আৱাজ-দ্য ভইচ অসম ব্যুৰ'
সামাজিক, অৰ্থনৈতিক বা ধৰ্মীয় আদি সকলো ধৰণৰ বৈষম্যৰ বিৰুদ্ধে থিয় দিছে এগৰাকী ১৭ বছৰীয়া যুৱতীয়ে। যুৱতীগৰাকী হৈছে এই বছৰ আইএছচি (ISC)ত সৰ্বোচ্চ নম্বৰ অৰ্জন কৰা সৃজনী। নিজৰ আদৰ্শৰে কাম কৰি 'দ্য ফিউচাৰ ফাউণ্ডেশ্যন স্কুল'ত অধ্যয়ন কৰা সৃজনীয়ে ইতিমধ্যে নিজৰ উপাধি ত্যাগ কৰিছে। কিয়নো তেওঁ অনুসৰণ কৰা একমাত্ৰ ধৰ্মটোৱেই হৈছে 'মানৱতা'।
দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পূৰ্বে সৃজনীয়ে ব’ৰ্ডৰ পঞ্জীয়নৰ বাবে উপাধি বাদ দি কেৱল মাত্ৰ নিজৰ নাম লিখিবলৈহে বিশেষ অনুমতি বিচাৰি আবেদন জনাইছিল।
ফিউচাৰ ফাউণ্ডেশ্যন স্কুলৰ অধ্যক্ষ ৰঞ্জন মিট্টৰে কয় যে, যেতিয়ালৈকে ই কোনো আইনগত সমস্যা নহয়, তেতিয়ালৈকে আমাৰ ইয়াত আপত্তি কৰিবলগীয়া কোনো কথা নাই। মোৰ বিশ্বাস প্ৰতিজন ব্যক্তিক নিজৰ আত্মসন্মানেৰে জীয়াই থাকিবলৈ দিয়া উচিত আৰু যদি সৃজনীৰ পৰিয়ালে এইটোৱে বিচাৰে তেন্তে আমিও তেওঁলোকৰ সৈতে একমত।
সৃজনী তেওঁৰ পিতৃ-মাতৃৰ সৈতে
সৃজনীয়ে কয় যে, "মই সামাজিক, অৰ্থনৈতিক বা ধৰ্মীয় আদি সকলো ধৰণৰ বৈষম্যৰ বিৰোধী। সাম্প্ৰদায়িক আগ্ৰাসন আৰু ধৰ্মীয় শোষণবাদ হৈছে এক বিভাজনকাৰী শক্তি। সহনশীলতা পাৰস্পৰিক সন্মান আৰু সমতাবাদী ধাৰণাৰেহে আমাৰ বহুসংস্কৃতিৰ সমাজখন সমৃদ্ধিশালী হ’ব পাৰে। মই এনে এখন সমাজৰ সপোন দেখিছোঁ, য'ত কোনো অভয়া (আৰ জি কাৰ বলি) নাথাকিব, য'ত কোনো ধৰ্মযুদ্ধ আৰু কোনো স্তৰবৃত্তও নাথাকিব।"
ভগ্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সৃজনীয়ে ২০২৪ চনৰ ১৪ আগষ্টত অনুষ্ঠিত হোৱা 'ৰিক্লেইম দ্য নাইট'ত হাজাৰ হাজাৰ লোকৰ সৈতে অংশগ্ৰহণ কৰিছিল আৰু পিজিটি চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু মহিলাৰ সুৰক্ষাৰ বাবে দাবী জনাইছিল।
সৃজনীৰ বিশ্বাস বহুলাংশে তেওঁৰ মাতৃ তথা গুৰুদাস মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা গোপা মুখাৰ্জীৰ আৰু ২০১২ চনত শান্তি স্বৰূপ ভটনগৰ বঁটা লাভ কৰা আই এছ আইৰ গণিতজ্ঞ দেৱাশিষ গোস্বামীৰ দ্বাৰা গঢ় লৈ উঠিছিল।
গোপা মুখাৰ্জীয়ে কয়, "বিবাহৰ পিছতো মই মোৰ উপাধি সলনি কৰা নাছিলো। ল’ৰা-ছোৱালীবোৰৰ বাবে আমাৰ দুয়োটাৰে উপাধি ব্যৱহাৰ কৰাৰ সুবিধা আছিল। মোৰ স্বামী আৰু মই পিতৃতন্ত্ৰ আৰু জাতি স্তৰৰ বিৰোধী, আৰু আমি বিচাৰো যে আমাৰ সন্তানসকলে জাতি, ধৰ্ম আৰু বৰ্ণৰ কোনো বোজা নোহোৱাকৈ মুক্ত মন লৈ ডাঙৰ হওঁক। প্ৰথমে তেওঁলোক একো একোগৰাকী ভাল মানুহ হ’ব লাগে। আমাৰ ল’ৰা-ছোৱালীয়ে আমাৰ সিদ্ধান্তক সন্মান কৰাটো আমাক অপৰিসীম আনন্দ দিয়ে।"
ISC পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা সৃজনী তেওঁৰ স্কুলত
মুখাৰ্জীয়ে কয় যে, যেতিয়া তেওঁলোকে সন্তানৰ জন্মৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰিছিল, তেতিয়া তেওঁলোকে নিজৰ উপাধি উল্লেখ কৰা নাছিল। মুখাৰ্জীয়ে কয়, "আমি কেতিয়াও এই সন্দৰ্ভত কোনো ডাঙৰ প্ৰশ্নৰ সন্মুখীনও হোৱা নাছিলো। উপাধি ক'তো বাধ্যতামূলক নহয়, আনকি পাছপ'ৰ্টতো নহয়, ই মাত্ৰ এটা মানসিকতাহে। আমি আমাৰ উপাধি ব্যৱহাৰ কৰো, কিন্তু আমি আমাৰ ধৰ্মক 'মানৱতা' বুলিয়ে উল্লেখ কৰো।"
সৃজনী বাস কৰা টলিগুংগেৰ বিধায়ক তথা ৰাজ্যৰ শক্তিমন্ত্ৰী অৰূপ বিশ্বাসে সৃজনীক সম্বৰ্ধনা জনাবলৈ তেওঁলোকৰ ৰাণীকুঠী ঘৰত উপস্থিত হয়। মন্ত্ৰী বিশ্বাসেও আপ্লুত হৈ সৃজনীক উপাধি ত্যাগ কৰাৰ বাবে প্ৰশংসা কৰিছে।
সৃজনীয়ে ভৱিষ্যতে আই আই এছ চি বেংগালুৰুত পদাৰ্থ বিজ্ঞান বা গণিত অধ্যয়ন কৰা আৰু এতিয়াই তেওঁ তাৰ বাবে প্ৰস্তুতি চলাই আছে।