মনছুৰুদ্দিন ফৰিদী/ নতুন দিল্লী
যিখন পৃথিৱীত সপোনবোৰে প্ৰায়ে সামাজিক বাধাৰ সৈতে সংঘৰ্ষ কৰিবলগীয়া হয়, সেইখন পৃথিৱীত খুছবু মিৰ্জাৰ যাত্ৰাই স্থিতিস্থাপকতা, বুদ্ধিমত্তা আৰু নিস্তব্ধ বিপ্লৱৰ কাহিনীৰ এক আশাৰ ৰেঙণি হিচাপে দেখা দিছে। উত্তৰ প্ৰদেশৰ সাংস্কৃতিকভাৱে সমৃদ্ধ অথচ ৰক্ষণশীল চহৰ আমৰোহাৰ পৰা অহা খুছবুৱে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সৈতে ভাৰতৰ চন্দ্ৰ অন্বেষণ কাৰ্যসূচীত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশিষ্টতা লাভ কৰে।
খুছবু মিৰ্জাৰ প্ৰেৰণাদায়ী যাত্ৰাৰ এয়া এক অনন্য কাহিনী। তেওঁ পৰম্পৰাগত আৰু ৰক্ষণশীল সমাজত ডাঙৰ-দীঘল হোৱা খুছবুৰ মাতৃৰো এই সফলতাৰ কাহিনীত গুৰুত্বপূৰ্ণ অৱদান আছে। শিক্ষাৰ প্ৰতি তেওঁৰ সাহস আৰু সমৰ্পণে খুছবুৰ জীৱনত নতুন বাট মুকলি কৰি দিছে।
খুছবু মিৰ্জা (বাওঁফালৰ পৰা চতুৰ্থ, প্ৰথম শাৰী) ইছৰোৰ সহকৰ্মীসকলৰ সৈতে এখন কৰ্মশালাত
আমৰোহৰ প্ৰখ্যাত সাংবাদিক ছিৰাজ নাকভিয়েও তেওঁৰ সফলতাক চহৰখনৰ বাবে 'গৌৰৱ' বুলি অভিহিত কৰিছে। তেওঁ কয়, "আমৰোহে সদায় জৌন ইলিয়া, জুবাইৰ ৰিজভি, ৰাইছ আমৰোহভিৰ দৰে সাহিত্যিকৰ সৃষ্টি কৰি আহিছে। এতিয়া ই দেশক খুছবু মিৰ্জাৰ দৰে বৈজ্ঞানিক উপহাৰ দিছে।"
আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ এগৰাকী গৌৰৱময় প্ৰাক্তন ছাত্ৰী, তেওঁৰ কাহিনী কেৱল শৈক্ষিক উৎকৰ্ষতাৰে নহয়, তেওঁৰ কাহিনী ব্যক্তিগত দৃঢ়তা আৰু সাংস্কৃতিক পৰিৱৰ্তনৰো।
আমৰোহাৰ চাঘাৱাৰী মহল্লাৰ বাসিন্দা খুছবু হৈছে সৰলতা, কঠোৰ পৰিশ্ৰম আৰু শিক্ষাত বিশ্বাসী এটা পৰিয়ালৰ কন্যা। তেওঁৰ দেউতাক ছিকন্দৰ মিৰ্জা এজন অভিযন্তা আছিল, যদিও দুৰ্ভাগ্যজনকভাৱে খুছবুৰ বয়স মাত্ৰ সাত বছৰতে তেওঁ এই পৃথিৱী এৰি থৈ যায়। তেওঁৰ মৃত্যুৰ পিছত মাতৃ ফাৰহাট মিৰ্জাই ল’ৰা-ছোৱালীৰ লালন-পালন আৰু পঢ়া-শুনাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে।
