ডাঃ ফায়াজ আহমেদ ফৈজীঃ পাছমাণ্ডা মুছলমান সম্প্ৰদায়ৰ এক শক্তিশালী কণ্ঠ

Story by  atv | Posted by  Munni Begum • 15 h ago
ডাঃ ফায়াজ আহমেদ ফৈজী
ডাঃ ফায়াজ আহমেদ ফৈজী
 
অৰ্চলা খান / নতুন দিল্লী
 
এক স্বাভাৱিক পৰিৱেশত জন্ম গ্ৰহণ কৰা আৰু সমাজৰ শিপাৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ থকাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হোৱাটো এক সাধাৰণ কথা নহয়। কিন্তু ডাঃ ফায়াজ আহমেদ ফৈজীৰ কাহিনী কিছু পৃথক। 
 
তেওঁ কেৱল এগৰাকী আয়ুষ চিকিৎসকে নহয়, তেওঁ এজন সংবেদনশীল লেখক, নিৰ্ভীক স্তম্ভলেখক, দক্ষ অনুবাদক আৰু এগৰাকী নিস্বাৰ্থ সমাজকৰ্মীও। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল তেওঁ হৈছে পাছমাণ্ডা সম্প্ৰদায়ৰ শক্তিশালী কণ্ঠ। তেওঁ নিৰৱ হৈ থকা সম্প্ৰদায়টোক কথা ক’বলৈ শিকাইছে।
 
আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত "পাছমাণ্ডা মুছলমান"ৰ কথা উল্লেখ কৰি ফায়াজ আহমেদ ফৈজীৰ দৰে ব্যক্তিক স্বীকৃতি দিয়াতো সহজ কথা নাছিল। ইয়াৰ আঁৰত আছে বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম, সংগ্ৰাম আৰু এক অটল সংকল্প।
 
ডাঃ ফায়াজ আহমেদ ফৈজী শৈশৱৰ বন্ধুৰ সৈতে
 
উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ ভৃগু আশ্ৰমৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰা ডাঃ ফায়াজ আহমেদ ফৈজীৰ জীৱন এক প্ৰেৰণাদায়ক উপন্যাসৰ দৰে। তেওঁৰ পিতৃ আছিল এগৰাকী শিক্ষক আৰু সমাজকৰ্মী। পিতৃৰ পৰা তেওঁ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল সমাজসেৱাৰ ইচ্ছা। প্ৰাথমিক শিক্ষাৰ বাবে তেওঁ হাতত বস্তা লৈ গাওঁৰ এখন সৰু স্কুললৈ গৈছিল। কিন্তু কিতাপৰ সৈতে সেই বস্তাটোত এটা ডাঙৰ সপোনো সোমাই আছিল, সেয়া হৈছে-আমাৰ সমাজখনক এক নতুন পৰিচয় দিয়া।
 
আনকি মাকে পুত্ৰৰ পঢ়া-শুনাৰ বাবে নিজৰ গহনাবোৰো বিক্ৰী কৰিছিল। মাকে কয়, “মোৰ ল’ৰাটো শিক্ষক হ’ব নালাগে, বৰঞ্চ সমাজৰ ৰক্ষক হ’ব লাগে।” আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল ফায়াজ আহমেদ ফৈজীৰ সফলতাৰ যাত্ৰা, যিটো পিছলৈ সমগ্ৰ পাছমাণ্ডা আন্দোলনৰ মেৰুদণ্ড হৈ পৰে।
 
ডাঃ ফৈজীয়ে কয় যে এবাৰ তেওঁ স্কুলত বন্ধুৰ সৈতে খাদ্য খাই থাকোঁতে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ লগত খাদ্য ভাগ-বতৰা কৰাৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছিল। সেইদিনা তেওঁ প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিছিল যে জাতিগত বৈষম্য কেৱল কিতাপৰ বস্তু নহয়, বৰঞ্চ ই তেওঁৰ জীৱনৰ কঠোৰ বাস্তৱ। সেই ঘটনাই তেওঁৰ ভিতৰত জুই জ্বলাই দিছিল আৰু তাৰ পৰাই তেওঁ পাছমাণ্ডা সম্প্ৰদায়ৰ কণ্ঠস্বৰ হোৱাৰ প্ৰতিজ্ঞা কৰিলে।
 
