যন্ত্ৰণাৰ যাত্ৰা থমকি নৰয়

Story by  atv | Posted by  Munni Begum • 6 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ড০ শৰৎ বৰকটকী
 
মুম্বাই চহৰৰ বান পৰিস্থিতিৰ বিষয়ে বৰ্ণনা কৰিবলৈ এগৰাকী সাংবাদিকে ৰাজপথৰ ওপৰত চিটিবাছবোৰ আধা ডুবি থকা ফটো প্ৰকাশ কৰি স্বপ্নময় মহানগৰখনৰ মাজত যন্ত্ৰণাৰ যাত্ৰা বুলি দেখুৱাইছিল। যোৱা ৫ আগষ্ট তাৰিখে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ধাৰালিত ডাৱৰ বিস্ফোৰণ ঘটাৰ ফলত তীব্ৰ গতিৰ পানীৰ ঢলত ঘৰ, পথ, গাড়ী-মটৰ আৰু মানুহ উটি গ'ল। চাৰিওফালে আতংকই বেৰি ধৰে। বান আৰু ভূমিস্খলনৰ প্ৰলয়  আৰু বোকাৰ মাজত পোত খোৱা মানুহৰ আৰ্তনাদ শুনি সকলো স্তম্ভিত হৈছিল। 
 
ধাৰালিলৈ যোৱা পৰ্যটকৰ এই যাত্ৰা কিমান যন্ত্ৰণাদায়ক আছিল সেইয়া শব্দৰে বুজাব নোৱাৰি। ধাৰালি এখন ব্যস্ত পৰ্যটন গাঁও আছিল; আজি ই ধ্বংসস্তূপত পৰিণত হ'ল। সকলো বোকা মাটিৰ তলত। ধাৰালিৰ আকস্মিক বিপর্যয় সামাজিক, পৰিবেশগত আৰু  ভৌগলিক দৃষ্টিকোণৰ সম্ভাৱ্য বিপদৰ এক গভীৰ পাঠ। ধাৰালিলৈ যিসকল পৰ্যটক গৈ দুৰ্যোগৰ সন্মুখীন হ'ল তেওঁলোকৰ যন্ত্ৰণাৰ ভাগ আনে ল'ব নোৱাৰে।
 
মুম্বাই চহৰৰ বান পৰিস্থিতি
 
যন্ত্ৰণা,বিষাদ যাত্ৰাক কাব্যিক ৰূপত প্ৰকাশ কৰাৰ চিন্তাধাৰা উপনিষদতো পোৱা যায়। কঠোপনিষদত নচিকেতাৰ মৃত্যু আৰু আত্মজ্ঞানৰ সন্ধানৰ যাত্ৰাই এক দীৰ্ঘ বিষাদৰ দিশ উন্মোচন কৰে। দৰ্শনৰ দৃষ্টিৰে চালে কব পাৰি যে, যন্ত্ৰণাৰ, বিষাদৰ যাত্ৰা মাতৃ গৰ্ভৰ পৰা ভূমিষ্ঠ হওঁতেই আৰম্ভ হয়। তাৰ পাছত কাৰ ভাগ্যত যন্ত্ৰণাৰ যাত্ৰা কেনেকৈ আৰম্ভ হয় লিখিবলৈ গ'লে দীঘলীয়া হব। কাৰণ যাত্ৰাৰ অৰ্থ বহুমুখী। শাৰীৰিক যাত্ৰা হৈছে সৰ্বাধিক প্ৰচলিত অৰ্থ। 
 
গাঁও-চহৰ,ৰাজ্য বা দেশৰ সীমা অতিক্ৰম কৰি মানুহে  শিক্ষা, ব্যৱসায়, ভ্ৰমণ বা উন্নত জীৱন বিচাৰি যাত্ৰা কৰে। উদাহৰণস্বৰূপে, ৰেলযাত্ৰা, বিমানযাত্ৰা বা নদী, সাগৰযাত্ৰা হৈছে মানুহৰ যাত্ৰাৰ অংশ। এই যাত্ৰাই মানুহক নতুন অভিজ্ঞতা, জ্ঞান আৰু সংস্কৃতিৰ স্পৰ্শ দিয়ে। প্ৰকৃততে যাত্ৰা বুলি কলে শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু দাৰ্শনিক সকলো অনুভৱৰ মিলিত ৰূপ। যাত্ৰাই মানুহক শিকায় ধৈৰ্য্য, সংগ্রাম আৰু অভিজ্ঞতাৰ গুৰুত্ব। সেয়েহে, যাত্ৰা কেৱল গন্তব্যত উপস্থিত হোৱা নহয়; ই হৈছে নিজক চিনি পোৱা আৰু জীৱনক উপলব্ধি কৰাৰ এক অন্তহীন পথ। দাৰ্শনিক সকলে কৈছে— “যাত্ৰাই জীৱন, গন্তব্য নহয়।” এই চিন্তাই মানুহক যুগে  যুগে যাত্ৰা কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে। যাত্ৰাৰ প্ৰতিটো অভিজ্ঞতাই নতুন পথৰ দ্বাৰ উন্মুক্ত কৰে।
 