নিজে স্নাতক হোৱা ফাৰহাট মিৰ্জাই নিজৰ সন্তানক আমৰোহাৰ শ্ৰেষ্ঠ স্কুলত নামভৰ্তি কৰাই নহয়, স্বামীৰ স্মৃতিত পেট্ৰল পাম্পৰ পৰিচালনাৰ দায়িত্বও লৈছিল। সেই সময়ত এগৰাকী মুছলমান মহিলাৰ বাবে এয়া এক ডাঙৰ পদক্ষেপ আছিল। প্ৰয়াত স্বামীৰ পেট্ৰ’ল পাম্প পৰিচালনা কৰি অকলে তিনিটা সন্তানক ডাঙৰ-দীঘল কৰি ফাৰহাটে সমাজৰ সমালোচনাৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছিল। তাই তেওঁলোকক উত্তম বিদ্যালয়ত নামভৰ্তি কৰিছিল আৰু তেওঁলোকৰ মাজত শিক্ষা, মৰ্যাদা আৰু স্বাধীনতাৰ মূল্যবোধৰ বীজ সিঁচিছিল।
এটা বিশাল একুৰিয়ামৰ সন্মুখত খুছবু মিৰ্জা (বাওঁফালে) আৰু চন্দ্ৰযান দ্বিতীয় (সোঁফালে)
তেওঁ বহুবাৰ সামাজিক ঠাট্টা-মস্কৰা আৰু হেঁচাৰ সন্মুখীন হৈছিল যদিও তেওঁ নিজৰ স্থিতিত অটল থাকে। স্বামীৰ ইচ্ছামতে ফাৰহাটে তিনিওটা সন্তানক ইঞ্জিনিয়াৰ কৰিবলৈ উৎসাহিত কৰে। ২০০৬ চনত খুছবু মিৰ্জাই আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰিঙত স্বৰ্ণ পদক লাভ কৰি স্নাতক ডিগ্ৰী লাভ কৰে।
খুছবু কেৱল শৈক্ষিক দিশতে চোকা নাছিল, স্কুল আৰু কলেজৰ দিনত তেওঁ ভলীবল খেলুৱৈও আছিল। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ইতিহাসত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা তেওঁ হৈছে প্ৰথমগৰাকী ছোৱালী। যি কাৰ্য্যই প্ৰতিষ্ঠানটোৰ ভিতৰত লিংগ বৈষম্য নীতিক প্ৰত্যাহ্বান জনাইছিল।
২০০৬ চনৰ শেষৰ ফালে খুছবু মিৰ্জাই বিজ্ঞানী হিচাপে ইছৰোত যোগদান কৰি অতি সোনকালেই টেকনিচিয়ান পদলৈ উন্নীত হয়। তেওঁ চন্দ্ৰলৈ পঠিয়াবলগীয়া উপগ্ৰহৰ পৰা তথ্য আহৰণ কৰিবলৈ সঁজুলি আৰু চফটৱেৰ প্ৰস্তুত কৰা দলটোৰ অংশ আছিল। যিয়ে চন্দ্ৰপৃষ্ঠত পানীৰ উপস্থিতি নিশ্চিত কৰে। খুছবু চন্দ্ৰযান-১ মিছনত চেকআউট টিমৰ নেতা আছিল আৰু মিছনৰ আটাইতকৈ কম বয়সীয়া সদস্যও আছিল।
ইছৰোৰ সৈতে জড়িত খুছবুৱে পিছলৈ চন্দ্ৰযান-২ত অৰিহণা যোগায় আৰু ২০১৫ চনত ইছৰোৰ দলীয় উৎকৰ্ষ বঁটাৰে সন্মানিত হয়। আজি তেওঁ ইছৰোৰ আঞ্চলিক ৰিম’ট চেন্সিং চেণ্টাৰত সেৱা আগবঢ়াই আছে, ভাৰতৰ অভিলাষী মহাকাশ কাৰ্যসূচীত নিজৰ কাম অব্যাহত ৰাখিছে।
আমৰ বাগিছাত মাকৰ সৈতে খুছবু মিৰ্জা
খুছবুৱে কয় যে, মানুহে প্ৰায়ে মুছলমান মহিলাক পুৰণি সংস্কাৰৰ আবৰি থকা দৃষ্টিৰে চায় , আৰু সেইবাবে আমি নিজকে আৱদ্ধ, অশিক্ষিত বা নিষ্ক্ৰিয় বুলি ধৰণা কৰি লওঁ । কিন্তু সমগ্ৰ দেশৰ লেব, বিশ্ববিদ্যালয়, আৰু ব'ৰ্ডৰুমত আমি ইয়াৰ বিপৰীত এক ছবিহে প্ৰতিফলিত কৰিছো।
