ৰাজীৱ নাৰায়ণ
ডেভিলছ অল্টাৰনেটিভৰ দৰে, হাবছনৰ পছন্দ চাপৰ পৰিস্থিতিৰ পৰা উদ্ভূত হৈছিল। ইয়াৰ আৰম্ভ হৈছিল ১৭ শ শতিকাত। যেতিয়া টমাছ হাবছন নামৰ এজন ব্যক্তিয়ে কেমব্ৰিজত ঘোঁৰা ভাড়াত দিছিল। তেওঁ গ্ৰাহকসকলৰ সন্মুখত কেৱল এটা বিকল্পই ৰাখিছিল যে, ভাড়া ল'লে এটা বিশেষ ঘোঁৰাহে ল'ব পাৰিব, অন্যথা কোনো ঘোঁৰা নাপাব। এতিয়া প্ৰায় ৩০০ বছৰৰ পিছত ভাৰতবৰ্ষই আমেৰিকাত কঠোৰ শুল্ক নীতিৰ সন্মুখীন হয়। তেতিয়া ভাৰতৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উদ্ভৱ হৈছে যে এনেকুৱা এটা খঙাল ঘোঁৰাৰ ওপৰত উঠিব নে একেবাৰে ঘোঁৰাহীন হৈ থাকিব?
এইটো এটা কঠিন সিদ্ধান্ত। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। ইয়াৰ ফলত কেৱল চৰকাৰী ৰাজহ হ্ৰাস হোৱাই নহয়, ভাৰতৰ বহুতো গুৰুত্বপূৰ্ণ উদ্যোগ যেনে বস্ত্ৰ, কৃষি, ৰাসায়নিক, ৰত্ন আৰু গহনা, পাদুকা, অট' যন্ত্ৰাংশ আদিও ক্ষতিগ্ৰস্ত হ'ব। আগন্তুক কেইটামান মাহত যদি এই পৰিস্থিতি অব্যাহত থাকে, সমগ্ৰ ভাৰততে ক্ষুদ্ৰ উদ্যোগসমূহ বন্ধ হৈ পৰিব আৰু প্ৰায় ২০ লাখ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব।
ভাৰতৰ হাতত বিকল্প
ভাৰতৰ বিকল্প কি? ভাৰতে ইউৰোপ আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে বাণিজ্য বৃদ্ধিৰ কথা ভাবিছে। যাতে আমেৰিকাৰ ওপৰত আমাৰ ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব পৰা যায়। বৰ্তমান ভাৰতৰ মুঠ ৰপ্তানিৰ প্ৰায় ২০ শতাংশ আমেৰিকালৈ যায়। আন এটা উপায় হ'ল আমেৰিকাৰ সৈতে আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধান কৰা। আমেৰিকাই ভাৰতক ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা বন্ধ কৰিবলৈ কৈছে। ভাৰতে যদি এই নিয়ম মানি নলয়, তেন্তে আমেৰিকাই শুল্ক ৭০% লৈ বৃদ্ধি কৰিব পাৰে বুলি সকীয়াই দিছে।
ভাৰতৰ বিকল্প কি? ভাৰতে স্বীকাৰ কৰিব নিবিচাৰে যে ট্ৰাম্পে পহলগামৰ ঘটনাৰ পিছত পাকিস্তানৰ সৈতে যুদ্ধ বিৰতিত মধ্যস্থতা কৰিছিল। ইয়াৰ বিপৰীতে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে। ইয়াৰ ফলত আমেৰিকাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধক প্ৰকৃততে "ভাৰতৰ যুদ্ধ" বুলি অভিহিত কৰিছে। প্ৰকৃততে ইউক্ৰেইনক আমেৰিকাই বৃহৎ পৰিমাণৰ সাহায্য প্ৰদান কৰি