অৰ্চলা খান
মহম্মদ লুকমান আলী আজি ভাৰতীয় মল্লযুঁজ জগতৰ এক প্ৰেৰণাদায়ক নাম হিচাপে পৰিচিত। জামিয়া মিলিয়া ইছলামিয়াৰ মাষ্টাৰ অৱ ছ’চিয়েল ৱৰ্কৰ ছাত্ৰ লুকমানে দেখুৱাইছে যে শিক্ষা আৰু ক্ৰীড়াৰ মাজত ভাৰসাম্য ৰক্ষা কৰি কেনেকৈ উৎকৃষ্টতা লাভ কৰিব পাৰি।
উত্তৰ প্ৰদেশৰ আমৰোহাৰ এখন সৰু গাঁও মহৰকা পট্টিৰ এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা মহম্মদ লুকমান আলী পিতৃ-মাতৃৰ কনিষ্ঠ পুত্ৰ। তেওঁৰ দুগৰাকী ভগ্নী আৰু চাৰিজন ভাতৃ আছে। দেউতাক ছজ্জো আলীয়ে সদায় লুকমানক সহায় কৰিছিল। দেউতাক আছিল ৰেলৱেৰ কৰ্মচাৰী। মাক জায়াদায়ে পুত্ৰক ধৰ্মীয় শিক্ষা শিকাইছিল।
২০২২ চনৰ নৱেম্বৰ মাহত উত্তৰ প্ৰদেশৰ নন্দিনী নগৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় মল্লযুঁজ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি লুকমানে কেৱল নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাই নহয়, নৱপ্ৰজন্মৰ বাবেও এক নতুন পথ প্ৰদৰ্শন কৰে। তেওঁৰ সফলতাৰ কাহিনী বহু কাৰণত যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাদায়ক।
থাইলেণ্ড চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছে মহম্মদ লুকমান আলীয়ে
শিক্ষা আৰু ক্ৰীড়াৰ সমন্বয়ঃ
উচ্চ শিক্ষা আৰু ক্ৰীড়া যে একেলগে আগবঢ়াই নিব পাৰি, সেই কথা লুকমানে প্ৰমাণ কৰিছে। জামিয়াত পঢ়াৰ লগতে মল্লযুঁজত পাৰদৰ্শিতা দেখুৱাই তেওঁ নিষ্ঠা আৰু সময় ব্যৱস্থাপনাৰ দক্ষতা প্ৰকাশ কৰে। তেওঁ যুৱক-যুৱতীসকলক এই বাৰ্তা দিয়ে যে শৈক্ষিক অৰ্হতা আৰু ক্ৰীড়া প্ৰতিভা দুয়োটা সমানে গুৰুত্বপূৰ্ণ।
কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাঃ
দৈনিক পুৱাৰ অনুশীলন, কঠোৰ প্ৰশিক্ষণ আৰু অহৰহ প্ৰচেষ্টাই তেওঁলৈ সফলতা কঢ়িয়াই আনিছিল। তেওঁৰ দৈনন্দিন ৰুটিনে যুৱক-যুৱতীসকলক শিকাইছে যে কঠোৰ পৰিশ্ৰম অবিহনে সফলতা সম্ভৱ নহয়। তেওঁ নিজৰ অভিজ্ঞতাৰ পৰা কয় যে সফলতাৰ কোনো চৰ্টকাট নাই।
লক্ষ্যৰ প্ৰতি দৃঢ়তাঃ
লুকমানৰ এই সফলতা তেওঁৰ দৃঢ়তাৰ ফল। তেওঁ কেতিয়াও প্ৰত্যাহ্বানৰ ওচৰত হাৰ নামানে আৰু নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি গৈ থাকে। এই দৃঢ়তা যুৱ প্ৰজন্মৰ বাবে এক গুৰুত্বপূৰ্ণ শিক্ষা।