খুছবুৱে নিজৰ ধৰ্ম অনুসৰি ৰমজানত ৰোজা ৰখা, নামাজ পঢ়া, আৰু সহকৰ্মীসকলৰ সৈতে ঈদ উদযাপন কৰি আহিছে। খুছবুৱে জোৰ দি কয় যে, তেওঁৰ ধৰ্মেই তেওঁৰ কামত কেতিয়াও বাধা হৈ থিয় দিয়া নাই। ধৰ্ম আৰু পেছাৰ মাজত কোনো বিৰোধিতা নাই বুলিও তেওঁ কয়।
আজি সমগ্ৰ উত্তৰ প্ৰদেশৰ বিদ্যালয়-মহাবিদ্যালয়সমূহত অতিথি বক্তা হিচাপে খুছবুক সঘনাই আমন্ত্ৰণ জনোৱা হয়। য'ত তেওঁ কন্যা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি মনোনিৱেশ কৰিবলৈ অনুপ্ৰাণিত কৰে। গ্ৰামাঞ্চলৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা ব্যৱস্থাৰ উন্নতি সাধনৰ যথেষ্ট প্ৰয়োজনীয়তা আছে বুলি তেওঁ অনুভৱ কৰে। তাইৰ বাৰ্তা হৈছে 'সামঞ্জস্যপূৰ্ণ আৰু শক্তিশালী: শিক্ষা হৈছে সৱলীকৰণ'।
ভাৰতৰ গ্ৰাম্য অঞ্চলত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ মান উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু মুছলমান ছোৱালীক এছ টি ই এমত উচ্চ শিক্ষা আৰু কেৰিয়াৰ গঢ়িবলৈ আবেগিকভাৱে উৎসাহিত কৰে। খুছবুৰ প্ৰভাৱ দেখা গৈছে যে, তাইৰ আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈ আমৰোহা আৰু ইয়াৰ বাহিৰৰ অধিক ছোৱালীয়ে এতিয়া অভিযান্ত্ৰিক কাৰ্যসূচীত নামভৰ্তি কৰিছে।
খুছবু মিৰ্জা
'চিলমান ছে চন্দ্ৰযান টক' নামৰ গ্ৰন্থখনত নিজৰ যাত্ৰাৰ বুৰঞ্জী লিখা লেখিকা তথা শিক্ষাবিদ ড০ ৰাহত আবৰাৰে কৈছে: "য’তেই চন্দ্ৰযানৰ নাম উল্লেখ কৰা হয়, তাতেই খুছবু মিৰ্জাৰ নামটো অনিবাৰ্যভাৱে অনুসৰণ কৰা হয়।"
খুছবু মিৰ্জাৰ যাত্ৰা — এখন সৰু চহৰ আৰু ব্যক্তিগত ট্ৰেজেডীৰ পৰা ইছৰো আৰু চন্দ্ৰলৈকে — সাহস, স্থিতিস্থাপকতা আৰু শিক্ষাৰ পৰিৱৰ্তনশীল শক্তিৰ প্ৰমাণ। যি সময়ত মুছলমান মহিলাৰ চাৰিওফালে থকা আখ্যানটো প্ৰায়ে সীমাবদ্ধতাৰে ভৰি থাকে, সেই সময়ত তাই এটা নতুন আখ্যান খোদিত কৰিছে — যি হৈছে সীমাহীন সম্ভাৱনাৰ আখ্যান।
খুছবুৰ কাহিনীয়ে সপোন দেখাৰ সাহস কৰা প্ৰতিগৰাকী ছোৱালী আৰু সেই সপোনক সমৰ্থন কৰিবলৈ বাছি লোৱা প্ৰতিজন পিতৃ-মাতৃৰ কাহিনী বৰ্ণনা কৰে।