ছ’চিয়েল মিডিয়াত সম্প্ৰীতিৰ নিদৰ্শন হৈ পৰিছে পুনেৰ তনুজা মহছিন সান্দে

Story by  atv | Posted by  Munni Begum • 1 h ago
তনুজা মহছিন সান্দে
তনুজা মহছিন সান্দে
 
 
ভক্তি চালক
 
ছ’চিয়েল মিডিয়া কেৱল মনোৰঞ্জনৰ মাধ্যমেই নহয়, ই সমাজৰ প্ৰকৃত ছবিখন দাঙি ধৰাৰ এক শক্তিশালী অস্ত্ৰও হ'ব পাৰে। যি সময়ত একাংশ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত অহৰহ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলে, তেনে সময়তে পুনেৰ এগৰাকী মুছলমান মহিলা তনুজা মহছিন সান্দেই মাৰাঠী ভাষাত ভিডিঅ' নিৰ্মাণ কৰি সমাজত বিলাইছে ভাতৃত্ববোধৰ অনন্য বাৰ্তা। সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰিয়েই তেওঁ গঢ়ি তুলিছে নিজৰ এক সুকীয়া পৰিচয়। হিন্দু-মুছলমানৰ বিভেদৰ প্ৰাচীৰ ভাঙি তেওঁ প্ৰমাণ কৰিছে যে মানৱতা আৰু সম্প্ৰীতিয়েই সমাজৰ আচল ভেটি।
 
সমাজত প্ৰায়ে এই ধাৰণা থাকে যে মহাৰাষ্ট্ৰৰ মুছলমানসকলে মাৰাঠী ভাষা নকয়, কিন্তু তনুজাই নিজৰ ভিডিঅ'ৰ জৰিয়তে এই ধাৰণাটো ভুল প্ৰমাণিত কৰিছে। তেওঁৰ ভিডিঅ'সমূহত এইগৰাকী মুছলমান মহিলাক ইছলামিক সাজ-পাৰ পৰিধান কৰি সাৱলীলভাৱে মাৰাঠী ভাষাত কথা পাতি থকা দেখা যায়।
 
 
তেওঁ দৃঢ়তাৰে কয়, "বহুতেই ভাবে যে মুছলমানসকলে মাৰাঠী নকয়। কিন্তু মই তেওঁলোকক জনাব বিচাৰো যে মই এগৰাকী মহাৰাষ্ট্ৰীয় মুছলমান আৰু এই মাটিতেই মোৰ জন্ম হৈছে। সেয়েহে, নিজৰ ভাষাৰ ওপৰত গৌৰৱ কৰি মই মাৰাঠীত ভিডিঅ' বনোৱাৰ সিদ্ধান্ত লৈছিলো। আৰু মোৰ ভিডিঅ' চোৱা গৰিষ্ঠসংখ্যক লোকেই মাৰাঠী ভাষী। ইয়াৰ জৰিয়তে, মই মানুহৰ মনত থকা বহু সন্দেহ দূৰ কৰিছো।"
 
তেওঁৰ কথা কোৱাৰ শৈলী আৰু ছ’চিয়েল মিডিয়াত তেওঁৰ সক্ৰিয়তায়েই তেওঁৰ এক বিশেষ প্ৰচেষ্টাৰ সূচনা কৰে। সেই প্ৰচেষ্টাটো হ'ল 'ৰমজান ঈদ চা ডাব্বা' (ৰমজান ঈদৰ টিফিন)। টিভিত বাতৰি আৰু ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ'বোৰে এনে এক ধাৰণা বিয়পায় যেন হিন্দু আৰু মুছলমানৰ মাজত কেৱল শত্ৰুতাহে আছে। অৱশ্যে, আমি যদি সাধাৰণ মানুহৰ জীৱনলৈ লক্ষ্য কৰোঁ, তেন্তে ছবিখন সম্পূৰ্ণ বেলেগ। তনুজাই তেওঁৰ এই প্ৰচেষ্টাৰ জৰিয়তে এই বাস্তৱতাক আলোকপাত কৰিছে। ৰাজনীতি আৰু নিউজ চেনেলৰ উৰ্ধলৈ গৈ, তেওঁ নিজৰ কামৰ জৰিয়তে দেখুৱাই দিছে যে আজিৰ দিনতো আমি এখন সমাজ হিচাপে কেনেদৰে মিলাপ্ৰীতিৰে একেলগে থাকিব পাৰোঁ।
 
