নতুন দিল্লী
আই পি এলৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৬ উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্লে’ অফৰ স্থান দখল কৰে। ইয়াৰ লগে লগে প্লে’ অফৰ চাৰিখন খেলৰ সূচী চূড়ান্ত হৈছে।
মঙলবাৰৰ মেচখনত আৰ চি বিয়ে জয়লাভ কৰাৰ লগে লগে পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ আগবাঢ়িছে। প্ৰথম স্থানত আছে পঞ্জাব কিংছ। তৃতীয় আৰু চতুৰ্থ স্থানত আছে গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছ।
প্লে’ অফৰ প্ৰথমখন মেচ কোৱালিফায়াৰ-১ অহা ২৯ মে’ত নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’ব। সেই মেচত আৰ চি বিয়ে পঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব। ইয়াৰে যিটো দল জয়ী হ’ব সেই দলে পোনে পোনে ফাইনেলত প্ৰৱেশ কৰিব।
৩০ মে’ত অনুষ্ঠিত হ’ব এলিমিনেটৰ। নিউ চণ্ডীগড়ৰ একেখন খেলপথাৰতে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব মুম্বাই ইণ্ডিয়ানছে। এই মেচত যিটো দল পৰাস্ত হ’ব সেই দল টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ’ব।
এলিমিনেটৰত বিজয়ী দলটোৱে দ্বিতীয় কোৱালিফায়াৰত খেলিব। তেওঁলোকৰ প্ৰতিদ্বন্দী হ’ব আছিল কোৱালিফায়াৰ-১ ত পৰাস্ত হোৱা দলটো। অহা ১ জুনত আহমেদাবাদত অনুষ্ঠিত হ’ব দ্বিতীয়খন কোৱালিফায়াৰ।
দ্বিতীয়খন কোৱালিফায়াৰত যিটো দলেই জয়ী হ’ব সেই দলেই ফাইনেলত প্ৰৱেশ কৰিব। ৩ জুনত আহমেদাবাদত অনুষ্ঠিত হ’ব আই পি এল-২০২৫ ৰ মেগা ফাইনেল।
আই পি এল প্লে’ অফৰ সূচী:
কোৱালিফায়াৰ-১: ২৯ মে’ত পঞ্জাব কিংছ বনাম ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু।
এলিমিনেটৰ: ৩০ মে’ত মুম্বাই ইণ্ডিয়ানছ বনাম গুজৰাট টাইটানছ।
কোৱালিফায়াৰ-২: ১ জুনত কোৱালিফায়াৰ ১ত পৰাস্ত দলটো এলিমিনেটৰ বিজয়ী দলটো।
ফাইনেল: ৩ জুনত কোৱালিফায়াৰ-১ বিজয়ী বনাম কোৱালিফায়াৰ-২ বিজয়ী দলটো।