বিশ্বকাপ ফুটবলতো চোৰৰ সন্ত্ৰাস; ইংলেণ্ড দলৰ জাৰ্ছী, জোতা আৰু ফুটবল চুৰি

Story by  atv | Posted by  [email protected] • 2 d ago
ইংলেণ্ড দল
ইংলেণ্ড দল
 
নতুন দিল্লী
 
ফিফা বিশ্বকাপ ২০২৬ ৰ খেলত অংশগ্ৰহণ কৰাৰ আগতেই আমেৰিকাত এক অপ্ৰত্যাশিত তথা লজ্জাজনক ঘটনাৰ মুখামুখি হৈছে ইংলেণ্ড ফুটবল দল। দলটোৱে বিশ্বকাপৰ মূল খেলত অৱতীৰ্ণ হোৱাৰ পূৰ্বে তেওঁলোকৰ প্ৰশিক্ষণ শিবিৰলৈ সামগ্ৰীসমূহ কঢ়িয়াই নিয়া বাহনখনতে এক ডাঙৰ চুৰিকাণ্ড সংঘটিত হয়।
 
চোৰে খেলুৱৈসকলৰ অতি প্ৰয়োজনীয় ট্ৰেনিং কিটৰ লগতে মেচত পিন্ধিবলগীয়া কেইবাযোৰো মূল্যৱান বুট জোতা আৰু অফিচিয়েল ফুটবল লুট কৰি লৈ যায়। এই ঘটনাই এতিয়া লুইচিয়ান আৰু ব্ৰিটিছ ফুটবল শিবিৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
 
জানিব পৰা মতে, ইংলেণ্ড ফুটবল দলটোৱে ফ্লোৰিডাত থকা তেওঁলোকৰ প্ৰাক-বিশ্বকাপ প্ৰস্তুতি শেষ কৰি মিজুৰীৰ কানছাছ চিটিস্থিত নতুন বেচ কেম্প 'স্বোপ চকাৰ ভিলেজ'লৈ ৰাওনা হৈছিল। মূল দলটো গৈ পোৱাৰ পূৰ্বেই এখন বিশেষ কন্টেইনাৰ বাহনত খেলুৱৈসকলৰ সকলো প্ৰশিক্ষণ সামগ্ৰী পঠোৱা হৈছিল।
 
কিন্তু শুকুৰবাৰে নিশা বাহনখন কানছাছ চিটিত উপস্থিত হোৱাৰ পিছতহে পোহৰলৈ আহে যে গাড়ীৰ তলা ভাঙি ভিতৰৰ পৰা তাৰকা খেলুৱৈসকলৰ বিশেষভাৱে তৈয়াৰী বুট জোতা, ৰণনীতি প্ৰস্তুত কৰা সামগ্ৰী আৰু অফিচিয়েল মেচৰ বলসমূহ চোৰে লুটি লৈ গৈছে।
 
উল্লেখযোগ্য যে, এই স্পৰ্শকাতৰ ঘটনাটো সংঘটিত হোৱাৰ লগে লগে কানছাছ চিটিৰ আৰক্ষী বিভাগ অতি তৎপৰ হৈ পৰিছে। ব্ৰিটেইনৰ ফুটবল এছ’চিয়েশ্যনৰ (FA) সৈতে সমন্বয় ৰাখি আৰক্ষীয়ে চলোৱা ক্ষিপ্ৰ অভিযানৰ অন্তত ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন ব্যক্তিক জিম্মাত লোৱা হৈছে।
 
তাৰোপৰি, অহা বুধবাৰে ডালাছত ক্ৰয়েছিয়াৰ বিৰুদ্ধে হাইভল্টেজ মেচেৰে ইংলেণ্ডে তেওঁলোকৰ বিশ্বকাপ অভিযান আৰম্ভ কৰিব। তাৰ পূৰ্বেই মুখ্য প্ৰশিক্ষক থমাছ টুচেলৰ তত্ত্বাৱধানত খেলুৱৈসকলে পূৰ্ণ পৰ্যায়ৰ প্ৰশিক্ষণত নামিবলগীয়া আছিল। সাধাৰণ ট্ৰেনিং কিট অতি সোনকালে সলনি কৰিব পৰা যায় যদিও, খেলুৱৈসকলে নিজৰ ভৰিৰ জোখ আৰু আৰাম অনুসায়ী ব্যৱহাৰ কৰা খেলৰ বিশেষ বুট জোতা অন্তিম মুহূৰ্তত নতুনকৈ গোটোৱাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। বৰ্তমান বিকল্প সামগ্ৰীৰ যোগান ধৰিবলৈ দলৰ কৰ্মকৰ্তাসকলে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে।