কোৰান-গীতাৰ পৰা মানসিক শক্তি লাভ কৰা জেছমিন চুলতানাৰ APSC ত চমকপ্ৰদ সাফল্য

Story by  Ariful Islam | Posted by  Munni Begum • 2 h ago
জেছমিন চুলতানা তেওঁৰ বাসগৃহত
জেছমিন চুলতানা তেওঁৰ বাসগৃহত
 
আৰিফুল ইছলাম / গুৱাহাটী
 
কৃত্ৰিম বুদ্ধিমত্তা আৰু যান্ত্রিকতাৰ এই যুগত মানসিক শান্তি লাভৰ বাবে মানুহক বিভিন্ন কাম কৰা দেখা যায়। কিন্তু বৰ্তমান সময়তো মন মগজুক সুস্থ কৰি ৰাখিবৰ বাবে কোৰান আৰু গীতা অধ্যয়ন কৰি সফলতা অৰ্জন কৰিছে এগৰাকী যুৱতীয়ে। সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা গুৱাহাটীৰ জেছমিন চুলতানাই মানসিক শান্তিৰ বাবে প্ৰায়ে অধ্যয়ন কৰে পৱিত্ৰ কোৰান আৰু গীতা। 
 
অসম লোকসেৱা আয়োগৰ (APSC) শেহতীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত (CCE) অসম আৰক্ষী সেৱাত (APS) ষষ্ঠ স্থান লাভ কৰি জেছমিন চুলতানাই এক চমকপ্ৰদ সফলতা অৰ্জন কৰিছে। তেওঁৰ এই যাত্ৰা কেৱল এগৰাকী যুৱতীৰ সফলতা নহয়, বৰঞ্চ ই ভাষাৰ গৌৰৱ, নাৰী সৱলীকৰণ আৰু কঠোৰ পৰিশ্ৰমৰ এক জীৱন্ত দলিল।
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 

A post shared by The Edge (@theedge.india)

 
জেছমিন চুলতানাৰ শিক্ষাৰ যাত্ৰা আৰম্ভ হৈছিল অসমীয়া মাধ্যমৰ মাজেৰে। ২০১৬ চনত তৰিণী চৌধুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰা জেছমিনে কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অষ্টম শ্ৰেণীত পঢ়ি থকা সময়তে এগৰাকী বান্ধৱীৰ পৰামৰ্শই তেওঁৰ জীৱনৰ মোৰ সলাই দিছিল— "যদি সমাজখন সলাব বিচাৰা, তেন্তে তন্ত্ৰৰ (System) ভিতৰত সোমাব লাগিব।" সেইদিনাই তেওঁ অসামৰিক সেৱাক নিজৰ লক্ষ্য হিচাপে স্থিৰ কৰিছিল।
 
'আৱাজ- দ্য ভইচ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জেছমিন চুলতানাই কয়ঃ "মই অষ্টম শ্ৰেণীত পঢ়ি থাকোতে চিভিল ছাৰ্ভিছৰ বিষয়ে অৱগত হৈছিলোঁ। মই আৰু মোৰ বান্ধৱী সুস্মিতাই পুথিভঁৰালৰ সন্মুখত বহি আমাৰ সমাজ তথা ব্যৱস্থাটোৰ কথা প্ৰায়ে পাতি থাকোঁ। তেতিয়া তাই মোক কৈছিল চিভিল ছাৰ্ভিছৰ পৰীক্ষাৰ বিষয়ে। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে নীতি নিৰ্ধাৰণ কৰিব পাৰে বুলি মই তেতিয়া জানিব পাৰিছিলোঁ। সুস্মিতাই মোক কৈছিল যে তুমি যদি কিবা কৰিব বিচৰা তেন্তে চিভিল ছাৰ্ভিছৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ব্যৱস্থাটোত সোমাব লাগিব। তেতিয়াই ভাবিছিলোঁ যে নিশ্চয় মই চিভিল ছাৰ্ভিছৰ পৰীক্ষা দিম।"
 