তনুজাই তেওঁৰ শৈশৱ মুম্বাইৰ দাদৰ হিন্দমাতা স্থিত আৰক্ষী লাইনত পাৰ কৰিছিল। তেওঁৰ পিতৃ ৰছিদ শ্বেখ মুম্বাই আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক (ASI) আছিল। তনুজাই কয় যে আৰক্ষী লাইনত থাকোঁতে তেওঁ কেতিয়াও ধৰ্মৰ নামত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱা নাছিল।
 
আৰক্ষী কলনীত একমাত্ৰ মুছলমান পৰিয়াল হোৱা স্বত্ত্বেও, তেওঁলোকে হোলী, দহী হাণ্ডি আৰু ছিমগাৰ দৰে সকলো উৎসৱ তেওঁলোকৰ হিন্দু ভাই-ভনীসকলৰ সৈতে পালন কৰিছিল। আজিও পুনেত বাস কৰি তেওঁ এই ঐতিহ্য জীয়াই ৰাখিছে। তেওঁৰ চুবুৰীত জৈন, মাৰোৱাড়ী আৰু বহুতো হিন্দু পৰিয়াল বাস কৰে। দেৱালীত লক্ষ্মী পূজাৰ পাছত আটাইতকৈ প্ৰথমে তেওঁলোকৰ ঘৰলৈহে জলপানৰ থালি আহে, তাৰ পাছতহে চুবুৰীয়াসকলে খায়। একেদৰেই, ঈদৰ দিনা দুপৰীয়া ১ বজাৰ আগতেই তনুজাই নিজ হাতেৰে চুবুৰীয়াসকলক ৩০ ৰ পৰা ৩৫ টা ঈদৰ ডাব্বা (টিফিন) বিলাই দিয়ে। তাৰ পাছতহে তেওঁৰ পৰিয়ালটোৱে আহাৰ গ্ৰহণ কৰিবলৈ বহে।
 
স্বামী আৰু পুত্ৰৰ সৈতে তনুজা মহছিন
 
'ৰমজান ঈদৰ ডাব্বা'ৰ আঁৰৰ অনুভৱ
 
তনুজা সান্দেই তেওঁৰ এই 'ৰমজান ঈদ চা ডাব্বা' প্ৰচেষ্টাৰ আঁৰৰ চিন্তাধাৰা বৰ্ণনা কৰে। এই ভিডিঅ'টোৰ আঁৰৰ উদ্দেশ্যৰ বিষয়ে কওঁতে তেওঁ কয়, "সমাজত ধৰ্মৰ নামত যি ৰাজনীতি চলি আছে, তাৰ পৰা মানুহে ভাবে যে হিন্দু-মুছলমানৰ মাজত কেৱল শত্ৰুতাহে আছে। কিন্তু প্ৰকৃততে তেনে একো নাই। আমি সকলো আজিও একেলগে আছোঁ। যেতিয়া মই হিন্দু উৎসৱসমূহত অংশগ্ৰহণ কৰিছিলো, তেতিয়া কোনেও মোক কেতিয়াও পৰ বুলি ভবা নাছিল। ছ’চিয়েল মিডিয়াত যি দেখুওৱা হয় সেয়া সঁচা নহয়, প্ৰকৃততে আমি যি অনুভৱ কৰোঁ সেয়া ছ’চিয়েল মিডিয়াৰ পৃথিৱীখনৰ পৰা বহুত বেলেগ।"
 
