নতুন দিল্লী
IPL ২০২৫ ৰ কোৱালিফায়াৰ ১ত পঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰে ফাইনেলত প্ৰৱেশ কৰে। এই জয়ৰ জৰিয়তে RCB আই পি এল ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে। এতিয়া ৩ জুনত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰতিযোগিতাখনৰ ফাইনেল খেলা দেখা যাব RCB এ আৰু প্ৰথমটো আই পি এল ট্ৰফী লাভ কৰিব বিচাৰিব দলটোৱে।
২০১৬ চনৰ পিছত ৯ বছৰৰ অন্তত ২০২৫ চনত ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে RCB-এ। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ বছৰীয়া ইতিহাসত ২০০৯ চনত আই পি এলৰ প্ৰথমখন ফাইনেল খেলিছিল RCB-এ। ইয়াৰ পিছত দলটোৱে ২০১১ চনত দ্বিতীয়বাৰৰ বাবে আই পি এলৰ ফাইনেল খেলিছিল ।২০১৬ চনত তৃতীয়বাৰৰ বাবে RCB-এ আই পি এলৰ ফাইনেল খেলিছিল। এতিয়া বেংগালুৰু দলটোৱে আই পি এল ২০২৫ত চতুৰ্থবাৰৰ বাবে ফাইনেল খেলিব।
এই মেচখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। পঞ্জাব কিংছে প্ৰথম বেটিং কৰাৰ সময়ত হতাশাজনক প্ৰদৰ্শন আগবঢ়াই ১৪.১ অভাৰত ১০টা উইকেট হেৰুৱাই মাত্ৰ ১০১ ৰাণ সংগ্ৰহ কৰে। ১০২ ৰানৰ লক্ষ্য লাভ কৰি ১০ অভাৰত ২ উইকেট হেৰুৱাই ১০৬ ৰাণ সংগ্ৰহ কৰি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় RCB।
পঞ্জাব কিংছে ১০২ ৰানৰ লক্ষ্য খেদি ফাইনেলত প্ৰৱেশ কৰি ফিল ছল্ট আৰু বিৰাট কোহলীয়ে ইনিংছ আৰম্ভ কৰে। বিৰাট কোহলীয়ে ১২টা বলত ২টা চাৰিৰে ১২ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে। ইয়াৰ পিছত ছল্টে ধুমুহাময় ইনিংছ খেলি অপৰাজিত অৰ্ধশতক অৰ্জন কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। ছল্টে ২৭টা বলত ৬টা চাৰি আৰু ৩টা ছয়ৰে ৫৬ ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল। RCB ৰ হৈ মায়ংক আগৰৱালাই ১৯ আৰু ৰজত পাটিদাৰে অপৰাজিত ১৫ ৰাণ সংগ্ৰহ কৰে। পঞ্জাবৰ হৈ কাইল জেমিছন আৰু মুছিৰ খানে ১-১ উইকেট দখল কৰে।
পঞ্জাব কিংছৰ হৈ প্ৰিয়ংশ আৰ্য আৰু প্ৰভসিমৰণ সিঙে ইনিংছ আৰম্ভ কৰিছিল যদিও দলটোক এক সুন্দৰ আৰম্ভণি দিব নোৱাৰিলে। পঞ্জাবে এটা সময়ত ৬.৩ অভাৰত ৫০ ৰাণত ৫ উইকেট হেৰুৱাইছিল। RCB ৰ সন্মুখত পঞ্জাবে ১০.৩ অভাৰত ৭৮ ৰাণ সংগ্ৰহ কৰি ৮টা উইকেট হেৰুৱাইছিল। পঞ্জাব কিংছৰ হৈ প্ৰভসিমৰণ সিঙে ১৭ ৰাণ সংগ্ৰহ কৰে। মাৰ্কাছ ষ্টয়নিছে ১৭টা বলত ২টা চাৰি আৰু ২টা ছয়ৰে ২৬ ৰাণৰ ইনিংছ খেলিছিল। আজমাতুল্লাহ উমৰজাইয়ে ১১টা বলত ১ চাৰি আৰু ১ ছয় সংগ্ৰহ কৰি ১৮ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ বাবে পঞ্জাবে মাত্ৰ ১০১ ৰাণহে কৰিব পাৰিছিল।
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ সৰ্বাধিক উইকেট দখল কৰে সুয়াশ শৰ্মা আৰু জোছ হেজলউডে। ছুয়াছে ৩ অভাৰত ১৭ ৰাণত ৩ উইকেট দখল কৰাৰ বিপৰীতে হেজলউডে ৩.১ অভাৰত ২১ ৰাণত ৩ উইকেট দখল কৰে। RCB ৰ হৈ যশ দয়ালে ২টা উইকেট দখল কৰে। ভূৱনেশ্বৰ কুমাৰ আৰু ৰোমাৰিয়া শ্বেফাৰ্ডে ১টাকৈ উইকেট দখল কৰে।
আই পি এল ২০২৫ত পঞ্জাব কিংছৰ যাত্ৰা শেষ হোৱা নাই। ১ জুনত অনুষ্ঠিত হ’বলগীয়া কোৱালিফায়াৰ ২ত তেওঁলোকে আন এটা সুযোগ লাভ কৰিব যেতিয়া তেওঁলোকে এলিমিনেটৰৰ বিজয়ী দল (গুজৰাট টাইটানছ হওক বা মুম্বাই ইণ্ডিয়ানছ)ৰ সৈতে খেলা দেখা যাব।