চাণক্য, যিজনক বিষ্ণুগুপ্ত নামে জনা যায়, তেওঁ ভাৰতীয় ইতিহাসৰ অন্যতম প্ৰখৰ বুদ্ধিমান, দাৰ্শনিক, ৰাজনীতিজ্ঞ। তেওঁৰ জীৱন আছিল এটা কষ্টকৰ যাত্ৰা। দুঃখ, প্ৰতিহিংসা আৰু কঠোৰ পৰিস্থিতিৰ মাজেৰে এক ঐতিহাসিক চিন্তাধাৰাৰ সৃষ্টিকৰ্তা বুলি ইতিহাসত নাম লিখি থৈ গ'ল। স্কুলত দ্ৰুত পাঠ হিচাপে আমি ডেনিয়েল ডিফোৰ ৰবিনচন ক্রুছোৰ চাঞ্চল্যকৰ অভিযানৰ ভয়ংকৰ অভিজ্ঞতা, নিঃসঙ্গ যাত্ৰা আৰু জীৱনৰ সৈতে সংঘৰ্ষৰ মনোৰম কাহিনী পঢ়িব লগা হৈছিল। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
ৰবিনচন ক্রুছো এজন ইংলেণ্ডৰ যুৱক আছিল। তেঁওৰ দেহ-মন সমুদ্র-যাত্ৰাৰ প্ৰতি তীব্ৰ হেঁপাহ পুহি ৰাখিছিল। এদিন পৰিয়ালৰ বাধা উপেক্ষা কৰি তেওঁ জাহাজত উঠি  যাত্ৰা আৰম্ভ কৰে। কিন্তু ভাগ্যই তেঁওৰ লগ এৰে। এদিন তেওঁ যোৱা জাহাজখন ধুমুহাত ডুবি যায় আৰু ৰবিনচন এক নিৰ্জন দ্বীপৰ মাজত সোমাই পৰে। তাৰ লগে, লগে তেঁওৰ যন্ত্ৰণাৰ যাত্ৰা আৰম্ভ হয়। সেই দ্বীপটোত কোনো মানুহ নাছিল।
 
এই বিশ্ববিখ্যাত উপন্যাসখনত ৰবিনচন ক্রুছোৰ যন্ত্ৰণাৰ যাত্ৰাৰ কাহিনীৰ মাজেৰে ৰবিনচনে কেনেকৈ ভয় আৰু হতাশাত ভুগিছিল, পিছত সাহসক সাৰথি কৰি জীয়াই থাকিবলৈ সংগ্রাম আৰম্ভ কৰিছিল। ৰবিনচনে বহু বছৰ ধৰি দ্বীপটোত নিঃসঙ্গ জীৱন কেনেকৈ কটাবলগীয়া হৈছিল সেই কথা ডেনিয়েল ডিফোৱে অসাধাৰণভাৱে বৰ্ণনা কৰিছিল। এই দুৰ্বিসহ জীৱন সংগ্ৰাম, নিঃসঙ্গতা আৰু একাকীত্বৰ মাজতে ৰবিনচন ক্রুছোৱে বিশ্বাস, অধ্যৱসায় আৰু আত্ম-সংগ্ৰামৰদ্বাৰা আত্মাৰ দৃঢ়তা প্ৰকাশ কৰিছিল।
 
এদিন ৰবিনচনে দ্বীপত বন্দীত্বৰ শিকলি পিন্ধা এজন লোকক উদ্ধাৰ কৰে। বন্দীজনক তেওঁ “ফ্ৰাইডে” বুলি নাম এটা দিয়ে। তেওঁলোকৰ মাজত বন্ধুত গঢ়ি উঠে আৰু দুয়ো একেলগে দ্বীপত নতুনকৈ জীৱন আৰম্ভ কৰে। ফ্ৰাইডেৰ উপস্থিতিয়ে ৰবিনচনৰ একাকীত্ব নাইকীয়া হয় আৰু নতুন আশাৰ পথৰ সন্ধান কৰে। অৱশেষত, বহু বছৰৰ পিছত এখন জাহাজ দ্বীপটোলৈ আহে আৰু ৰবিনচন নিজৰ দেশলৈ উভতি যাবলৈ সক্ষম হয়। নিঃসঙ্গতা, সংগ্রাম, আশা, ধৈৰ্য্য আৰু মানৱীয় শক্তিৰ বৰ্ণনাই স্কুলীয়া ছাত্ৰ হিছাপে আমাক গভীৰভাৱে স্পৰ্শ কৰিছিল।
 