সামাজিক সচেতনতাঃ
সমাজসেৱাৰ ছাত্ৰ হোৱাৰ বাবে লুকমানে সমাজৰ প্ৰতি থকা দায়িত্বও বুজি পায়। তেওঁ ক্ৰীড়াৰ জৰিয়তে সমাজত ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰাৰ লগতে আন যুৱক-যুৱতীসকলকো অনুপ্ৰাণিত কৰে।
নম্ৰতা আৰু ইতিবাচক মনোভাৱঃ
ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰাৰ পিছতো লুকমানৰ নম্ৰতা অতি প্ৰশংসনীয়। তেওঁ নিজৰ প্ৰশিক্ষক, পৰিয়াল আৰু বিশ্ববিদ্যালয়ৰ প্ৰতি সদায় কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁৰ ইতিবাচক মনোভাৱ যুৱক-যুৱতীসকলৰ বাবে আদৰ্শ।
লুকমান আলীক সম্বৰ্ধনা জনাইছে জামিয়া মিলিয়া ইছলামিয়াৰ সেইসময়ৰ ভিচি ডাঃ নাজমা আখতাৰে
প্ৰত্যাহ্বানঃ
ক্ৰীড়া আৰু পঢ়া-শুনাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো সহজ নহয়। লুকমানে সফলতাৰে এই প্ৰত্যাহ্বানৰ সন্মুখীন হৈ দুয়োটা ক্ষেত্ৰতে উৎকৃষ্টতা অৰ্জন কৰে। তেওঁৰ সংগ্ৰামে দেশৰ যুৱক-যুৱতীসকলক শিকাইছে যে প্ৰত্যাহ্বানে সফলতাৰ পথ প্ৰশস্ত কৰে।
সময় ব্যৱস্থাপনাঃ
লুকমানৰ জীৱনে যুৱক-যুৱতীসকলক সময় ব্যৱস্থাপনাৰ এক গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে। তেওঁ বুজাইছে যে দিনটোৰ পৰিকল্পনা কৰি কেনেকৈ ক্ৰীড়া আৰু পঢ়া-শুনা উভয়তে সফলতা লাভ কৰিব পাৰি।
টিম স্পিৰিটঃ
মল্লযুঁজ ব্যক্তিগত খেল হ’লেও লুকমানে দলীয় মনোভাৱৰ গুৰুত্ব বুজি পায়। তেওঁ সদায় নিজৰ সতীৰ্থ খেলুৱৈসকলক সহায় আৰু উৎসাহিত কৰে। লুকমান আজিৰ যুৱক-যুৱতীসকলৰ বাবে এক আদৰ্শ। তেওঁৰ সফলতাৰ কাহিনীয়ে দেখুৱাইছে যে প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে যিকোনো লক্ষ্যত উপনীত হ’ব পাৰি।
তেওঁ কেৱল এজন সফল খেলুৱৈ নহয়, সমাজৰ প্ৰতি নিজৰ দায়িত্ব বুজি পোৱা এজন সচেতন নাগৰিকো।তেওঁৰ সাফল্যই যুৱক-যুৱতীসকলক শিকাইছে যে সফলতা কেৱল এটা ক্ষেত্ৰতে সীমাবদ্ধ থাকিব নালাগে। ব্যক্তিৰ সামগ্ৰিক বিকাশ গুৰুত্বপূৰ্ণ। লুকমানৰ কাহিনী আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।
সৰুৰে পৰা মল্লযুঁজৰ সৈতে জড়িত আছিলঃ
লুকমান সৰুৰে পৰা মল্লযুঁজৰ লগত জড়িত হৈ আছে। পিতৃও এজন মল্লযুঁজাৰু আছিল, যিয়ে পুত্ৰক খেলৰ আদিপাঠ শিকাইছিল। প্ৰতিদিনে পুৱা ৪ বজাত সাৰ পাই ৰিঙত অনুশীলন কৰা, কঠোৰ ৰুটিন মানি চলা আৰু অহৰহ কঠোৰ পৰিশ্ৰমে তেওঁক এজন দক্ষ মল্লযুঁজাৰু কৰি তুলিছে।
কাৰিকৰী বুজাবুজি আৰু কৌশলৰ গভীৰ জ্ঞানে তেওঁক প্ৰতিযোগিতাসমূহত আগুৱাই নিয়ে। মীৰাটত অনুষ্ঠিত উত্তৰ প্ৰদেশ ৰাজ্যিক মল্লযুঁজ চেম্পিয়নশ্বিপত ৮২ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰি লুকমানে উজ্জ্বল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল। ফাইনেলত তেওঁ প্ৰতিদ্বন্দ্বীক কাৰিকৰী দক্ষতাৰে পৰাস্ত কৰে। তেওঁৰ এই বিজয়ে প্ৰমাণ কৰিলে যে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কোনো বিকল্প নাই।
পৰিয়ালৰ সহায়ঃ
লুকমানৰ সফলতাৰ আঁৰত তেওঁৰ প্ৰশিক্ষকৰ লগতে পৰিয়ালৰ লোকো আছে, যিয়ে তেওঁক প্ৰতিটো খোজতে সহায় কৰিছিল। প্ৰশিক্ষকে তেওঁৰ প্ৰতিভাক চিনি পাইছিল আৰু ইয়াক নিখুঁত কৰিছিল। আৰ্থিক অসুবিধাৰ মাজতো পৰিয়ালটোৱে তেওঁৰ সপোন পূৰণৰ ক্ষেত্ৰত কোনো ক্ৰুটি ৰখা নাছিল। এই জয় কেৱল এখন প্ৰতিযোগিতাৰ জয় নহয়, বৰঞ্চ যুৱ খেলুৱৈৰ বাবে ই এক প্ৰেৰণাৰ উৎস।
লুকমানৰ মতে মল্লযুঁজত সফলতা লাভ কৰিবলৈ অনুশাসন আৰু ধৈৰ্য্য অতি গুৰুত্বপূৰ্ণ। তেওঁ সদায় যুৱ মল্লযুঁজাৰুসকলক নিজৰ লক্ষ্যৰ পৰা কেতিয়াও আঁতৰি নাযাবলৈ পৰামৰ্শ দিয়ে।
লুকমানে অৰ্জন কৰা পদক গৌৰৱেৰে প্ৰদৰ্শন কৰিছে জ্যাদা আৰু প্ৰয়াত চাজ্জো আলী
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব ভাৰতৰ নামঃ
লুকমানৰ এই সাফল্যত উত্তৰ প্ৰদেশ মল্লযুঁজ সন্থাই গৌৰৱ প্ৰকাশ কৰিছে। তেওঁৰ এই বিজয়ে ৰাজ্যত মল্লযুঁজৰ প্ৰতি যুৱক-যুৱতীসকলৰ আগ্ৰহ বৃদ্ধি কৰিছে। বহু যুৱ মল্লযুঁজাৰুৱে তেওঁৰ পৰা প্ৰেৰণা লৈ এই খেলত আগবাঢ়িছে। লুকমানৰ পৰৱৰ্তী লক্ষ্য হ’ল ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ভাল প্ৰদৰ্শন আগবঢ়োৱা।
লগতে, এতিয়া লুকমান আলীয়ে অলিম্পিকত পদক লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে আৰু আশাকৰোঁ তাতো তেওঁ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁৰ সপোন এদিন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰি দেশৰ বাবে পদক লাভ কৰা।
পিতৃৰ পৰা লাভ কৰে প্ৰেৰণাঃ
