শতানন্দ ভট্টাচাৰ্য / হাইলাকান্দি
ৰাজনীতিত নৱাগত হৈয়ো প্ৰথমটো খোজতেই সমগ্ৰ ৰাজ্যৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এগৰাকী যুৱ নেতাই। ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতিৰ পথাৰত খোজ পেলোৱা এইগৰাকী নেতাই শেহতীয়াকৈ ঘোষণা হোৱা নিৰ্বাচনী ফলাফলত এক অভাৱনীয় চমক সৃষ্টি কৰিছে। তেওঁ আন কোনো নহয়, তেওঁ হৈছে অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতি তথা আলগাপুৰ-কাটলিচৰা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক জুবাইৰ আনাম মজুমদাৰ।
পেছাত এগৰাকী স্থপতিবিদ হৈয়ো, নিজৰ সন্মুখত থকা সুনিশ্চিত কেৰিয়াৰৰ অজস্ৰ সুযোগ পৰিহাৰ কৰি তেওঁ বাছি লৈছিল ৰাইজৰ মাজত থকাৰ এই সংগ্ৰামী পথটো। এসময়ত গুৱাহাটীত কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUI-ৰ পৰা সাধাৰণভাৱে কাম আৰম্ভ কৰি ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতিৰ পদলৈকে নিজৰ যাত্ৰা অব্যাহত ৰখা জুবাইৰে যে এদিন বিধায়ক হিচাপে বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰিব, সেয়া হয়তো কোনেও ভবা নাছিল।
সোমবাৰে ঘোষণা হোৱা অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত জুবাইৰ আনমে একপ্ৰকাৰ ইতিহাস ৰচনা কৰিলে। হাইলাকান্দি জিলাৰ ১২২ নম্বৰ আলগাপুৰ-কাটলিচৰা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ বিপুল জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হয়। আটাইতকৈ লক্ষ্যণীয় কথাটো হ'ল, এই সমষ্টিটোত মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, যাৰ ভিতৰত আছিল দুগৰাকীকৈ বৰ্তমানৰ বিধায়ক- নিজাম উদ্দিন চৌধুৰী আৰু সুজাম উদ্দিন লস্কৰ। কিন্তু সকলো সমীকৰণ সলনি কৰি জুবাইৰ আনামে বিজেপিৰ মিত্ৰজোঁট অসম গণ পৰিষদৰ প্ৰাৰ্থী তথা হাইলাকান্দিৰ বৰ্তমানৰ বিধায়ক জাকিৰ হুছেইন লস্কৰক ১,০৫,২৬৯ টা ভোটৰ এক বিশাল ব্যৱধানত পৰাস্ত কৰে। এই জয়ে ৰাজ্যৰ ৰাজনীতিত এক নতুন চিন্তাধাৰাৰ উন্মেষ ঘটোৱাৰ সংকেত দিছে।
৩৫ বছৰীয়া জুবাইৰ আনমৰ শৈশৱৰ পৰাই আছিল এক তীক্ষ্ণ মেধা। তেওঁৰ এই বৌদ্ধিক আৰু শৈক্ষিক উত্তৰণৰ আঁৰত আছে এক সুশিক্ষিত পাৰিবাৰিক পটভূমি। তেওঁৰ পিতৃ খাইৰুজ্জামান মজুমদাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা আছিল আৰু মাতৃ লাভলী বেগম মজুমদাৰো এগৰাকী উচ্চ শিক্ষিত মহিলা। এটা বিদ্যানুৰাগী পৰিৱেশত ডাঙৰ-দীঘল হোৱা জুবাইৰে সেয়েহে পঢ়া-শুনাতো সদায় পাৰদৰ্শিতা দেখুৱাই আহিছিল। পৰিয়ালৰ আন সদস্যসকলো নিজ নিজ ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত- তেওঁৰ এগৰাকী খুৰাক শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চকু বিশেষজ্ঞ, ভনীয়েক এগৰাকী বিজ্ঞানী আৰু ভাতৃ ডুবাইত এক সফল ব্যৱসায়ৰ সৈতে জড়িত।