ডাঃ ফায়াজ আহমেদ ফৈজী তেওঁৰ অধ্যয়ন কৰা বিদ্যালয়ৰ শিক্ষকসকলৰ সৈতে
 
ডাঃ ফৈজীয়ে কয় যে তেওঁৰ বৃদ্ধ মাতৃয়ে এতিয়াও তেওঁৰ বহুত যতন লয় আৰু কেৱল এইটোৱেই নহয়। মাকৰ কথা কওঁতে আৱেগিক হৈ পৰা ডাঃ ফৈজীয়ে কয় যে এই কামটো কৰিবলৈ মোৰ মায়েই মোক সাহস দিছিল। মোৰ মায়ে মোক পাছমাণ্ডাৰ কণ্ঠস্বৰ হিচাপে প্ৰতিষ্ঠিত হোৱাত ডাঙৰ ভূমিকা গ্ৰহণ কৰিছিল।
 
তেওঁ লগতে কয় যে এবাৰ তেওঁ স্কুলত বন্ধুৰ সৈতে খাদ্য খাই আছিল, বহু সময়ত আন সম্প্ৰদায়ৰ মানুহে তেওঁক আৰু তেওঁৰ বন্ধুসকলৰ সৈতে খাদ্য ভাগ-বতৰা কৰাৰ পৰা বিৰত আছিল। তেওঁৰ সৈতে হোৱা এই বৈষম্যৰ পৰাই ডাঃ ফৈজীয়ে ভাবিছিল যে এই সকলোবোৰ কথা আহিবলগীয়া প্ৰজন্মৰ বাবে উপযুক্ত নহয়। 
 
তেতিয়াৰ পৰাই তেওঁ পাছমাণ্ডা সম্প্ৰদায়ৰ বাবে মাত মাতিবলৈ আৰম্ভ কৰিছিল। ডাঃ ফৈজীয়ে দেশ আৰু সমাজৰ প্ৰতিটো দিশৰ ওপৰত চকু ৰাখে। ৩৭০ নং অনুচ্ছেদ সন্দৰ্ভত তেওঁ স্পষ্টভাৱে কয় যে জম্মু-কাশ্মীৰৰ পাছমাণ্ডা সম্প্ৰদায়ৰ বাবে এয়া এক নতুন সুযোগৰ দুৱাৰ। একেদৰে, ৱাকফ সংশোধনী আইন ২০২৫ সন্দৰ্ভত তেওঁ কয় যে এই আইনখনে ৱাকফৰ সম্পত্তিৰ পৰিচালনা স্বচ্ছ কৰি তুলিব আৰু সমাজৰ বঞ্চিত শ্ৰেণীয়ে ইয়াৰ পৰা সঁচা অৰ্থত লাভৱান হ’ব।
 
বালিয়াত পাছমাণ্ডা সম্প্ৰদায়ৰ এক সমাৱেশত ভাষণ দি থকা অৱস্থাত ডাঃ ফায়াজ আহমেদ ফৈজী
 
পাছমাণ্ডা সম্প্ৰদায়ে প্ৰথমবাৰৰ বাবে ৱাকফ ব’ৰ্ডৰ দৰে প্ৰতিষ্ঠানত অংশগ্ৰহণ লাভ কৰাটো তেওঁৰ প্ৰচেষ্টাৰ ফল। তেওঁ বাৰে বাৰে এই কথাটো উত্থাপন কৰিছিল যে যেতিয়ালৈকে সামাজিক ন্যায়ৰ নামত গঠিত প্ৰতিষ্ঠানসমূহত ৯০% পছমাণ্ডা মুছলমানৰ প্ৰতিনিধিত্ব নাথাকে তেতিয়ালৈকে প্ৰকৃত ন্যায় আধৰুৱা হৈ থাকিব।
 