আহিছে। আমেৰিকান দুগ্ধ আৰু কৃষিজাত সামগ্ৰীৰ প্ৰৱেশতো বাধা আৰোপ কৰিছে ভাৰতে। এই বিষয়বোৰ অতি সূক্ষ্ম কূটনীতিৰ জৰিয়তে সমাধান কৰা উচিত আছিল, কিন্তু ভাৰতে কিছুমান ক্ষেত্ৰত এনে আচৰণ কৰিছে যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক বিৰক্ত কৰিছে। ভাৰতৰ চৰকাৰী ভাষ্যও আৰু অধিক কৌশলী হ'ব পাৰিলেহেঁতেন।
শুল্ক আৰু ইয়াৰ প্ৰভাৱৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। ভাৰতৰ একাংশ মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিছে। তেওঁলোকে 'স্বদেশী কিনক' বুলি পোষ্টাৰ আঁৰি লৰা-ছোৱালীবোৰক লৈ ৰাজপথত ৰেলী কৰিছিল। ইয়াৰ ফলত সাধাৰণ গ্ৰাহকসকলে বিদেশী বিস্কুট, ক'ক বা পেপছি ক্ৰয় কৰিবলৈও শংকাবোধ কৰিছে। দোকানীসকলো আতংকিত হৈ পৰিছে, কাৰণ তেওঁলোকে ভাবিছে যদি কোনোবাই যদি তেওঁলোকৰ দোকান ভাঙি দিয়ে তেতিয়া কি হ'ব। এনে সময় বীৰত্বৰ নহয়, এনে সময়ত ধৈৰ্য আৰু বুদ্ধিৰহে প্ৰয়োজন। ভাৰতে এতিয়া কূটনীতি আৰু সংবেদনশীলতাৰে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব।
জাপান আৰু ব্ৰাজিলৰ দৰে দেশসমূহে কম শুল্কৰ জৰিয়তে আমেৰিকাৰ ক্ৰোধৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হৈছে। উদাহৰণ স্বৰূপে, জাপানে ৰাছিয়াৰ পৰা অপৰিশোধিত তেল ক্ৰয় কৰিছে, তথাপিও তেওঁলোকে আমেৰিকাৰ বিৰক্তিক কূটনীতি আৰু নম্ৰতাৰে সামৰিছে। ইয়াৰ ফলস্বৰূপে তেওঁলোকৰ ওপৰত মাত্ৰ ১০ শতাংশ শুল্ক আৰোপ কৰা হৈছে। আনকি পাকিস্তানেও পৰিস্থিতি ভালদৰে নিয়ন্ত্ৰণ কৰিছে, তেওঁলোকে এখন যুদ্ধৰ অৱসান ঘটাইছে, আই এম এফৰ পৰা ১০,০০০ কোটি টকাৰো অধিক সাহায্য পাইছে (আৰু সহায়ৰ প্ৰতিশ্ৰুতিও পাইছে) আৰু হোৱাইট হাউছত দুবাৰ বিনামূলীয়া মধ্যাহ্ন ভোজনৰ সুবিধা লাভ কৰিছে।
টিট ফৰ টেট নীতি
এতিয়া বিতৰ্কিত প্ৰশ্ন হৈছে, ভাৰতে প্ৰতিশোধ হিচাপে আমেৰিকাক শুল্ক আৰোপ কৰিব পাৰেনে? প্ৰকৃততে, আমেৰিকাৰ শীৰ্ষ কোম্পানীবোৰৰ প্ৰায় দুই-তৃতীয়াংশ (যেনে- টেকন'ল'জি কোম্পানী, বিত্তীয় প্ৰতিষ্ঠান, কৃষি-ব্যৱসায়, ঔষধ কোম্পানী) ৰ ভাৰতত বৃহৎ ব্যৱসায় আছে। যদি নতুন দিল্লীয়ে 'টিট ফৰ টেট' কৰ আৰোপ কৰে, ইয়াৰ প্ৰভাৱ অতি গুৰুতৰ হ'ব। কাৰণ ভাৰতীয় নিষেধাজ্ঞাই ৱাল ষ্ট্ৰীটকো কঁপাই পেলাব, য'ত ভাৰতৰ বজাৰ আমেৰিকাৰ কৰ্পৰেটৰ সৈতে গভীৰভাৱে জড়িত।