জুবাইৰ আনম মজুমদাৰ
সোমবাৰে নিৰ্বাচনত বিজয়ী হোৱাৰ প্ৰমাণপত্ৰ হাতত লৈ যুৱ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ অতি বিনম্ৰতাৰে কয় যে এই বিশাল জয় কোনো ব্যক্তিবিশেষৰ ফল নহয়; ই আচলতে সাধাৰণ জনতাৰ দীৰ্ঘদিনীয়া আশা-আকাংক্ষা, বঞ্চনাৰ ক্ষোভ আৰু এক সুস্থিৰ পৰিৱৰ্তনৰ প্ৰতি থকা হেঁপাহৰহে সামূহিক প্ৰতিফলন। দায়বদ্ধতাৰ ৰাজনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ৰাইজে তেওঁৰ ওপৰত যি আস্থা স্থাপন কৰিছে, সেয়া তেওঁৰ বাবে এক নৈতিক দায়িত্ব আৰু এই দায়িত্বৰ মৰ্যাদা ৰখাই হ'ব তেওঁৰ প্ৰথম কৰ্তব্য। ক্ষমতাৰ ৰাজনীতিতকৈ জনসাধাৰণৰ কাষ চাপি যোৱা আৰু শাসন ব্যৱস্থাতকৈ জনসেৱাক অগ্ৰাধিকাৰ দিয়াৰ এই মানসিকতাই তেওঁৰ ৰাজনৈতিক স্থিতিক আনতকৈ পৃথক কৰি তুলিছে।
সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰতো জুবাইৰ আনমৰ মনত এখন সুসংহত আৰু স্পষ্ট ৰূপৰেখা আছে। অঞ্চলটোৰ জৰাজীৰ্ণ আন্তঃগাঁথনিৰ উন্নয়ন, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰা তথা আধুনিক সা-সুবিধা প্ৰদান কৰাটোৱেই হ'ব তেওঁৰ প্ৰাৰম্ভিক পদক্ষেপ। ইয়াৰ উপৰি, শিক্ষা ব্যৱস্থাক সময়োপযোগী কৰি তোলা, নতুন প্ৰজন্মৰ বাবে সংস্থাপনৰ সুযোগ সৃষ্টি কৰা আৰু সামাজিক সুৰক্ষাৰ চক্ৰটো সম্প্ৰসাৰণ কৰাটো তেওঁৰ অগ্ৰাধিকাৰৰ তালিকাত শীৰ্ষত আছে।
ৰাইজৰ সৈতে জুবাইৰ আনম মজুমদাৰৰ
অৱশ্যে কেৱল উন্নয়নমূলক প্ৰকল্প বা পৰিকল্পনাৰ কথাতেই তেওঁ সীমাবদ্ধ থকা নাই, তেওঁৰ কথাত প্ৰতিফলিত হৈছে ঐক্য আৰু সমন্বয়ৰ এক গভীৰ বাৰ্তা। নিৰ্বাচনৰ পিছৰ সকলো ভেদাভেদ পাহৰি একত্ৰিতভাৱে আগবাঢ়ি যাবলৈ তেওঁ ৰাইজলৈ আহ্বান জনায়। তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে এতিয়া তেওঁ কেৱল এটা বিশেষ দলৰ প্ৰতিনিধি নহয়, বৰং সমগ্ৰ অঞ্চলটোৰ সকলো জনসাধাৰণৰ উমৈহতীয়া কণ্ঠস্বৰ। এইদৰে যুৱ নেতৃত্ব, দায়বদ্ধতা আৰু উন্নয়নমুখী চিন্তাৰ এক সুন্দৰ সমন্বয়ৰে জুবাইৰ আনমে এক নতুন ৰাজনৈতিক অধ্যায়ৰ সূচনা কৰিব বিচাৰিছে- য’ত জনসাধাৰণৰ বিশ্বাস কেৱল প্ৰতিশ্ৰুতিৰ মাজতেই আৱদ্ধ নাথাকি, প্ৰকৃত কৰ্মৰ জৰিয়তে প্ৰতিফলিত হ'ব।