৪০ বছৰৰ পৰা ধন সঞ্চয় কৰি হজযাত্ৰালৈ গ’ল ইণ্ডোনেছিয়াৰ দম্পতী

Story by  atv | Posted by  Munni Begum • 2 d ago
 হজযাত্ৰালৈ যোৱা ইণ্ডোনেছিয়াৰ দম্পতী
হজযাত্ৰালৈ যোৱা ইণ্ডোনেছিয়াৰ দম্পতী
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
ধৈৰ্য, নিষ্ঠা আৰু বিশ্বাস—এই শব্দকেইটাই যেন ইণ্ডোনেছিয়ান দম্পতী লেজিমান আৰু তেওঁৰ পত্নীৰ জীৱনৰ মূল মন্ত্র। যোৱা ৪০ বছৰৰ কঠোৰ সঞ্চয় আৰু অধ্যৱসায়ৰ ফলত এই দম্পতীহালে অৱশেষত ২০২৫ চনত হজ পালন কৰিবলৈ ছৌদি আৰবলৈ যাত্ৰা কৰিছে।
 
ইণ্ডোনেছিয়াৰ এজন চাফাইকৰ্মী লেজিমান আৰু তেওঁৰ পত্নীৰ বাবে হজযাত্ৰা এটা সপোন আৰু সাধনাৰ বিষয়। হজৰ সপোন পূৰণ কৰিবলৈ তেওঁলোকে ৪০ বছৰৰ পৰা কষ্টোপাৰ্জিত ধন সঞ্চয় কৰি আহিছিল। অৱশেষত তেওঁলোকৰ সেই সপোনটো সঁচা হ’বলৈ গৈ আছে। 
 
সীমিত আয়, অভাৱগ্ৰস্ত সংসাৰ আৰু নানান প্ৰত্যাহ্বানৰ মাজতো তেওঁলোকে নিজৰ সপোনক কেতিয়াও সংকুচিত হ'বলৈ দিয়া নাছিল। তেওঁলোকৰ বাবে হজ কেৱল এটি ধৰ্মীয় দায়িত্ব নহয়—এটি জীৱন সাধনাৰ অন্তিম আশা। এই যাত্ৰাত লেজিমান অকলে নাছিল। তেওঁৰ পত্নীয়ে সংসাৰৰ সকলো দায়িত্ব কান্ধত লৈ, নিজৰ আৰাম-সুবিধা বিসৰ্জন দি স্বামীৰ সপোন পূৰণত সহায় কৰিছিল। নিয়মিতভাৱে তেওঁলোকে সঞ্চয় কৰি গৈছিল আৰু দৈনিক হজযাত্ৰাৰ সপোন দেখিছিল। ইতিমধ্যেই লেজিমান আৰু তেওঁৰ পত্নী ছৌদি আৰবত উপস্থিত হৈছে আৰু তেওঁলোকৰ হজযাত্ৰাৰ সপোনে সাকাৰ ৰূপ লাভ কৰিছে। 
 
সঞ্চয় ধনেৰে হজযাত্ৰালৈ যোৱা ইণ্ডোনেছিয়াৰ এহাল দম্পতীহাল
 
লেজিমানে কয়, ‘মই বাস্তৱতে অত্যন্ত আনন্দিত। মই কেতিয়াও ভবা নাছিলো যে এদিন মই নিজৰ চকুৰে পবিত্ৰ কাবা প্ৰত্যক্ষ কৰিব পাৰিম। মই সৰ্বপ্ৰথমে মহান আল্লাহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰো। একেদৰে মই সকলোকে ধন্যবাদ জনাব বিচাৰো, যিয়ে মোক বিভিন্ন ধৰণে সহায় কৰিছে। মই "মক্কা ৰুট ইনিছিয়েটিভ" ব্যৱস্থাটোৰ বাবে ছৌদি আৰবক ধন্যবাদ জনাইছো, কাৰণ এই ব্যৱস্থাটোৱে মোৰ যাত্ৰাটো সহজ কৰি তুলিছে।’
 
উল্লেখ্য যে, ইণ্ডোনেছিয়া হৈছে “মক্কা ৰুট ইনিছিয়েটিভ” সেৱাত অংশগ্ৰহণ কৰা দেশ। এই সেৱাৰ জৰিয়তে হাজীয়ে নিজৰ দেশতে ইমিগ্ৰেশ্যনৰ সকলো প্ৰক্ৰিয়া সম্পন্ন কৰে। হজৰ সপোন পূৰণৰ বাবে নিজৰ সংগ্ৰাম আৰু চেষ্টা সম্পৰ্কে বৰ্ণনা কৰি বৃদ্ধ ব্যক্তিজনে কয়, ‘পবিত্ৰ হজযাত্ৰাৰ বাবে মই ১৯৮৬ চনৰ পৰা ধনৰ সঞ্চয় কৰিবলৈ আৰম্ভ কৰিছিলোঁ। অভাবৰ সংসাৰত কঠোৰ পৰিশ্ৰম কৰি মোৰ পত্নীয়ে মোক সহায় কৰিছে। বহু সমস্যাৰ মাজতো আমি কেতিয়াও আশাহত হোৱা নাই। মই আৰু মোৰ পত্নীয়ে নিয়মিতভাৱে ধনৰ সঞ্চয় কৰি আহিছিলোঁ। অৱশেষত এই বছৰ আমি হজযাত্ৰীৰ তালিকাত অন্তর্ভুক্ত হ’লোঁ।’
 
উল্লেখযোগ্য যে, ইণ্ডোনেছিয়া হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ মুছলিম জনসংখ্যাৰ দেশ। এই বছৰ প্ৰায় ২,২১,০০০ হাজী ইণ্ডোনেছিয়াৰ পৰা হজত অংশ লৈছে। বহু হাজীয়ে বছৰৰ পিছত বছৰ ধৰি সঞ্চয় আৰু অপেক্ষাৰ পিছত এই পবিত্ৰ যাত্ৰাত অংশ লয়।