আজিকালি বিশ্বজুৰি গাধৰ পথ  বা "ডাংকি পথ" বা "ডাংকি উৰণ" শব্দটো  বেছিকৈ উচ্চাৰিত হৈছে। গাধৰ পথ এটা পথ নহয় বৰঞ্চ পথৰ এটা নেটৱৰ্ক, য'ত একাধিক সীমান্ত পাৰ হোৱা, বিপজ্জনক পৰিবহণ পদ্ধতি আৰু অপৰাধীৰ জালৰ সৈতে মুখামুখি হোৱাটো বুজায়। "ডাংকি পথ" শব্দটো পাঞ্জাৱী ভাষাৰ এক প্ৰবচনৰ পৰা আহিছে। অৰ্থাৎ গাধৰ সৈতে জপিয়াই যোৱা। 
 
ডেনিয়েল ডিফোৰ 'ৰবিনচন ক্রুছো' নামৰ বিশ্ববিখ্যাত উপন্যাসখনৰ বেটুপাত
 
ডাংকি পথৰ অৰ্থ এনেকৈ কব পাৰি- অবৈধভাৱে, গুপ্তপথেৰে, মানুহৰ সুৰক্ষাৰ কথা নভবাকৈ কোনো এখন দেশত প্ৰৱেশৰ চেষ্টা কৰা। এই শব্দটো সমাজত এক গভীৰ বিষাদ, যন্ত্ৰণাৰ কাহিনী বহন কৰিছে। বিশেষকৈ দক্ষিণ এছিয়াৰ পৰা ইংলেণ্ড, আমেৰিকা আদি দেশলৈ অবৈধভাৱে যাব বিচৰা যুৱক-যুৱতীৰ বেদনাদায়ক অধ্যায়ৰূপে প্ৰকাশ পাইছে। (The "donkey route" or "dunki" refers to illegal and dangerous migration routes often used by individuals seeking to reach foreign countries, primarily in Europe or North America, without proper documentation. These routes are frequently exploited by human traffickers, who charge exorbitant fees for transportation and promises of visas, often leaving migrants stranded or in dangerous situations according to Wikipedia. The term originates from a Punjabi idiom meaning "to hop from place to place".)
 
বেছিভাগ ক্ষেত্ৰত, আৰ্থিক অনাটন, বেকাৰত্ব, উন্নত জীৱনৰ আশা, পৰিয়ালক সহায় কৰিব বিচৰা মনোবৃত্তি ইত্যাদি হৈছে ডাংকি পথৰ যাত্ৰাৰ বাবে উদ্বাৱল হোৱাৰ প্ৰধান কাৰণ। ভাৰত, পাকিস্তান, বাংলাদেশ আদি দেশৰ বহু যুৱক-যুৱতীয়ে জীৱন পৰিবৰ্তন কৰাৰ আশাত এই পথ বাছি লয়। ডাংকি যাত্ৰা এক দুঃস্বপ্নৰ দৰে। ভিচা, পাছপৰ্ট বা আইনসন্মত নথিপত্ৰ নথকাৰ ফলত তেওঁলোকে চোৰাং পথ, ৰাতি-দিনৰ অন্ধকাৰ, হাবি-জংঘল, পৰ্বত আৰু নদ, সাগৰ পাৰ হ’বলগীয়া হয়। 
 
কিছুমানে মেক্সিকো-আমেৰিকা সীমান্তত উষ্ণ প্ৰান্তৰ মৰুভূমি পাৰ হ’বলগীয়া হয়। ইংলেণ্ডলৈ যাবলৈ ইউৰোপীয় দেশসমূহৰ জটিল পথ, ট্ৰাক আৰু সৰু নাও আদিৰে বিপদৰ ভৰা যাত্ৰা আৰম্ভ কৰে। বহু সময়ত চোৰাং মানুহ-চলানকাৰীয়ে তেওঁলোকক নিষ্ঠুৰ ব্যৱহাৰ কৰে, খাদ্য-পানীৰ অভাৱত অনেকে মৃত্যুমুখত পৰে। যিসকল কোনো মতে বাচি থাকে তেওঁলোক বিদেশত ভৰি দিয়ে, যদিও বাস্তৱত তেওঁলোকে সদায় আইন-ভঙ্গকাৰী হিচাপে গণ্য হয়। 
 