তেওঁ লগতে কয়, "ৰমজানৰ উপহাৰ দিওঁতে কাকো আমিষ আহাৰ খাবলৈ বাধ্য কৰোৱা নহয়। যিসকল লোকে নিৰামিষ আহাৰ বিচাৰে, তেওঁলোকক মই আনন্দেৰে 'শ্বীৰ খুৰমা' (এবিধ মিঠাই) পৰিৱেশন কৰোঁ। আচলতে, আমাৰ চুবুৰীয়াসকলে শ্বীৰ খুৰমা বহুত ভাল পায়। তেওঁলোকে সোধে, 'আপুনি এইটো কেনেকৈ বনালে? ইয়াত কি কি সামগ্ৰী দিলে?' আৰু এনেধৰণৰ প্ৰশ্ন সুধি তেওঁলোকে ৰেচিপিটো বিচাৰে। এই ৰেচিপিটো শ্বেয়াৰ কৰি আৰু এই মিঠাইখিনি বিলাই মই যি আনন্দ পাওঁ, সেয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।"
 
সামাজিক মাধ্যমত নেতিবাচক কথাৰ প্ৰসাৰ ঘটাৰ উপায়
 
ঈদৰ দিনা ছ’চিয়েল মিডিয়াত ভিডিঅ' প'ষ্ট কৰাৰ পাছত, তেওঁ ৯৯% ইতিবাচক সঁহাৰি লাভ কৰিছিল, কিন্তু ১% লোকে নেতিবাচক মন্তব্য কৰিছিল। ইয়াৰ ফলত তেওঁ কিছু সময়ৰ বাবে বিচলিত হৈ পৰিছিল। তেওঁ কমেণ্ট চেক্সন বন্ধ কৰা বা ভিডিঅ'টো ডিলিট কৰাৰ কথাও চিন্তা কৰিছিল।
 
তেওঁ কয়, "যেতিয়া মই কমেণ্ট চেক্সন বন্ধ কৰিছিলো, তেতিয়া মানুহে মোক মেছেজ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে কৈছিল, 'তাই (বাইদেউ), আপোনাৰ ভিডিঅ'টো বহুত ভাল হৈছে, আমি আমাৰ অনুভৱ শ্বেয়াৰ কৰিব বিচাৰো, কমেণ্ট চেক্সন অন কৰক।' ইয়াৰ পাছতে তনুজাই নেতিবাচকতাক আওকাণ কৰি ইতিবাচকতাক গুৰুত্ব দিয়াৰ সিদ্ধান্ত লয়। তেওঁৰ কমেণ্ট চেক্সনত বহু লোকে তেওঁলোকৰ শৈশৱৰ হিন্দু-মুছলমান বন্ধুত্বৰ স্মৃতিও শ্বেয়াৰ কৰে।"
 