জেছমিনৰ সফলতাৰ আটাইতকৈ উল্লেখনীয় দিশটো হ’ল তেওঁৰ অসমীয়া মাধ্যমৰ প্ৰতি থকা অগাধ বিশ্বাস। ইংৰাজী ভাষাক বুদ্ধিমত্তাৰ মাপকাঠী হিচাপে গণ্য কৰা বৰ্তমানৰ সমাজখনত জেছমিনে অসমীয়া ভাষাক নিজৰ মাধ্যম হিচাপে বাছি লৈছিল। তেওঁৰ মতে, "ভাষা কেতিয়াও প্ৰতিভাৰ অন্তৰায় হ’ব নোৱাৰে।" উপযুক্ত অসমীয়া অধ্যয়ন সমলৰ অভাৱ থকা সত্ত্বেও তেওঁ নিজেই ইংৰাজী কিতাপসমূহ অনুবাদ কৰি নিজৰ টোকা (Notes) তৈয়াৰ কৰিছিল।
 
আকাশবাণীৰ ষ্টুডিঅ'ত জেছমিন চুলতানা
 
জেছমিন চুলতানাই কয়ঃ "মই যিহেতু অসমীয়া মাধ্যমত পৰীক্ষা দিছোঁ। অসমীয়াত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ল যে অসমীয়াত ষ্টাডি মেটেৰিয়েল নাপায়। ইংৰাজী কিতাপবোৰ পঢ়ি মই অসমীয়াত নোটসমূহ প্ৰস্তুত কৰিছিলোঁ। মই প্ৰথমবাৰ পৰীক্ষা দিওঁতে মোৰ পৰীক্ষাৰ বহি কেইখন মোক কোনোৱে মূল্যায়ন কৰি দিয়া নাছিল। এতিয়া মই নিজকে উন্নত কৰিবৰ বাবে মোক কোনোবাই মূল্যায়ন কৰি দিব লাগিব। এইবাৰ মোক পাৰ্থ ছাৰে মূল্যায়ন কৰি দিছে সেয়ে মোৰ যথেষ্ট লাভ হৈছে।"
 
জেছমিন চুলতানাই লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে ক'ভিডৰ লকডাউনৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিছিল। ২০২৩ চনত প্ৰথমবাৰ অৱতীৰ্ণ হৈছিল যদিও মেইনছত উত্তীৰ্ণ নহ'ল। ২০২৪ চনত প্ৰাথমিক পৰীক্ষাতে বিফল হৈছিল জেছমিনে। দুবাৰকৈ বিফল হোৱাৰ পিছতো জেছমিনে পৰাজয় স্বীকাৰ কৰা নাছিল। ২০২৫ চনৰ পৰীক্ষাত ভালদৰে অৱতীৰ্ণ হ'বৰ বাবে দিনে নিশাই যথেষ্ট কষ্ট কৰিছিল। আৰু সেই কষ্টই নিশ্চিত ফল প্ৰদান কৰিলে জেছমিনক। সুখ্যাতিৰে APS ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয়।
 
জেছমিন কেৱল এগৰাকী মেধাৱী ছাত্ৰীয়েই নহয়, তেওঁ এগৰাকী কৰ্মঠ যুৱতীও। এপিএছচিৰ প্ৰস্তুতিৰ সমান্তৰালকৈ তেওঁ 'আকাশবাণী'ৰ সৈতে জড়িত আছিল আৰু 'এছপিএম আইএএছ একাডেমী'ত কৰ্মৰত আছিল। দিনৰ ভাগত অফিচৰ কাম আৰু নিশা গভীৰ অধ্যয়ন— এই কঠোৰ পৰিশ্ৰমেই তেওঁক সফলতাৰ শিখৰলৈ লৈ গ’ল।
 