নথিপত্ৰ নথকাৰ বাবে তেওঁলোকে অতি কম মজুৰিৰ কাম কৰিবলৈ বাধ্য হয়। সদায় ভয়ৰ মাজত জীৱন কটায়। কেতিয়াবা ধৰা পৰিলে কাৰাগাৰত নিক্ষেপ কৰা হয়। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত ধৰা পৰা ভাৰতীয়ক হাতত, ভৰিত শিকলি লগাই পুনৰ ভাৰতত থৈ গৈছে। ডাংকি যাত্ৰা বিষয়বস্তুক লৈ উপন্যাস আৰু চলচ্চিত্ৰ নিৰ্মাণ হৈছে, য'ত মানুহৰ অস্থিৰতা, আশা আৰু অশেষ দুঃখৰ চিত্ৰ অঙ্কিত কৰে। এই যাত্ৰা আৰম্ভ হয় এক “আশাৰ পথ” হিচাপে, কিন্তু সেই পথটো শেষ হয় অশ্ৰু, ক্লান্তি আৰু আতংকৰ মাজেৰে। ডাংকি পথৰ যাত্ৰা হৈছে এক সমাজিক ৰোগ। প্ৰশাসন আৰু সমাজে মিলি যদি যুৱ সমাজক নিজৰ দেশতে সন্মানজনক জীৱনৰ পথ প্ৰদান কৰিব পাৰে, তেতিয়াহে এই বেদনাদায়ক যাত্ৰাৰ প্ৰৱণতা হ্ৰাস পাব।
 
মেক্সিকো-আমেৰিকা সীমান্ত
 
ডাংকি পথ শব্দটো ভাৰতীয় যদিও এই শব্দ ওলোৱাৰ আগতেই ১৯৩৯ চনত জন ষ্টেইনবেকৰ The Grapes of Wrath বিখ্যাত উপন্যাস প্ৰকাশ হৈছিল। আমেৰিকাত উদ্ভৱ হোৱা সামাজিক-অৰ্থনৈতিক সংকট আৰু কৃষকৰ দুঃখ-কষ্টৰ বাস্তৱ ছবি এই উপন্যাসত অঙ্কিত হৈছে। এই উপন্যাসৰ কেন্দ্ৰ হৈছে জ’য়াড পৰিয়াল। ডাষ্ট বাউল নামৰ ভয়ংকৰ প্ৰাকৃতিক বিপৰ্যয় আৰু অৰ্থনৈতিকভাৱে জুৰুলা হৈ তেওঁলোকক গৃহহীন কৰি তোলে। 
 
মাটি, ঘৰ হেৰুৱাই পৰিয়ালটোৱে কেলিফ’ৰ্ণিয়ালৈ যাত্ৰা আৰম্ভ কৰে। বুকুত এটাই সপোন আছিল যে, উন্নত জীৱন যাপনৰ সুবিধা পাব। কিন্তু যাত্ৰা সুখৰ নহ'ল। কষ্ট, ক্ষুধা, দুখ, অসহায়তা আৰু শ্ৰমিক হিচাপে শোষণৰ মাজেৰে তেওঁলোকৰ জীৱন যাত্ৰা এক ভয়ংকৰ অভিজ্ঞতাত পৰিণত হয়। উপন্যাসখনত আমেৰিকাৰ শ্ৰমিক সমাজৰ বেদনাদায়ক ছবি স্পষ্টকৈ উদঙাই দিয়ে। এই যাত্ৰা যন্ত্ৰণাৰ যাত্ৰা আছিল। জন ষ্টেইনবেকৰ উপন্যাসখনৰ ভাষা সহজ, স্পষ্ট আৰু  অতি হৃদয়স্পৰ্শী। 
 
কাহিনীৰ সংলাপত গাঁৱলীয়া সোৱাদ আছে আৰু সেই সময়ৰ আমেৰিকাৰ সমাজ আৰু সংস্কৃতিৰ প্ৰকৃত ছবি প্ৰতিফলন  হৈছিল। The Grapes of Wrath কেৱল এখন উপন্যাস নহয়; ই হৈছে এক যুগৰ দলিল য'ত মানুহৰ সংগ্রাম, বেদনাৰ মাজতো আশা আৰু সপোন, নিঃস্ব শ্ৰমিকৰ বেদনাময়, যন্ত্ৰণাৰ যাত্ৰাৰ কাহিনী আছে।
 
