জে এণ্ড কেত সন্ত্ৰাসবাদী আক্ৰমণ; বায়ুসেনাৰ জোৱান ১ নিহত, ৫ জন আহত

Story by  atv | Posted by  Munni Begum • 13 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ সুৰনকোটে অঞ্চলত ভাৰতীয় বায়ু সেনাৰ এখন বাহনকে ধৰি মুঠ দুখন বাহনত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই প্ৰচণ্ড গুলীচালনা কৰে। ইয়াৰ ফলত ভাৰতীয় বায়ুসেনাৰ এজন জোৱান নিহত হোৱাৰ বিপৰীতে ৫জন জোৱান আহত হয়। 
 
আহত পাঁচজনৰ ভিতৰত এজন এয়াৰমেনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে উধামপুৰৰ কমাণ্ড হাস্পতাললৈ বিমানযোগে প্ৰেৰণ কৰা হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে। উল্লেখ্য যে ২৫ মে’ত ষষ্ঠ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অনন্তনাগ-ৰাজৌৰী সংসদীয় সমষ্টিৰ অংশ পুঞ্চ। 
 
আক্ৰমণস্থলীলৈ ততাতৈয়াকৈ শক্তিবৰ্ধক বাহিনী প্ৰেৰণ কৰা হয় আৰু বৰ্তমান সন্ত্ৰাস বিৰোধী অভিযান অব্যাহত আছে। নিৰাপত্তা বাহিনীৰ সূত্ৰই জনোৱা মতে, স্থানীয় ৰাষ্ট্ৰীয় ৰাইফলছ ইউনিটে অঞ্চলটোত কৰ্ডন আৰু তালাচী অভিযান আৰম্ভ কৰিছে।  
 
এক্সত ভাৰতীয় বায়ু সেনাই কয় যে শ্বাহচিতাৰৰ ওচৰত আক্ৰমণ কৰা তেওঁলোকৰ কনভয়ক সুৰক্ষিত কৰা হৈছে। এক্সত উল্লেখ কৰি কয়, "শ্বাহচিতাৰৰ সমীপৰ জে এণ্ড কেৰ পুঞ্চ জিলাত ভাৰতীয় বায়ুসেনাৰ এখন বাহন কনভয়ক উগ্ৰপন্থীয়ে আক্ৰমণ কৰে। বৰ্তমান স্থানীয় সামৰিক ইউনিটসমূহে অঞ্চলটোত অনুসন্ধান অভিযান চলাই আছে। কনভয়টো নিৰাপদ কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।"
 
সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি সন্ধিয়া প্ৰায় ৬:১৫ বজাত জাৰণৱালীৰ পৰা বায়ুসেনা ষ্টেচনলৈ গৈ থকা অৱস্থাত জোৱানকেইজনক এম্বুছ কৰা হয় বুলি বিষয়াসকলে জনায়। যোৱা বছৰ সেনাবাহিনীৰ ওপৰত ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদী আক্ৰমণৰ সাক্ষী হোৱা অঞ্চলটোত এই বছৰ সশস্ত্ৰ বাহিনীৰ ওপৰত কৰা এইটো প্ৰথমটো বৃহৎ আক্ৰমণ।  
 
এ কে এছাল্ট ৰাইফলৰে সজ্জিত সন্ত্ৰাসবাদী কেইটা ওচৰৰ বনাঞ্চললৈ পলায়ন কৰা বুলি সন্দেহ প্ৰকাশ কৰি বিষয়াসকলে কয় যে সন্ত্ৰাসবাদীৰ সৈতে এতিয়ালৈকে কোনো ধৰণৰ যোগাযোগ হোৱা নাই। সন্দেহযুক্ত লোকৰ চলাচল সম্পৰ্কে ইনপুটৰ পিছত শুকুৰবাৰৰ পৰা পুঞ্চত অৰ্ধসামৰিক বাহিনীৰ সহায়ত আৰক্ষীয়ে তালাচী চলাই আহিছে। অৱশ্যে অভিযানৰ সময়ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও বিষয়াসকলে জানিবলৈ দিয়ে।