কিন্তু প্ৰতিশোধৰ সৈতে বিপদো আহে। আমেৰিকাৰ অৰ্থনীতি অতি বৃহৎ আৰু ব্যয়বহুল, সেয়েহে ই বৃহৎ বিপদৰ সৃষ্টি কৰিব পাৰে। কিন্তু ভাৰতৰ বিকাশ এতিয়াও ৰপ্তানিৰ ওপৰত নিৰ্ভৰশীল। যদি এই যুদ্ধ দীৰ্ঘদিনলৈ অব্যাহত থাকে, তেন্তে নিয়োগ হ্ৰাস হ'ব পাৰে, বিনিয়োগ হ্ৰাস হ'ব পাৰে আৰু বিদেশী পুঁজি অন্য দেশলৈ যাব পাৰে। বুৰঞ্জীয়ে আমাক স্পষ্টকৈ শিকাইছে যে ১৯৩০ৰ দশকৰ স্মুট-হাউলি শুল্ক আইন বা শেহতীয়া আমেৰিকা-চীনৰ বাণিজ্যিক উত্তেজনা-অৱস্থা কাৰো উপকাৰত নাহে। প্ৰতিশোধ ল'লে দীৰ্ঘম্যাদী সুফল পোৱা নাযায়, কেৱল সাময়িক মানসিক সন্তুষ্টিহে পোৱা যায়।
কূটনীতি হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ
কূটনীতি হৈছে শান্ত, সুক্ষ্ম আৰু কৌশলগতভাৱে আগবাঢ়ি যোৱা। ভাৰতে বিশ্ব বাণিজ্য সংস্থাৰ দৰে বহুপাক্ষিক মঞ্চৰ জৰিয়তে আমেৰিকাৰ একপক্ষীয় শুল্ক নীতিৰ বিৰুদ্ধে যুঁজ দিব লাগে। ইয়াৰ সমান্তৰালভাৱে, বাণিজ্যৰ পাৰস্পৰিক লাভালাভৰ দিশত ৱাশ্বিংটনৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ আৱশ্যক। কাৰণ, ভাৰতে যিমান ডলাৰৰ সামগ্ৰী আমেৰিকালৈ ৰপ্তানি কৰে, আমেৰিকান কোম্পানীসমূহেও প্ৰায় একে পৰিমাণৰ সামগ্ৰী, সেৱা আৰু নিৰ্মাণ সামগ্ৰী ভাৰতলৈ ৰপ্তানি কৰে। সেয়েহে দুয়োখন দেশৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা অনস্বীকাৰ্য আৰু এই বিষয়টো আলোচনাৰ মূল বিষয় হোৱা উচিত।
ভাৰতে যদি ইচ্ছা কৰে, তেনেহ'লে আমেৰিকান কোম্পানীসমূহৰ বাবে কিছুমান সংবেদনশীল নোহোৱা ক্ষেত্ৰত নিয়ম-নীতি সহজ কৰি দিব পাৰে। ইয়াৰোপৰি, নৱীকৰণযোগ্য শক্তি আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰতো যুটীয়া প্ৰচেষ্টা গ্ৰহণ কৰা হ'ব আৰু ইন্ধনৰ উৎসৰ বৈচিত্ৰতাৰ অৰ্থে এক পৰ্যায়ক্ৰমে ৰূপৰেখা প্ৰস্তুত কৰা হ'ব। এনে বুজাবুজিৰ ফলত দুয়োখন দেশেই এনে এক স্থিতিত উপনীত হ'ব, য'ত কোনেও আত্মসমৰ্পণ নকৰে। কিন্তু দুয়োপক্ষই নিজৰ সফলতা দাবী কৰিব পাৰিব। নিৰ্বাচনমুখী ৰাজনৈতিক পৰিৱেশত ই বিশেষভাৱে প্ৰাসংগিক, কিয়নো ইয়াত কেৱল কাৰ্যকৰী পদক্ষেপেই নহয়, ইয়াৰ প্ৰতীকী দিশ (অপ্টিক্স) বা প্ৰতিনিধিত্বও সমানে গুৰুত্বপূৰ্ণ।