ৰেলৱেৰ প্ৰাক্তন কৰ্মচাৰী পিতৃয়ে কাৰ্যালয়ত কাম কৰাৰ সময়ত মল্লযুঁজৰ কৃতিত্বৰ বাবে চাকৰি পোৱা কেইবাগৰাকীও ক্ৰীড়াবিদক সাক্ষাৎ কৰিছিল। “মোৰ দেউতাই সদায় নিজৰ বিভাগৰ সফল খেলুৱৈৰ কাহিনীবোৰ ঘৰত আহি আমাক শুনাইছিল।
এই কথাই মোক অনুপ্ৰাণিত কৰিছিল। ঘৰৰ পৰা প্ৰায় দহ কিলোমিটাৰ দূৰৈৰ স্থানীয় বোকাময় খেলপথাৰ এখনত মই অনুশীলন আৰম্ভ কৰিছিলো। ছাত্রছাল ষ্টেডিয়ামত নামভৰ্তি পোৱাৰ পাছতহে মই মেটত অনুশীলন কৰিছিলো। গাঁও পৰ্যায়ৰ চেম্পিয়নশ্বিপত মোৰ প্ৰদৰ্শনে অঞ্চলটোৰ বয়োজ্যেষ্ঠসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল।"-লুকমান আলীয়ে কয়।
২০১৮ চনত প্ৰথম জয়ঃ
"গাঁৱৰ প্ৰশিক্ষকসকলে মোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলে অনুশীলন কৰা মেটত মোৰ দক্ষতা নিখুঁত কৰিবলৈ কৈছিল। ইয়াৰ ফলত মই দিল্লীলৈ আহিছিলো আৰু ২০১৮ চনত ছাত্রছাল ষ্টেডিয়ামৰ হলত প্ৰৱেশ কৰিব পাৰিছিলো। অলিম্পিয়ান আৰু অন্যান্য মহান খেলুৱৈসকলে ঘণ্টাৰ পিছত ঘণ্টা অনুশীলন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা দেখি মই অনুপ্ৰাণিত হৈছো। যেতিয়া মই প্ৰথমবাৰৰ বাবে তেওঁলোকে খেলা মেটত খেলিছিলো, মোৰ চকু দুটা ডাঙৰ হৈ গৈছিল।" লুকমানে সৰু ল’ৰাৰ দৰে উত্তেজিত হৈ কয়।
থাইলেণ্ডত সফলতাঃ
ভাৰতৰ জাৰ্চি পিন্ধা মল্লযুঁজাৰুসকলৰ সৈতে ঘণ্টাৰ পিছত ঘণ্টা অনুশীলন কৰাৰ পিছত আৰু ২০২৩ চনত বিশ্বমানৰ খেলুৱৈক প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকৰ নিৰ্দেশনাত লুকমানে থাইলেণ্ডলৈ যায় আৰু তাত তেওঁ এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰি নিজৰ শাখাত ষষ্ঠ স্থান দখল কৰে।
মহম্মদ লুকমান আলী
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা কথা-বতৰাত লুকমানে আৰু কয়, “বহু অভিভাৱকে মোক ফোন কৰি নিজৰ সন্তানক মল্লযুঁজ খেলিবলৈ অনুপ্ৰাণিত কৰিবলৈ কয় যাতে তেওঁলোকেও নিজৰ নাম উজলাব পাৰে। মোৰ আদৰ্শ হৈছে সুশীল কুমাৰ আৰু ৰাছিয়াৰ অলিম্পিকৰ পদক বিজয়ী আব্দুল ৰছিদ।”
জুলাই মাহত অনুষ্ঠিত হ'বলগীয়া এছিয়ান ইনড’ৰ চেম্পিয়নশ্বিপৰ বাবে তেওঁ সাজু হৈছে যদিও তেওঁৰ দৃষ্টি হৈছে ২০২৮ চনৰ অলিম্পিক। মেগা ইভেণ্টখনত ভাৰতৰ হৈ পদক অৰ্জনেৰে দেশবাসীক গৌৰবান্বিত কৰাই লুকমান আলীৰ জীৱনৰ প্ৰধান উদ্দেশ্য।