ৰমজান শৃংখলাৰ আৰম্ভণি সহায়িকা খুৰীদেউহঁতৰ প্ৰশ্নৰ পৰাই হয়
 
তনুজাই ৰমজানৰ সময়ত ভিডিঅ'ৰ এক শৃংখলা আৰম্ভ কৰিছিল। এই শৃংখলাটো আৰম্ভ কৰাৰ কাৰণ আছিল তেওঁলোকৰ ঘৰুৱা সহায়িকাসকলে সোধা কিছুমান প্ৰশ্ন। তেওঁ কয়, "মোৰ এটা তিনি বছৰীয়া পুত্ৰ আছে। যেতিয়া মই ৰমজানৰ সময়ত এমাহ ৰোজা (ব্ৰত) ৰাখোঁ, তেতিয়া আমাৰ ঘৰুৱা সহায়িকাসকলে মোক বিভিন্ন প্ৰশ্ন সোধে। যিহেতু তেওঁলোক হিন্দু, সেয়েহে তেওঁলোকৰ বাবে এইবোৰ প্ৰশ্ন সোধাটো স্বাভাৱিক। তেওঁলোকে এইটো জানিবলৈ বৰ আগ্ৰহী আছিল যে ৰোজাৰ সময়ত মই মোৰ সন্তানৰ যত্ন কেনেকৈ ল'ম? মই গোটেই দিনটো লঘোনে থাকিম নেকি? পানী নোখোৱাকৈ ৰোজা কেনেকৈ ৰাখিম? জোন চাই ৰোজা ভঙা হয় নেকি? তেওঁলোকৰ এনেকুৱা সৰল প্ৰশ্নবোৰৰ পৰাই এই শৃংখলাটো নিৰ্মাণ কৰাৰ ধাৰণা মনলৈ আহিছিল।" তেওঁ এই শৃংখলাটো সম্পূৰ্ণৰূপে মাৰাঠী ভাষাত নিৰ্মাণ কৰিছিল আৰু মানুহে ইয়াক যথেষ্ট আঁদৰি লৈছিল।
 
তনুজা মহছিন সান্দে পৰিয়ালৰ সৈতে
 
IT খণ্ডৰ চাকৰিৰ পৰা কণ্টেণ্ট ক্ৰিয়েটৰ হোৱালৈকে যাত্ৰা
 
তনুজাই ইঞ্জিনীয়াৰিং পঢ়িছিল। তাৰ পাছত তেওঁ ৫ বছৰ আই টি খণ্ডত কাম কৰিছিল। লকডাউনৰ সময়ত তেওঁৰ বিয়া হয় আৰু তাৰ পাছত পৰিয়ালৰ দায়িত্বত ব্যস্ত থকাৰ বাবে তেওঁ চাকৰি এৰি দিয়ে। বৰ্তমান তেওঁ পুনেত তেওঁৰ স্বামী মহছিন সান্দে (যি এজন আই টি ইঞ্জিনীয়াৰ) আৰু তেওঁলোকৰ ৩ বছৰীয়া পুত্ৰৰ সৈতে বাস কৰে। তেওঁৰ ভাতৃ নিজেও এজন ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰ। তেওঁৱেই তনুজাক ঘৰৰ পৰাই কিবা বেলেগ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ পৰিয়ালে কণ্টেণ্ট ক্ৰিয়েচনৰ এই কামত তেওঁক সম্পূৰ্ণ সমৰ্থন কৰিছিল। তনুজাই জনোৱা মতে, তেওঁৰ যিকোনো ভিডিঅ'ত প্ৰথমটো লাইক আৰু কমেন্ট তেওঁৰ পিতৃৰ পৰাই আহে।
 
তনুজা সান্দেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুৱপ্ৰজন্মলৈ এক অতি গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কয়, “ৰাজনীতিক কেৱল অনলাইনতেই থাকিবলৈ দিয়ক। টিভিত ৰাজনীতি বেলেগ আৰু আমাৰ জীৱন বেলেগ। মহাৰাষ্ট্ৰত সকলো ধৰ্মৰ মাজত সদায় সম্প্ৰীতি আছিল আৰু থাকিব। মোৰ দেউতাই আমাক এইটোৱেই শিকাইছে আৰু মই মোৰ পুত্ৰকো একেই সংস্কৃতিৰেই ডাঙৰ-দীঘল কৰিম। বিপদৰ সময়ত সহায় কৰা ব্যক্তিজনৰ ধৰ্ম কেতিয়াও চোৱা নহয়। তেন্তে আমি আমাৰ দৈনন্দিন জীৱনত এই কথাবোৰত কিয় গুৰুত্ব দিওঁ? সকলো ধৰ্মৰ মাজত সম্প্ৰীতি বজাই ৰখাটোৱেই আমাৰ মহাৰাষ্ট্ৰৰ সংস্কৃতি আৰু আমি ইয়াক সংৰক্ষণ কৰা উচিত।” তেওঁ গৌৰৱেৰে কয়।