ্ৰামেৰে ভৰা। প্ৰতিদিনে তেওঁলোকে সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হয়।
 
৪৬ বছৰীয়া ডাঃ চৈয়দ বিলাল আহমেদ ৰিজভিয়ে কয় যে আমাৰ মূল কাম হ’ল যদি আপোনাৰ বৃক্কৰ দীৰ্ঘদিনীয়া ৰোগ বা বৃক্কৰ কোনো গুৰুতৰ সমস্যা আছে, তেন্তে আপোনাৰ নিয়মীয়া প্ৰদানকাৰীয়ে আপোনাক চিকিৎসাৰ বাবে নেফ্ৰ’লজিষ্টৰ ওচৰলৈ প্ৰেৰণ কৰিব পাৰে। যদি আপোনাৰ ডায়েবেটিছৰ দৰে দীৰ্ঘদিনীয়া ৰোগ আছে, যিয়ে সময়ৰ লগে লগে আপোনাৰ বৃক্কক প্ৰভাৱিত কৰিব পাৰে, তেন্তে এজন নেফ্ৰ’লজিষ্ট আপোনাৰ যত্ন লোৱা দলৰ এক গুৰুত্বপূৰ্ণ অংশ হ’ব পাৰে।
 
সময়মতে নেফ্ৰ’লজিষ্টৰ পৰামৰ্শ ল’লে আপোনাৰ স্বাস্থ্যৰ অৱস্থা উন্নত হ’ব পাৰে। আমি ৰোগীক ডায়েলাইছিছলৈ পঠিয়াই দিওঁ যেতিয়া তেওঁলোকৰ বৃক্ক সঠিকভাৱে কাম নকৰে। বেছিভাগ মানুহেই জানে যে বৃক্কৰ মূল কাম হ’ল শৰীৰৰ পৰা পেলনীয়া সামগ্ৰী আৰু অতিৰিক্ত তৰল পদাৰ্থ আঁতৰোৱা। এই পেলনীয়া পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থ প্ৰস্ৰাৱৰ জৰিয়তে নিৰ্গত হয়। প্ৰস্ৰাৱৰ উৎপাদনত নিঃসৰণ আৰু পুনৰ শোষণৰ অতি জটিল পদক্ষেপ জড়িত হৈ থাকে। শৰীৰৰ ৰাসায়নিক পদাৰ্থৰ সুস্থিৰ ভাৰসাম্য বজাই ৰাখিবলৈ এই প্ৰক্ৰিয়াটো প্ৰয়োজনীয়।
 
ডাঃ চৈয়দ বিলাল আহমেদ ৰিজভিয়ে কয় যে মই আয়ুৰ্বেদৰ পুৰণি বিজ্ঞানত বিশ্বাস কৰোঁ, কিন্তু কেতিয়াবা সঠিক তথ্যৰ অভাৱত বৃক্ক ৰোগীয়ে নিজৰ শৰীৰৰ ক্ষতি কৰে। তেওঁলোকে কয় যে ডাক্তৰে আমাক ডায়েলাইছিছৰ কথা কৈছিল, কিন্তু আমি আয়ুৰ্বেদৰ দ্বাৰা আৰোগ্য হৈছিলোঁ, এনে পৰিস্থিতিত ডাঃ চৈয়দ বিলালে কয় যে সত্যটো হ’ল যিজনক হ্ৰস্বম্যাদী ডায়েলাইছিছৰ প্ৰয়োজন হয় তেওঁ সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগিব অন্যথা ক্ষতি হ’ব পাৰে।
 
আৰু বহু ৰোগী ডায়েলাইছিছ বা কেইটামান ডায়েলাইছিছৰ পিছত সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে। আৰু তাৰ পিছত তেওঁলোকক আৰু ডায়েলাইছিছৰ প্ৰয়োজন নাই। এনে অৱস্থাক গুৰুতৰ বৃক্কৰ আঘাত বুলি কোৱা হয়। আৰু আয়ুৰ্বেদ চৰ্চা কৰাসকলে জানে যে এবাৰ ডায়েলাইছিছ আৰম্ভ হ’লে বন্ধ নহ’ব। এই কথা ৰোগীক কোৱা উচিত নহয়। ৰোগীয়ে এনে বিভ্ৰান্তিৰ পৰা আঁতৰি থাকিব লাগে।
 