৩৭০ নং অনুচ্ছেদ বাতিলৰ ক্ষেত্ৰত তেওঁৰ মতামত স্পষ্ট আৰু যুক্তিসংগত হৈ আহিছে। তেওঁ এই পদক্ষেপক জম্মু-কাশ্মীৰৰ উন্নয়ন আৰু জাতীয় ঐক্যৰ বাবে প্ৰয়োজনীয় বুলি অভিহিত কৰে। তেওঁৰ মতে এই সিদ্ধান্তই অঞ্চলটোত শান্তি আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিছে, বিশেষকৈ তাত থকা পাছমাণ্ডা সম্প্ৰদায়ৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিছে। লগতে ডাঃ ফৈজীৰ বিশ্লেষণ ৱাকফ সংশোধনী আইন ২০২৫ৰ প্ৰেক্ষাপটত অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ এই সংশোধনীক ৱাকফৰ সম্পত্তিৰ উন্নত ব্যৱস্থাপনা আৰু স্বচ্ছতাৰ বাবে প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে।
 
তেওঁৰ মতে ইয়াৰ দ্বাৰা ৱাকফৰ সম্পত্তিৰ সুফল সমাজৰ প্ৰকৃত আৰ্তজনৰ মাজলৈ যোৱাটো নিশ্চিত হ’ব। ইউনিফৰ্ম চিভিল কোডৰ প্ৰতি সমৰ্থনে তেওঁৰ প্ৰগতিশীল চিন্তাধাৰাক প্ৰতিফলিত কৰে। একেধৰণৰ আইন এখনে দেশৰ ঐক্য শক্তিশালী কৰিব আৰু সকলো নাগৰিকে সম অধিকাৰ লাভ কৰিব বুলি তেওঁ বিশ্বাস কৰে। ইয়াৰ দ্বাৰা বিশেষকৈ পাছমাণ্ডা সম্প্ৰদায়ৰ মহিলাসকল উপকৃত হ’ব, যিসকল প্ৰায়ে পৰম্পৰাগত আইনৰ বাবে ক্ষতিগ্ৰস্ত হয়।
 
মহৰ্ষি ভৃগুৰ আশ্ৰমত ডাঃ ফায়াজ আহমেদ ফৈজী
 
ডাঃ ফৈজী পাছমাণ্ডা সম্প্ৰদায়ৰ বাবে এজন ফেৰেস্তাতকৈ কম নহয় বুলি ক’লেও ভুল কোৱা নহ’ব। সমাজত তেওঁ কণ্ঠস্বৰ হিচাপে থিয় দিয়াৰ পিছত বহু পাছমাণ্ডা জনগোষ্ঠীৰ অৱস্থালৈ বহু ডাঙৰ পৰিৱৰ্তন আহিছে। এটা সময় আছিল যেতিয়া এই সম্প্ৰদায়ক ঘৰ-বাৰীও দিয়া হোৱা নাছিল। ইয়াৰ লগতে পাছমাণ্ডাৰ অংশগ্ৰহণ ৱাফক ব’ৰ্ড এক্ট ২০২৫তো লাভ কৰা হৈছে, যিটো এক ডাঙৰ সফলতা। 
 
এতিয়ালৈকে মুছলমান সমাজত সামাজিক ন্যায়ৰ কথা মনত ৰাখি সংখ্যালঘু বা মুছলমানৰ নামত চলি থকা কোনো চৰকাৰী, অৰ্ধচৰকাৰী বা বেচৰকাৰী সংগঠনত পাছমাণ্ডা সম্প্ৰদায়ক (মুঠ মুছলমান জনসংখ্যাৰ প্ৰায় ৯০%) অংশগ্ৰহণ বা প্ৰতিনিধিত্ব দিয়া হোৱা নাছিল, কিন্তু এতিয়া পৰিস্থিতি পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে। 
 
সেইবাবেই আজি তেওঁৰ নাম ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখতো শুনা যায়। সঁচা কথা কোৱাৰ মূল্য ভৰিবলগীয়া হয় আৰু ডাঃ ফৈজীয়েও এই অভিজ্ঞতা লাভ কৰিছে। তেওঁলৈ কেইবাবাৰো ভাবুকিমূলক ফোন আৰু মেছেজ আহিছিল। এবাৰ পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিল যে মাকে ভয়ত কান্দিবলৈ ধৰিছিল। কিন্তু ফৈজী চাহাবে ভয় কৰা নাছিল। তেওঁ কয়, “মোক পঢ়াবলৈ নিজৰ গহনা বিক্ৰী কৰা একেজনী মাতৃৰ চকুত চকুপানী ওলোৱা দেখি মই সহ্য কৰিব পৰা নাছিলো। সমাজত প্ৰচলিত অন্যায়ক পুলিয়ে-পোখাই উভালি নেপেলোৱালৈকে মই ৰৈ নাথাকো।”
 
ডাঃ ফায়াজ আহমেদ ফৈজীয়ে লিখা এক প্ৰৱন্ধ
 
ডাঃ ফৈজীৰ কলমটো তৰোৱালতকৈও চোকা। তেওঁৰ প্ৰবন্ধ বহু প্ৰতিষ্ঠিত কাকত-আলোচনীত প্ৰকাশ পাইছে। মিডিয়া পেনেলিষ্ট হিচাপে তেওঁ দেশৰ বিভিন্ন চেনেলত নিজৰ অকপট মতামত প্ৰকাশ কৰে। তেওঁৰ কথাবোৰত আৱেগ, তথ্য আৰু দৃষ্টিভংগীৰ এক সংমিশ্ৰণ দেখা যায়। 
 
শেহতীয়াকৈ তেওঁ ঘোষণা কৰিছে যে তেওঁ অতি সোনকালে এখন কিতাপ প্ৰকাশ কৰিব, য’ত পাছমাণ্ডা সম্প্ৰদায়ৰ সমগ্ৰ দুখ-কষ্ট, সংগ্ৰাম আৰু পৰিৱৰ্তনৰ যাত্ৰাৰ বিৱৰণী থাকিব। এই গ্ৰন্থখন কেৱল ঐতিহাসিক নথি হোৱাই নহয়, নতুন প্ৰজন্মৰ বাবে এক পথ প্ৰদৰ্শক হিচাপেও প্ৰমাণিত হ’ব।
 
ডাঃ ফায়াজ আহমদ ফৈজী কেৱল এক নাম নহয়, তেওঁ এক আন্দোলন, এক শক্তিশালী কণ্ঠ আৰু এক দীঘলীয়া সংগ্ৰামৰ নাম। তেওঁ প্ৰমাণ কৰিছে যে পৰিৱৰ্তন শ্লোগানৰ পৰা নহয়, দৃষ্টিকোণৰ পৰাহে আহে। আজি যেতিয়া পাছমাণ্ডা শব্দটো ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক মঞ্চত সাধাৰণ আলোচনাৰ বিষয় হৈ পৰিছে, তাৰ আঁৰত আছে ডাঃ ফায়াজ আহমেদ ফৈজীৰ দৰে প্ৰকৃত কৰ্মযোগীসকলৰ কঠোৰ অধ্যাৱসায় আৰু তপস্যা।
 
ডাঃ ফায়াজ আহমেদ ফৈজী তেওঁৰ কাৰ্যালয়ত
 
আমাৰ সমাজত ডাঃ ফৈজীৰ দৰে মানুহৰ আৰু প্ৰয়োজন আছে, যিয়ে জাতি, ধৰ্ম আৰু শ্ৰেণীৰ উৰ্ধত গৈ মানৱতা আৰু ন্যায়ৰ পোষকতা কৰে। এনে লোকেহে সুসম আৰু সুস্থ ভাৰতৰ ভেটি স্থাপন কৰিব পাৰে। “সমাজৰ শেষ মানুহজন সাৰ পোৱালৈকে বিপ্লৱী এজনৰ টোপনি আধৰুৱা হৈয়েই থাকে।”— হয়তো এইটোৱেই হৈছে ড° ফৈজীৰ জীৱনৰ প্ৰেৰণা।