আৱাজ দ্য ভইচ / আলিগড়
আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰতিভাৱান ছাত্ৰী আফ্ৰিন জাবিৰে ইতিহাস ৰচনা কৰিছে। ইংলিছ চেনেল পাৰ হৈ অসাধাৰণ কৃতিত্ব প্ৰদৰ্শন কৰা তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী ছাত্ৰী হিচাপে পৰিগণিত হৈছে। লণ্ডনৰ পৰা বিজয়ী হৈ ঘূৰি অহাৰ পাছত তেওঁ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নাইমা খাতুনক সাক্ষাৎ কৰে, যিয়ে আফ্ৰিন জাবিৰৰ সাহস, দৃঢ় সংকল্প আৰু প্ৰতিভাক প্ৰশংসা কৰি তেওঁক বিশ্ববিদ্যালয়খনৰ আইকন আখ্যা দিয়ে।
অধ্যাপক নাইমা খাতুনে আফ্ৰিনক অভিনন্দন জনাই কয়, "আফ্ৰিনে কেৱল এ এম ইউলৈ নহয়, সমগ্ৰ দেশলৈ সন্মান কঢ়িয়াই আনিছে। কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু আবেগেৰে যিকোনো লক্ষ্যক সম্ভৱ কৰিব পাৰি বুলি তেওঁ প্ৰমাণ কৰিছে। আমি নিশ্চিত যে আগন্তুক বছৰবোৰতো তেওঁ বিশ্ববিদ্যালয় আৰু ভাৰতৰ বাবে বৃহৎ সফলতা অৰ্জন কৰি যাব।”
২০২৫ চনৰ ২৯ জুলাইত আফ্ৰিনে ব্ৰিটেইনৰ ড’ভাৰৰ পৰা ফ্ৰান্সৰ কেপ গ্ৰীছ-নেজলৈ ৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইংলিছ চেনেলৰ বিপদজনক আৰু ঠাণ্ডা পানীৰ ঢৌ ১৩ ঘণ্টা ১৩ মিনিটত সফলতাৰে সাঁতুৰি পাৰ হয়। এই যাত্ৰা কেৱল শাৰীৰিক সহনশীলতাৰ পৰীক্ষাই নহয়, মানসিক শক্তিৰ পৰীক্ষাও আছিল। ইংলিছ চেনেল বিশ্বৰ আটাইতকৈ কঠিন জলপথৰ ভিতৰত গণ্য কৰা হয়, য’ত প্ৰবল সোঁত, ঠাণ্ডা পানী, অনিশ্চিত বতৰ আৰু সাগৰীয় জীৱই সাঁতোৰবিদসকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰে।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আফ্ৰিন (সোঁফালৰ পৰা দ্বিতীয়গৰাকী)
সম্বৰ্ধনা অনুষ্ঠানত আফ্ৰিনে তেওঁৰ পিতৃ-মাতৃ, আলিগড় মুছলিম বিশ্ববিদ্যালয় আৰু দেশবাসীক ধন্যবাদ জ্ঞাপন কৰি কয়, "এই সফলতা কেৱল মোৰ নহয়, মোক বিশ্বাস কৰা আৰু প্ৰতিটো খোজতে মোক সমৰ্থন কৰা সকলোৰে। মোৰ পিতৃ-মাতৃয়ে মোক সদায় উৎসাহিত কৰিছিল, এ এম ইউয়ে প্ৰশিক্ষণ আৰু সা-সুবিধাৰ ব্যৱস্থা কৰিছিল, আৰু দেশবাসীয়ে মোক তেওঁলোকৰ প্ৰাৰ্থনা আৰু শুভেচ্ছাৰে শক্তি প্ৰদান কৰিছিল।”
ভৱিষ্যতৰ সপোনৰ বিষয়ে অৱগত কৰি আফ্ৰিনে কয় যে তেওঁ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব বিচাৰে, বিশেষকৈ মুকলি পানীৰ মাৰাথন সাঁতোৰ শাখাত। "ইংলিছ চেনেল পাৰ হোৱাটো মোৰ বাবে এটা আৰম্ভণি মাথোঁ, এতিয়া মোৰ লক্ষ্য হৈছে বিশ্বৰ মঞ্চত ভাৰতৰ পতাকা ওখকৈ উত্তোলন কৰা। ইয়াৰ বাবে অনাগত মাহত আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি কঠোৰ প্ৰশিক্ষণ ল’ম।”-আফ্ৰিনে কয়।
এই অনুষ্ঠানত উপস্থিত আছিল আফ্ৰিনৰ জ্যেষ্ঠ ভাতৃ তথা এ এম ইউৰ ৰসায়ন বিজ্ঞান বিভাগৰ গৱেষক পণ্ডিত আদিল মহম্মদ। ভগ্নীৰ সফলতাক তেওঁ সমগ্ৰ পৰিয়ালটোৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে। অনুষ্ঠানত পৰীক্ষা নিয়ন্ত্ৰক ড° মুজীব উল্লাহ জুবাইৰ, জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত সদস্য অধ্যাপক বিভা শৰ্মা আৰু জনসংযোগ বিষয়া উমৰ পীৰজাদাও উপস্থিত থাকে। সকলোৱে সৰ্বসন্মতিক্ৰমে আফ্ৰিনক তেওঁৰ ভৱিষ্যতৰ বাবে শুভকামনা জনায় আৰু তেওঁৰ সংকল্পক প্ৰেৰণাদায়ক বুলি অভিহিত কৰে।
আফ্ৰিনৰ এই কৃতিত্ব আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ক্ৰীড়া ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। কাৰণ এয়া কেৱল ব্যক্তিগত জয় নহয়, বৰঞ্চ বিদ্যালয়খনৰ ক্ৰীড়াবিদ্যা আৰু উৎকৃষ্টতাৰ প্ৰতি প্ৰচেষ্টাৰ এয়া এক জলন্ত উদাহৰণ। ইংলিছ চেনেলৰ কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰা এই যুৱ সাঁতোৰবিদগৰাকী এতিয়া হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰেৰণা হিচাপে পৰিগণিত হৈছে।
আফ্ৰিনৰ এই দুঃসাহসিক যাত্ৰাই অনাগত সময়ত তেওঁৰ অলিম্পিকৰ সপোনক ডেউকা প্ৰদান কৰাই নহয়, ভাৰতৰ নতুন প্ৰজন্মক শিকাব যে সীমা কেৱল মনতহে থাকে, হাৰ নামানিবলৈ দৃঢ় প্ৰতিজ্ঞসকলৰ সন্মুখত সাগৰেও প্ৰণাম কৰে।