নতুন দিল্লী
শনিবাৰে নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত দিল্লী কেপিটেলছ আৰু পঞ্জাৱ কিঙছৰ খেলখনৰ সময়ত লুংগি এঙডি এক ভয়ংকৰ দুৰ্ঘটনাৰ বলি হয়। আঘাত ইমান গুৰুতৰ আছিল যে তেওঁক খেলপথাৰৰ পৰাই এম্বুলেন্সযোগে হাস্পতাললৈ লৈ যাবলগীয়া হয়।
পঞ্জাৱৰ বেটিং চলি থকাৰ সময়তে খেলখনৰ আৰম্ভণিতে এই মৰ্মান্তিক ঘটনাটো ঘটে, যাৰ ফলত ষ্টেডিয়ামৰ উত্তেজনা স্তব্ধ হৈ পৰে। এটা সহজ কেচ ধৰিবলৈ যাওঁতেই এই পৰিস্থিতিৰ সৃষ্টি হয় আৰু এনগিডিক খেলপথাৰত পৰি থকা দেখি দুই পক্ষৰ খেলুৱৈসকলে তৎক্ষণাত চিকিৎসা সহায়ৰ বাবে সংকেত দিয়ে।
দক্ষিণ আফ্ৰিকাৰ এই বেগী বলাৰজনে ওপৰলৈ উঠা এটা বল কেচ ধৰিবলৈ চেষ্টা কৰোঁতে ভাৰসাম্য হেৰুৱাই পাছফালে বাগৰি পৰে আৰু তেওঁৰ মূৰৰ পিছফালে প্ৰচণ্ড আঘাত পায়। তেওঁৰ চাৰিওফালে থকা খেলুৱৈসকলৰ প্ৰতিক্ৰিয়াৰ পৰাই স্পষ্ট হৈছিল যে এইয়া কেৱল এটা কেচ মিছ হোৱা ঘটনা নাছিল, বৰঞ্চ এক গুৰুতৰ আঘাত আছিল। দিল্লী কেপিটেলছৰ খেলুৱৈসকল দৌৰি ওচৰলৈ যোৱাৰ লগতে পঞ্জাৱৰ বেটাৰ প্ৰিয়াংশ আৰ্য আৰু প্ৰভচিমৰন সিঙকো যথেষ্ট চিন্তিত দেখা গৈছিল।
প্ৰায় ১৫ মিনিট ধৰি খেল বন্ধ কৰি ৰখা হৈছিল। চিকিৎসকসকলে খেলপথাৰৰ মাজতে তেওঁক চিকিৎসা প্ৰদান কৰে। সেই সময়ত গোটেই ষ্টেডিয়ামখন নিস্তব্ধ হৈ পৰিছিল আৰু বহুতো দৰ্শকক বলাৰজনৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰা দেখা গৈছিল। দিল্লীৰ প্ৰচণ্ড গৰমে পৰিস্থিতিটো অধিক কষ্টকৰ কৰি তুলিছিল।
ইয়াৰ কিছু সময় পূৰ্বে কে.এল. ৰাহুলে এই অসহ্যকৰ গৰমৰ মাজত বেটিং কৰি এক ঐতিহাসিক ১৫০ ৰানৰ ইনিংছ খেলিছিল, যাৰ বাবে তেওঁৰ সাক্ষাৎকাৰ দিওঁতেও যথেষ্ট কষ্ট হৈছিল। আনকি কিপিং কৰি থকাৰ সময়তো তেওঁক ফিজিঅ’ৰ সহায়ৰ প্ৰয়োজন হৈছিল। এনগিডিৰ এই দুৰ্ঘটনাটোৱে দিল্লীৰ এই প্ৰতিকূল বতৰে খেলুৱৈসকলক কেনেদৰে জুৰুলা কৰিছে, তাৰে প্ৰমাণ দিছে।
পৰিস্থিতিৰ গুৰুত্ব বুজি খেলপথাৰলৈ ষ্ট্ৰেচাৰ আৰু এম্বুলেন্স অনা হয়। এনগিডিৰ ডিঙিত ‘নেক ব্ৰেচ’ (Neck brace) লগাই অধিক পৰীক্ষা-নিৰীক্ষাৰ বাবে লৈ যোৱা হয়।
ঘটনাটো ঘটিছিল অক্ষৰ পেটেলৰ বলত। পঞ্জাৱৰ বেটাৰ প্ৰিয়াংশ আৰ্যই মৰা বলটো বহুত ওপৰলৈ উঠিছিল। মিড-অফ (Mid-off)ত থকা এনগিডিয়ে কেচটো ধৰিবলৈ চেষ্টা কৰোঁতে বলটোৰ গতি সঠিকভাৱে নিৰ্ণয় কৰিব পৰা নাছিল। পাছলৈ গৈ কেচটো ধৰিব বিচাৰোঁতেই তেওঁ উজুটি খাই মাটিত পৰে আৰু তেওঁৰ মূৰটো জোৰকৈ মাটিত খুন্দা খায়।
চিকিৎসকৰ সৈতে কথা পাতি থকাৰ অৱস্থাতে তেওঁক ষ্ট্ৰেচাৰত উঠাই লৈ যোৱা হয়। এনগিডিৰ ঠাইত দিল্লী কেপিটেলছে ‘কনকাচন চাবষ্টিটিউট’ (Concussion substitute) হিচাপে ভাৰতীয় অলৰাউণ্ডাৰ বিপ্ৰাজ নিগমক দলত অন্তৰ্ভুক্ত কৰাৰ অনুমতি লাভ কৰে। নিগমে এই ছিজনত দিল্লীৰ হৈ এগৰাকী উপযোগী খেলুৱৈ হিচাপে খেলি আহিছে।