মদ্যপানৰ নিষেধাজ্ঞা উঠাই লোৱা বাতৰি সন্দৰ্ভত কি ক'লে ছৌদি আৰৱ চৰকাৰে

Story by  atv | Posted by  [email protected] • 11 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
ডুবাই

ইছলামৰ জন্মস্থান ছৌদি আৰৱে ৭৩ বছৰীয়া মদ্যপানৰ নিষেধাজ্ঞা উঠাই ল’ব বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অস্বীকাৰ কৰিছে ছৌদি কৰ্তৃপক্ষই।
 
যোৱা সপ্তাহত ৱাইন ব্লগত প্ৰকাশ পোৱাৰ পিছত একাংশ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে ২০৩৪ চনৰ ফুটবল বিশ্বকাপ আয়োজনৰ বাবে দেশখনে প্ৰস্তুতি চলোৱাৰ সময়তে ছৌদি কৰ্তৃপক্ষই মদৰ নিয়ন্ত্ৰিত বিক্ৰীৰ অনুমতি দিয়াৰ পৰিকল্পনা কৰিছে। কিন্তু ছৌদি চৰকাৰে এই বাতৰি খণ্ডন কৰিছে।
 
সংবাদ মাধ্যমৰ এই প্ৰতিবেদনে মক্কা আৰু মদিনাৰ দৰে ইছলামৰ আটাইতকৈ পবিত্ৰ স্থান অৱস্থিত ৰক্ষণশীল মুছলিম দেশখনত তীব্ৰ বিতৰ্কৰ সূচনা কৰে। ছৌদি আৰৱৰ ডি ফেক্টো নেতা এম বি এছ নামেৰে পৰিচিত ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানে তৈল খণ্ডক বাদ দি অৰ্থনীতিৰ আন খণ্ডসমূহ শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে দেশখনক পৰ্যটন আৰু ব্যৱসায়ৰ বাবে মুকলি কৰাৰ বাবে ধাৰাবাহিক সংস্কাৰৰ পদক্ষেপ লৈ আছে। 
২০১৭ চনত চৰকাৰে মহিলাক গাড়ী চলাবলৈ দিয়া নিষেধাজ্ঞাৰ অন্ত পেলাইছিল, আৰু ৰাজহুৱা স্থানত লিংগ পৃথকীকৰণৰ কিছুমান নিয়ম শিথিল কৰি ইছলামিক ধৰ্মীয় আৰক্ষীৰ ক্ষমতা হ্ৰাস কৰিছে। দেশখনত মদ্যপানৰ অনুমতি দিয়াৰ দিশত এটা সৰু পদক্ষেপ আছিল যোৱা বছৰ ৰাজধানী ৰিয়াদত প্ৰথমখন মদৰ দোকান মুকলি কৰা, য’ত একান্তভাৱে অমুছলমান কূটনীতিবিদসকলক সেৱা আগবঢ়োৱা হয়।
 
তাৰ আগতে কেৱল কূটনৈতিক ডাকযোগে বা ক’লা বজাৰতহে মদ পোৱা গৈছিল। ছৌদি আৰৱত মদ্যপানৰ বিৰুদ্ধে কঠোৰ আইন আছে, যাৰ শাস্তি বিতাড়ন, জৰিমনা বা কাৰাদণ্ডৰ ব্যৱস্থা বিহিব পাৰি।