ভাৰতনাট্যমৰ জৰিয়তে মানসিক চাপৰ পৰা মুক্ত হৈ চিবিএছই পৰীক্ষাত উজলি উঠিল নৰিন ৰহমান বৰুৱা

Story by  Daulat Rahman | Posted by  Munni Begum • 14 d ago
নৰিন ৰহমান বৰুৱা
নৰিন ৰহমান বৰুৱা
 
দৌলত ৰহমান / গুৱাহাটী
 
চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত গুৱাহাটীৰ পান বজাৰৰ ডন বস্কো স্কুলৰ পৰা শীৰ্ষস্থান লাভ কৰা নৰিন ৰহমান বৰুৱা এগৰাকী প্ৰতিভাৱান ভাৰতনাট্যম নৃত্যশিল্পীও। এই বছৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হোৱাৰ ঠিক পূৰ্বে ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ এগৰাকী মঞ্চশিল্পী হিচাপে তেওঁৰ অভিষেক ঘটিছিল। 
 
পৰীক্ষাৰ পূৰ্বে তেওঁৰ মঞ্চ অভিষেক অনুষ্ঠান অনুষ্ঠিত হ'লেও ই তেওঁৰ পৰীক্ষাৰ প্ৰস্তুতিত হেঙাৰ হৈ উঠা নাছিল। বৰঞ্চ ভাৰতনাট্যমে নৰিনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত ইতিবাচক দৃষ্টিভংগী বজাই ৰখাত সহায়হে কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ মানসিক চাঁপৰ পৰাও মুক্ত হ'ব পাৰিছিল। আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক কথা-বতৰাত নৰিনে কয় যে ভাৰতনাট্যমৰ দৰে নৃত্যই পৰীক্ষাৰ পূৰ্বে এজন শিক্ষাৰ্থীৰ উদ্বেগৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ভয় দূৰ কৰে। 
 
নৰিন ৰহমান বৰুৱাই মঞ্চত নৃত্য পৰিৱেশন কৰাৰ এক মূহুৰ্ত
 
“একাগ্ৰতাৰ বাবে কোনোবাই অকলশৰীয়াকৈ বহি প্ৰস্তুতি চলাব পাৰে। অধিক মনোসংযোগৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা আৱদ্ধ হৈ থকাৰ পিছত ছাত্ৰজনে মানসিক চাপ অনুভৱ কৰিব পাৰে। নৃত্য হৈছে আপোনাৰ মানসিক চাপ নিমিষতে দূৰ কৰাৰ অন্যতম উত্তম উপায়।’-নৰিনে কয়।
 
উল্লেখ্য যে, নৰিনে কলা শাখা (Humanities Stream)ত সৰ্বমুঠ ৯৭% নম্বৰ লাভ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম পুৰণি মিছনেৰী স্কুল পান বজাৰৰ ডন বস্কো স্কুলৰ টপাৰ হিচাপে পৰিগণিত হৈছে। ইংৰাজীত তেওঁ ১০০ৰ ভিতৰত ৯৯ নম্বৰ লাভ কৰিছে।
 
“মই মোৰ সফলতাৰ কাৰণ হিচাপে কেৱল কঠোৰ পৰিশ্ৰম বুলি ক’ব নিবিচাৰো। মোৰ পিতৃ-মাতৃ আৰু শিক্ষকৰ বিশ্বাসে মোৰ আত্মবিশ্বাস বৃদ্ধি আৰু পৰীক্ষাত পাৰদৰ্শিতা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মোৰ বিদ্যালয়ৰ শিক্ষকসকলে মোক কৈছিল যে মই জীৱনত সফলতাৰ শিখৰ চুব পাৰিম। ই মোক অত্যন্ত প্ৰেৰণা দিছিল।"-সাঁতোৰ, লিখা-মেলা আৰু লিডাৰশ্বিপ ট্ৰেইনিঙৰ লগতো জড়িত নৰিনে এইদৰে কয়।
 
নৰিন ৰহমান বৰুৱা তেওঁৰ পিতৃ-মাতৃৰ সৈতে
 
ভাৰত বা বিদেশৰ শীৰ্ষ পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত যিকোনো এখনত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত মনোবিজ্ঞানক মেজৰ বিষয় হিচাপে অধ্যয়ন কৰিবলৈ সাজু হোৱা নৰিনে কয় যে তেওঁ মানুহৰ মানসিকতা জনা আৰু মনটো অধ্যয়ন কৰাৰ প্ৰতি অতিশয় আগ্ৰহী। মনোবিজ্ঞান চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্যসেৱা ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংশ বুলিও মেধাৱী ছাত্ৰীগৰাকীয়ে কয়। 
 
“বৰ্তমান সমাজত শাৰীৰিক স্বাস্থ্যৰ দৰেই মানসিক স্বাস্থ্যও সমানেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। আচলতে মানসিক সুস্থতাই শাৰীৰিক সুস্থতা নিশ্চিত কৰে।"-নৰিনে কয়। তেওঁৰ পিতৃ মুস্তাফা ছাজিদ বৰুৱা এগৰাকী অভিযন্তা আৰু মাতৃ মৰ্জিনা বেগম শিক্ষকতাৰ সৈতে জড়িত।
 
উল্লেখ্য যে, বিগত বছৰবোৰৰ দৰে ডন বস্কো স্কুলে পুনৰবাৰ চিবিএছই পৰীক্ষাৰ ফলাফলত পাৰদৰ্শিতা দেখুৱাইছে। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বিজ্ঞান শাখাৰ ফলাফলত আয়ুস্মান ঘোছাল আৰু অশ্বলেছা শৰ্মাই ৯৬.৮০% নম্বৰ লাভ কৰি বিদ্যালয়ৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে। 
 
নৰিন ৰহমান বৰুৱাই ভাৰত নাট্যমৰ ডিপ্লমা চাৰ্টিফিকেট গ্ৰহণ কৰাৰ এক মূহুৰ্ত
 
ইফালে, বাণিজ্য শাখাত ধ্ৰুৱ লুনিয়া আৰু শৌৰ্য্য জৈনে ৯৬.৮০% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। শিক্ষা প্ৰতিষ্ঠানখনৰ মুঠতে ৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৯০%তকৈ অধিক আৰু ৮২ গৰাকীয়ে ৮০%তকৈ অধিক নম্বৰ লাভ কৰিছে।
 
দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত ধ্ৰুবনীল বৰুৱাই ৯৭.৮০% সৰ্বমুঠ নম্বৰ লাভ কৰি স্কুলৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে। এই পৰীক্ষাত ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৯০% নম্বৰৰ ওপৰত নম্বৰ লাভ কৰাৰ বিপৰীতে ৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৮০% নম্বৰৰ ওপৰত নম্বৰ লাভ কৰি বিদ্যালয়খনৰ সুনাম অক্ষুন্ন ৰাখিছে।
 
ডন বস্কো স্কুলৰ ৰেক্টৰ আৰু প্ৰিন্সিপাল ফাদাৰ চেবাষ্টিয়ান মেথিউৱে কয় যে তেওঁৰ বিদ্যালয়ে সদায় তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক আৰু অন্যান্য ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শনত গুৰুত্ব দি আহিছে। "আমি বিভিন্ন ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ বাবে এক সামগ্ৰিক পন্থা গ্ৰহণ কৰোঁ।"-ফাদাৰ চেবাষ্টিয়ান মেথিউৱে কয়।