ভাৰতৰ স্থিতিৰ বাবে অন্য শক্তিৰ সৈতে সাৱধানে মিল ৰখাৰ প্ৰয়োজন। ইউৰোপীয় সংঘই ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি কৰিবলৈ আগ্ৰহী, যাৰ ফলত আমেৰিকাৰ বজাৰৰ ওপৰত আমাৰ অতিমাত্ৰা নিৰ্ভৰশীলতা হ্ৰাস পাব। তদুপৰি দক্ষিণ-পূব এছিয়া কেৱল বাণিজ্যৰ ক্ষেত্ৰতে নহয়, কৌশলগত ভাৰসাম্যৰ ক্ষেত্ৰতো বৈচিত্ৰ্যৰ বাবে এক স্বাভাৱিক পছন্দ হৈয়েই আছে। সম্পৰ্ক সম্প্ৰসাৰণ কৰি ভাৰতে আমেৰিকাক দেখুৱাব পাৰে যে ইয়াৰ বজাৰত প্ৰৱেশ একচেটিয়া নহয় আৰু বিচ্ছিন্নতাই প্ৰতিফলন ঘটাব পাৰে। প্ৰতিৰক্ষা সহযোগিতা, ডিজিটেল প্ৰযুক্তি আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত দুয়োখন দেশৰ সহযোগিতা বজাই ৰাখিছে। বাণিজ্যৰ ক্ষেত্ৰত বিভিন্ন স্বাৰ্থৰ আলোচনাৰ সমান্তৰালকৈ এই সহযোগিতাসমূহ সংৰক্ষণ কৰাটোৱেই প্ৰত্যাহ্বান। সাৰ্বভৌমত্ব দৃঢ় কৰা আৰু অংশীদাৰিত্ব ৰক্ষাৰ মাজত এক সুক্ষ্ম ভাৰসাম্য ৰক্ষা কৰিব লাগিব।
ভাৰতৰ পছন্দ
হাবছনৰ পছন্দ বুলিলে সেই পৰিস্থিতিৰ কথাকে বুজায় য'ত কোনো বিকল্প নাই, তথাপিও ইয়াক পছন্দ বুলি কোৱা হয়। আজি ভাৰতেও এক প্ৰকাৰৰ বাধ্যবাধকতাৰ সন্মুখীন হৈছে- হয় আমেৰিকাৰ দণ্ডনীয় শুল্ক মানি ল'ব লাগিব, নতুবা শীঘ্ৰে প্ৰতিশোধ ল'ব লাগিব, বা মাজৰ কোনো এটা সমাধান বিচাৰি উলিয়াব লাগিব। প্ৰতিশোধ ল'বলৈ আৰম্ভণিতে ভাল লাগে, কিন্তু তাৰ বিনিময়ত সাময়িক তৃপ্তি নাপায়। আনফালে, ভাৰতৰ সাৰ্বভৌমত্ব আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব পাৰে।
বুদ্ধিমত্তাৰ পথ হ'ল সংযত কূটনীতি, য'ত যুক্তি, আলোচনা আৰু বৈচিত্ৰ্য একেলগে কাম কৰে। ভাৰতে দেখুৱাব লাগিব যে তেওঁ নিষ্ক্ৰিয় ভুক্তভোগী নহয়, আৱেগিক আক্রমণকাৰীও নহয়, বৰঞ্চ ধৈর্য আৰু বাস্তৱবাদৰ জৰিয়তে নিজৰ স্বার্থ ৰক্ষাৰ বাবে সক্ষম এক পৰিপক্ক শক্তি। সপ্তদশ শতিকাত হাবছনৰ পছন্দই গ্ৰাহকসকলক দুৱাৰৰ নিকটতম ঘোঁৰাক বাছনি কৰিবলৈ বাধ্য কৰিছিল। কিন্তু একবিংশ শতিকাৰ ভাৰতৰ প্ৰত্যাহ্বান হ'ল যে ভাৰতে কেৱল ক্ৰোধী ঘোঁৰাক দমন কৰিব নোৱাৰে, বৰঞ্চ দক্ষতাৰে চলাব পাৰে আৰু এনে এক ভৱিষ্যতৰ দিশে অগ্ৰসৰ হ'ব পাৰে য'ত অৰ্থনৈতিক স্থিৰতা আৰু কূটনৈতিক দক্ষতাই ইয়াৰ ভাগ্য নিৰ্ধাৰণ কৰিব। আৰু এনে এক ভৱিষ্যতে ভাৰতৰ বাবে সাময়িক প্ৰতিশোধৰ মানসিক তৃপ্তিৰ পৰিৱৰ্তে বৃহৎ সফলতা কঢ়িয়াই আনিব।
(লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু যোগাযোগ বিশেষজ্ঞ)