খুছৱন্ত সিঙৰ "Train to Pakistan" উপন্যাস খনতো দেশ বিভাজনৰ সময়ত ভাৰত-পাকিস্তানৰ সীমান্ত পাৰ হোৱাৰ ভয়ংকৰ যাত্ৰা, শৰণাৰ্থীসকলৰ বেদনাময় জীৱন প্ৰতিফলিত হৈছে। Train to Pakistanত যাত্ৰা কেৱল স্থানান্তৰ নহয়, ই হৈছে জীৱনৰ পৰা মৃত্যুলৈ, আশাৰ পৰা হতাশালৈ, ঘৃণাৰ পৰা প্রেম আৰু ত্যাগলৈ এক গভীৰ মানৱীয় যাত্ৰা। ৰেলগাড়ীখন দেশ বিভাজনৰ আগতে আশা, মিলন, দৈনন্দিন জীৱনৰ অংশ আছিল। বিভাজনৰ পাছত ৰেলগাড়ীখন মৃতদেহ ভৰি থকা ডবা, আতংক আৰু মৃত্যুৰ প্ৰতীক হৈ পৰিল। উপন্যাসখনত সমাজৰ পৰিবর্তন আৰু বিভাজনৰ বিভীষিকা প্ৰতিফলিত হৈছে।
 
ইউৰোপীয় দেশসমূহৰ জটিল বিপদৰ ভৰা পথ যাত্ৰাৰ এক দৃশ্য
 
যন্ত্ৰণাৰ যাত্ৰাৰ কথা অসমীয়া প্ৰখ্যাত সাহিত্যিক হোমেন বৰগোহাঞি, মহিম বৰাকে ধৰি কেইবাগৰাকী লেখকৰ লেখনিত বেলেগ ধৰণে প্ৰকাশ পাইছে। ক'বলৈ গ'লে মানুহৰ জীৱন নিজেই এটা সময়ৰ যাত্ৰা। জন্মৰ পৰা মৃত্যুপৰ্যন্ত মানৱ জীৱন এক নিৰন্তৰ গতিশীল প্ৰক্ৰিয়া। গৌতম বুদ্ধৰ নিৰ্বাণৰ অন্বেষণ, শংকৰদেৱৰ আধ্যাত্মিক যাত্ৰা বা কবিৰ কবিতাৰ শাৰীত অন্তৰ্যাত্ৰা দেখা যায়। ইয়াত গন্তব্য ঠাই নহয়; গন্তব্য হৈছে আত্মচেতনা। ব্ৰজমোহনৰ পৰা পুৰীলৈকে শংকৰদেৱৰ দীৰ্ঘ তীৰ্থযাত্ৰাই যেন এক আধ্যাত্মিক অনুসন্ধানৰ সেঁতু সৃষ্টি কৰিছিল।
 
"যাত্ৰা" শব্দটো এক অভিজ্ঞতা, প্ৰক্ৰিয়া আৰু আত্ম-অন্বেষণৰ পথ। ইতিহাস, সভ্যতা আৰু বিজ্ঞানো সময়ৰ যাত্ৰাৰ প্ৰমাণ। যাত্ৰাৰ অন্তত মাত্ৰ নীৰৱতা নামি আহে। দূৰন্ত সপোনবোৰ বাটৰ ধূলিত সৰি পৰে, আকুলতা শুকায়, অশ্ৰুৰ ছাঁত বয়সে গৰকা নদীখন আকৌ সমুদ্ৰলৈ নামি যায়। বিষাদত বৈ  থাকে। যাত্ৰাৰ পথত বতাহ, হাতৰ মুঠিৰ সঁপোনবোৰে মনে মনে কৈ যায় "প্ৰতিটো অন্তই নতুন আৰম্ভণিৰ ৰঙত ৰঙীণ।" যাত্ৰাৰ অন্তত  নায়ক হোৱা নাই কোনো, কেৱল পদক্ষেপৰ ছাঁ, অচিন বাটত এৰি যোৱা চিনবোৰে উপলব্ধিৰ গীত গায়, এক অনন্ত অন্তৰ্যাত্ৰাৰ। দুখ, ভাগৰ, বিষাদ, যন্ত্ৰণা থাকিলেও যাত্ৰা থমকি নৰয়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল: "যত দূৰ পথ তত বেদনাৰ শিখৰ উচু হয়"। বিষাদ যাত্ৰাই মানুহৰ মন দৃঢ় কৰে আৰু সাহিত্যত যুগে যুগে সৃষ্টিৰ প্ৰেৰণা দিয়ে। 
 
(লেখক নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ)