বাধাৰ প্ৰাচীৰ ভাঙি দেশৰ সীমান্ত সুৰক্ষিত কৰিছে কেপ্তেইন ছাৰিয়া আব্বাছীয়ে

Story by  atv | Posted by  Munni Begum • 2 d ago
কেপ্তেইন ছাৰিয়া আব্বাছী
কেপ্তেইন ছাৰিয়া আব্বাছী
 
বিদুষী গৌৰ/নতুন দিল্লী
 
উত্তৰ প্ৰদেশৰ গোড়খপুৰৰ ৰাম জাংকি নগৰ মহল্লাত শৈশৱ অতিক্ৰম কৰিছিল ছাৰিয়া আব্বাছিয়ে। পিতৃ অল ইণ্ডিয়া ৰেডিঅ’ৰ অভিজ্ঞ সম্প্ৰচাৰক ড০ তেহছিন আব্বাছি আৰু মাতৃ কনিষ্ঠ হাইস্কুলৰ নিষ্ঠাবান শিক্ষয়িত্ৰী ৰেহানা ছামিমে উৎসাহ আৰু মূল্যবোধেৰে গঢ় দিয়া এটা পৰিয়ালত ছৰিয়াৰ জন্ম হৈছিল।
 
শেহতীয়াকৈ এক সাক্ষাৎকাৰত ড০ তেহছিন আব্বাছীয়ে স্মৰণ কৰে যে শিশু অৱস্থাৰ পৰাই ছাৰিয়া সশস্ত্ৰ বাহিনীৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈছিল। সেনাবাহিনীত থকা তেওঁলোকৰ আত্মীয়-স্বজন আৰু তেওঁলোকৰ সাহসৰ কাহিনী শুনি ডাঙৰ হোৱাৰ বাবে ছাৰিয়াৰ মনত দেশসেৱাৰ মনোভাৱ জাগ্ৰত হৈছিল। ইউটিউবৰ এক বাৰ্তালাপত ছাৰিয়াৰ পিতৃ আব্বাছীয়ে কয় যে "ছাৰিয়াই সদায় সেনাৰ ইউনিফৰ্মটো ভাল পাইছিল। সেনা বাহিনীত কাম কৰাৰ গৌৰৱ আৰু উদ্দেশ্যই তেওঁক হাত বাউলি দি মাতিছিল।"
 
চীন সীমান্তত এয়াৰ ডিফেন্স গানৰ সন্মুখত কেপ্তেইন ছাৰিয়া আব্বাছি
 
সামৰিক বাহিনীৰ প্ৰতি তীব্ৰ আকৰ্ষণ থকাৰ পিছতো ছাৰিয়াই প্ৰথম অৱস্থাত গতানুগতিক শৈক্ষিক পথ অনুসৰণ কৰিছিল। তেওঁ গোড়খপুৰৰ জি এন নেচনেল একাডেমীত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। পিছলৈ আই এম এছ গাজিয়াবাদত জেনেটিক ইঞ্জিনিয়াৰিঙত বি টেক ডিগ্ৰী লাভ কৰে। বি টেক হোৱাৰ পিছত প্ৰতিষ্ঠিত কোম্পানীবোৰৰ অফাৰ, আনকি আন্তঃৰাষ্ট্ৰীয় সুযোগেও তেওঁৰ দুৱাৰত টোকৰ মাৰিছিল। কিন্তু তেওঁ বিচৰা ধৰণে কিবা এটা পোৱা নাছিল।
 
কোঠাৰ ভিতৰত আৱদ্ধ অভিযন্তাৰ জীৱন এটা কটাবলৈ ছাৰিয়াই কেতিয়াও ইচ্ছা কৰা নাছিল। সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত তেওঁ কয় যে "মই কেতিয়াও নিজকে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অফিচত বহি থকা চাব বিচৰা নাছিলো। মোৰ হৃদয় সদায় দেশৰ সেৱাত আছিল।"
 
দ্বিতীয়টো চাকৰি এৰি তেওঁ এক সাহসী সিদ্ধান্ত লয় আৰু ইউ পি এছ চিৰ দ্বাৰা পৰিচালিত কম্বাইণ্ড ডিফেন্স চাৰ্ভিচেছ (চি ডি এছ)ৰ পৰীক্ষাত অৱতীৰ্ণ হয়। ই কোনো সহজ কাম নাছিল, কাৰণ তেওঁ বিচৰা পাঠ্যক্ৰমটোত মহিলাৰ বাবে মাত্ৰ ১২খন আসনহে উপলব্ধ আছিল। ইয়াৰ বাবে যথেষ্ট দৃঢ়তা, নিদ্ৰাহীন নিশা আৰু প্ৰৱল ইচ্ছাশক্তিৰ প্ৰয়োজন হৈছিল যদিও দ্বিতীয়বাৰৰ প্ৰচেষ্টাত ছাৰিয়াই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰ পিছত তেওঁ চাৰ্ভিচেছ চেলেকচন ব’ৰ্ড (এছ এছ বি)ৰ সাক্ষাৎকাৰৰ বাবে চেষ্টা কৰিছিল। 
 
অ’টিএছ চেন্নাইত পিতৃ-মাতৃৰ সৈতে কেপ্তেইন ছাৰিয়া আব্বাছী
 
এইটো আছিল তেওঁ জয় কৰা আন এক প্ৰত্যাহ্বান। চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমী (অ’টিএ)ত তেওঁৰ নামভৰ্তি এক টাৰ্নিং পইণ্ট হিচাপে চিহ্নিত হৈছিল। ২০১৭ চনৰ ৯ ছেপ্টেম্বৰত নিজৰ পচন্দৰ ইউনিফৰ্মৰ সৈতে ছাৰিয়াই অফিচাৰ্ছ ট্ৰেইনিং একাডেমীত অনুষ্ঠিত পাছিং আউট পেৰেডত অংশ লৈছিল। ছাৰিয়াই দেশ সেৱা আৰু দেশ ৰক্ষাৰ শপত লোৱাৰ সেই ক্ষণ দেখি তেওঁৰ পৰিয়ালটো আৱেগিক হৈ পৰিছিল।
 
কেপ্তেইন ছাৰিয়া আব্বাছিৰ এই কাহিনীটো দেশৰ সেৱা কৰাৰ সপোন দেখা হাজাৰ হাজাৰ যুৱতীৰ বাবে এক দৃষ্টান্ত। তেওঁৰ সৰু ভাতৃ তামচিল আহমদ আব্বাছিয়ে কয় যে ছাৰিয়াৰ যাত্ৰাৰ এই সুন্দৰ ৰূপ দেখি পৰিয়ালটোৱে যথেষ্ট গৌৰৱ অনুভৱ কৰে। এক সাক্ষাৎকাৰত ছাৰিয়াই কয় যে 'ছোৱালীৰ বাবে প্ৰত্যাহ্বান আছে। কিন্তু যিসকলে ইয়াক গ্ৰহণ কৰিবলৈ সাহস কৰে, তেওঁলোকৰ বাবে সেনাবাহিনী হৈছে কেৰিয়াৰ গঢ়াৰ এক সোণালী সুযোগ।’
 
কেইবাটাও সাক্ষাৎকাৰত তেওঁ পৰিয়ালৰ সহায় আৰু সমৰ্থনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু স্বীকাৰ কৰে যে তেওঁৰ পিতৃ-মাতৃয়ে কেতিয়াও নিজৰ পচন্দৰ কেৰিয়াৰ তেওঁৰ ওপৰত জাপি দিয়া নাছিল। 'মোৰ মা কেৱল এগৰাকী অভিভাৱকে নহয়, মোৰ প্ৰথম শিক্ষয়িত্ৰীও হয়। আৰু মোৰ সপোনৰ প্ৰতি দেউতাৰ বিশ্বাসে মোক প্ৰয়োজনীয় প্ৰেৰণা দিলে।"-কেপ্তেইন ছাৰিয়াই কয়।
 
চীন সীমান্তত এয়াৰ ডিফেন্স গানৰ সন্মুখত কেপ্তেইন ছাৰিয়া আব্বাছি
 
কেপ্তেইন ছাৰিয়া আব্বাছিৰ যাত্ৰাই ভাৰতীয় সেনাৰ পৰিৱৰ্তিত মুখখনৰ বিষয়েও বহু কথাই কয়, যিয়ে যুদ্ধ সহায়ক ভূমিকা, বিমান পৰিবহণ, আনকি কমাণ্ডিং ফ্ৰণ্টলাইন ইউনিটতো মহিলাসকলৰ বাবে অধিক পথ মুকলি কৰিছে। সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ কাহিনী প্ৰচাৰিত হোৱাৰ লগে লগে কেপ্তেইন ছাৰিয়া আব্বাছীয়ে সাহস, দৃঢ়তা আৰু নতুন ভাৰতৰ এক শক্তিশালী প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে, য’ত সৰু চহৰত পোখালি মেলা সপোনবোৰে দেশৰ সন্মুখত নিজৰ স্থান বিচাৰি পায়।
 
তেওঁ সোঁৱৰাই দিয়ে যে সাহসে কোনো লিংগ নাজানে, আৰু দেশপ্ৰেমৰ বাবে কোনো অনুমতিৰ প্ৰয়োজন নাই। কেপ্তেইন আব্বাছিয়ে আজি কেৱল আকাশৰ ৰক্ষক হিচাপেই নহয়, বাধা নেওচি দেশৰ সেৱা আগবঢ়োৱাৰ সপোন দেখা অজস্ৰ যুৱক-যুৱতীৰ আশাৰ প্ৰতীক হিচাপেও থিয় দিছে।
 
উল্লেখ্য যে, কেপ্তেইন ছাৰিয়া আব্বাছিয়ে লাইন অৱ একচুৱেল কণ্ট্ৰ’ল (এল এ চি)ত নিয়োজিত হোৱাৰ সময়ত এটা বিশেষ ড্ৰ’ন-কিলাৰ দলৰ নেতৃত্ব দিছিল। শত্ৰুৰ আকাশী ভাবুকি প্ৰতিহত কৰাৰ ক্ষেত্ৰত তেওঁ নিজৰ বিশেষজ্ঞতা প্ৰদৰ্শন কৰিছে।বৰ্তমান তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ কৌশলগতভাৱে স্পৰ্শকাতৰ অঞ্চলত ভাৰতৰ সীমান্ত সুৰক্ষিত কৰিবলৈ এল-৭০ এণ্টি-এয়াৰক্ৰাফ্ট  গান (L-70 anti-aircraft gun ) পৰিচালনা কৰি আছে।