ভাৰত-পাকিস্তান বিবাদক লৈ BCCI ৰ ডাঙৰ ঘোষণা; এছিয়া কাপত অংশগ্ৰহণ নকৰে ভাৰতে

Story by  atv | Posted by  [email protected] • 11 Months ago
ভাৰত-পাকিস্তান বিবাদক লৈ BCCI ৰ ডাঙৰ ঘোষণা
ভাৰত-পাকিস্তান বিবাদক লৈ BCCI ৰ ডাঙৰ ঘোষণা
 
নতুন দিল্লী
 
৮ মে’ত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল। অৱশ্যে দুয়োখন দেশৰ মাজত এতিয়াও উত্তেজনা অব্যাহত আছে। বৰ্তমানৰ উত্তেজনাই দুয়োখন দেশৰ ক্ৰিকেটৰ ওপৰটো প্ৰভাৱ পেলাব পাৰে।
 
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এছিয়ান ক্ৰিকেট পৰিষদক মৌখিকভাৱে জনাইছে যে তেওঁলোকে আগন্তুক পুৰুষ এছিয়া কাপ ২০২৫ ৰ পৰা আঁতৰি আহিছে, লগতে তেওঁলোকে ইয়াৰ আয়োজনো নকৰে।
 
কেৱল এয়াই নহয়, ভাৰতীয় মহিলা দলটোৱেও এছিয়া কাপ ২০২৫, ত অংশগ্ৰহণ নকৰে, যিখন প্ৰতিযোগিতা অহা মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া আছিল।
 
ভাৰতে অংশগ্ৰহণ নকৰাৰ বাবে মহিলা উদীয়মান দলৰ এছিয়া কাপ বাতিল কৰা হৈছে । ছেপ্টেম্বৰ মাহত পুৰুষ এছিয়া কাপ অনুষ্ঠিত কৰাৰ কথা ক’বলৈ গ’লে এচিচিৰ বৈঠকত শীঘ্ৰে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
 
সম্প্ৰতি এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি পাকিস্তানৰ গৃহমন্ত্ৰী মহছিন নাকৱী হয়,যি পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পিচিবি) অধ্যক্ষও। এই পদক্ষেপৰ জৰিয়তে বিচিচিআইয়ে ক্ৰিকেটতো পাকিস্তানক পৃথক কৰাৰ চেষ্টা কৰিছে।
 
যদি ভাৰতে এছিয়া কাপত অংশগ্ৰহণ নকৰে তেন্তে এই প্ৰতিযোগিতাখন আয়োজন কৰাটো অসম্ভৱ কাৰণ আন্তঃৰাষ্ট্ৰীয় মেচৰ পৃষ্ঠপোষকসকলৰ অধিকাংশই ভাৰতৰ।