আৰণ্যকৰ সহযোগত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত “স্নিফাৰ ডগ ইউনিট” নিয়োগ

Story by  atv | Posted by  Munni Begum • 2 Months ago
লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত “স্নিফাৰ ডগ ইউনিট” নিয়োগ
লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত “স্নিফাৰ ডগ ইউনিট” নিয়োগ
 
গুৱাহাটী
 
বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত সমন্বিত আৰু সহযোগিতামূলক পদক্ষেপেৰে আইন বলৱৎকাৰী সংস্থাসমূহক সহায় কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ সহযোগত ৰাজ্যৰ বন বিভাগে অসমৰ নগাঁও জিলাৰ লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত এজন প্ৰশিক্ষিত পৰিচালকসহ চোৰাং চিকাৰ বিৰোধী 'কে নাইন' কুকুৰৰ এটা ইউনিট নিয়োগ কৰিছে।   
 
বন্যপ্ৰাণী অভয়াৰণ্যখনত শুকুৰবাৰৰ পৰাই এই “কে নাইন” স্নিফাৰ ডগ ইউনিটটোক কামত লগোৱা হৈছে। শেহতীয়াকৈ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা বেলজিয়ান মেলিনয় (মাইকী) জাতৰ “কে নাইন” স্নিফাৰ ডগ ইউনিটোক কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অংশ লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মী সকলক নিৰীক্ষণ আৰু অন্যান্য আনুষংগিক কামত সহায় কৰাৰ বাবে সকলো সময়তে সাজু কৰি ৰখা হ’ব। 
 
উল্লেখ্যে যে, “কে নাইন” স্নিফাৰ ডগ ইউনিটটো হৈছে আইন বলৱৎকাৰী সংস্থাসমূহক সমন্বিত প্ৰচেষ্টাৰে বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধত সহায় কৰা আৰণ্যকৰ আইনী আৰু ওকালতি বিভাগৰ এটা প্ৰধান উপাদান।  
 
এই ইউনিটে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আদিত চোৰাং চিকাৰ বিৰোধী অভিযানত বন আৰু আৰক্ষী বিষয়াসকলক সহায় আগবঢ়াই আহিছে।