মধ্যবিত্ত পৰিয়ালৰ পৰা অহা জেছমিনে বিভিন্ন সামাজিক চাপৰো সন্মুখীন হৈছিল। আত্মীয়-স্বজনৰ বিয়াৰ প্ৰস্তাৱ আৰু অসামৰিক সেৱাৰ দীঘলীয়া অপেক্ষাৰ মাজত তেওঁৰ একমাত্ৰ সাৰথি আছিল পৰিয়ালৰ সমৰ্থন। বিশেষকৈ তেওঁৰ মাক-দেউতাকে তেওঁৰ সপোনক জীয়াই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
 
জেছমিন চুলতানা তেওঁৰ বাসগৃহত
 
জেছমিন চুলতানাৰ মানসিক শান্তি লাভৰ মূল কিতাপ দুখন হৈছে কোৰান আৰু গীতা। জেছমিন চুলতানাই কয়ঃ "যিহেতু আমি এখন গণতান্ত্ৰিক দেশত বাস কৰোঁ, আমি সকলো পঢ়িব পাৰো। এনেকুৱা নহয় যে, কোৰান পঢ়িলে আমি গীতা পঢ়িব নোৱাৰিম। দুয়োখনে পৱিত্ৰ গ্ৰন্থ। দুয়োখন কিতাপে মানুহক সৎ পথৰ কথা কয়, ভাল পথত যাত্ৰা কৰাৰ কথা কয় বা শান্ত কৰি তোলে। মই যিহেতু ক'ভিডৰ সময়ৰ পৰাই APSC ৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। গতিকে এই ৩-৪ বছৰীয়া দীঘলীয়া যাত্ৰাত মানসিকভাৱে শান্ত হৈ থকাটো যথেষ্ট প্ৰয়োজন। নিজৰ মানসিক স্বাস্থ্যটো ভালেই ৰাখিবলৈ আপুনি নিজকে সুখী কৰি ৰাখিব লাগিব। মই নিজকে শান্ত আৰু সুখী কৰি ৰখাত পৱিত্ৰ কোৰান আৰু গীতাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। গোটেই কেইখন গ্ৰন্থই আপোনাক মানুহ হ'বলৈ শিকায়। এজন প্ৰশাসনিক বিষয়া হ'বলৈ হ'লে সহনশীলতা অতি প্ৰয়োজনীয়। কোৰান আৰু গীতাই মানুহক সহনশীল হ'বলৈও শিকায়।"
 
উল্লেখ্য যে জেছমিন চুলতানাই প্ৰাথমিক শিক্ষা পানবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত লাভ কৰিছিল। তাৰ পিছত হাইস্কুল তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল তাৰিণী চৌধুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। তাৰপিছত উচ্চতৰ মাধ্যমিক আৰু স্নাতক কটন বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিল। 
 
জেছমিন চুলতানাৰ মতে, সফলতাৰ মূল মন্ত্ৰ হ’ল— "শৃংখলাবদ্ধতা আৰু ধাৰাবাহিকতা"। তেওঁ বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলক হীনমন্যতাত নুভুগিবলৈ আহ্বান জনায়। তেওঁ কয় যে পৰীক্ষাত কিমান ঘণ্টা পঢ়িছে তাতকৈ গুৰুত্বপূৰ্ণ হ’ল কিমান গুণগত মানেৰে পঢ়িছে।
 
জেছমিন চুলতানা আজি হাজাৰ হাজাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক আশাৰ কিৰণ। তেওঁ প্ৰমাণ কৰিলে যে যদি লক্ষ্য স্থিৰ থাকে আৰু পৰিশ্ৰম কৰাৰ সাহস থাকে, তেন্তে কোনো বাধাই এজন ব্যক্তিক সফলতাৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। এগৰাকী আৰক্ষী বিষয়া হিচাপে তেওঁ সমাজৰ পৰিৱৰ্তনৰ বাবে যি সপোন দেখিছিল, সেয়া এতিয়া বাস্তৱায়িত হোৱাৰ দিশে।