তেওঁৰ বিভাগৰ মুৰব্বী হৈছে জ্যেষ্ঠ উপদেষ্টা ড০ অনিল প্ৰসাদ ভাট। একেদৰে, জ্যেষ্ঠ উপদেষ্টা ড০ ভীম ৰাজ গুপ্তা আৰু ড০ গৌৰৱ সাহায়ৰ সৈতে একেলগে কাম কৰাটো ভগৱানৰ দান। সহকৰ্মী ডাঃ আদিত্য কোথাই একেলগে এটা দল হিচাপে কাম কৰি মেৰীজুনৰ যত্ন লয়।
 
আমি নেফ্ৰ’লজিষ্টসকলে বৃক্ক সংৰোপণৰ সমগ্ৰ প্ৰক্ৰিয়াটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰো। ৰোগীৰ কিডনী ট্ৰান্সপ্লাণ্ট কৰাৰ পিছতো আমি তেওঁৰ খাদ্য আৰু অন্যান্য ঔষধৰ যত্ন লওঁ। বৃক্কৰ প্ৰাৰম্ভিক সমস্যাৰ বেছিভাগেই ঔষধৰ দ্বাৰা চিকিৎসা কৰিব পাৰি।
 
 
ডাঃ চৈয়দ বিলাল আহমেদ ৰিজভিয়ে কয় যে এজন নেফ্ৰ’লজিষ্টে বৃক্কৰ ৰোগ আৰু ইয়াৰ অগ্ৰগতি কেনেকৈ হৈছে সেইটো নিৰ্ণয় কৰিবলৈ কেইবাটাও পৰীক্ষা কৰে। এই কামটোৰ বাবেই আমাক প্ৰশিক্ষণ দিয়া হয়। কেতিয়াবা লক্ষণ দেখা দিয়াৰ আগতেই বৃক্কৰ ৰোগ গুৰুতৰ হৈ উঠিব পাৰে। এনে বহু ৰোগী আমাৰ ওচৰলৈ আহে যিয়ে নাজানে যে তেওঁলোকৰ বৃক্কৰ সংক্ৰমণ হৈছে বা তেওঁলোকৰ বৃক্কৰ আকাৰ সৰু হৈ গৈছে।
 
ডাঃ চৈয়দ বিলাল আহমেদ ৰিজভিয়ে কয় যে বৃক্কৰ সমস্যা পৰিচালনা কৰাৰ উপৰিও বৃক্কৰ চিকিৎসকে মানুহক বৃক্কৰ ৰোগৰ লক্ষণ, যেনে ইলেক্ট্ৰ’লাইটৰ বিকাৰ (বিশেষকৈ পটাছিয়ামৰ মাত্ৰা) আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।
 
যদিও সৰুৰে পৰা গণিত আৰু বিজ্ঞানৰ দৰে বিষয়ত তেওঁৰ আগ্ৰহ আছিল, কিন্তু প্ৰয়াত পিতৃয়ে তেওঁক চিকিৎসা শাখাত আগবাঢ়ি যাবলৈ পৰামৰ্শ দিছিল আৰু আজি ডাঃ চৈয়দ বিলাল আহমেদ ৰিজভিয়ে নিজৰ বৃত্তিটো নিষ্ঠাসহকাৰে পালন কৰি আছে।
 
তেওঁ কয় যে মই মোৰ বিগত বছৰবোৰৰ অভিজ্ঞতাৰ পৰা শিকিছো যে এজন ডাক্তৰে ৰোগীৰ কষ্ট অনুভৱ কৰিব লাগে আৰু ডাক্তৰ হোৱাৰ বাবে আমি সেই ৰোগীজনক সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা উচিত। ডাঃ চৈয়দ বিলাল আহমেদ ৰিজভিয়ে কয় যে নেফ্ৰ’লজিষ্টসকলেও বিভিন্ন চিকিৎসালয়ত ফ্ৰীলান্স হিচাপে কাম কৰে। তেওঁৰ বাৰ্ষিক আয় প্ৰায় ১৪ লাখ।