অনিকা মহেশ্বৰী / নতুন দিল্লী
ওড়িশাৰ যমজ ভাতৃ মাহৰুফ আহমেদ খান আৰু মাছৰুৰ আহমেদ খানে যুটীয়া প্ৰৱেশ পৰীক্ষা (JEE) মেইনত সফলতা অৰ্জন কৰিছে। তেওঁলোকে ভাৰতৰ শীৰ্ষ পৰ্যায়ৰ অভিযান্ত্ৰিক আৰু কাৰিকৰী মহাবিদ্যালয়ত নাম ভৰ্তিৰ পথ প্ৰশস্ত কৰা 'এডভান্সড' পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আশ্চৰ্যকৰ কথাটো হ’ল যে দুয়ো ভাতৃয়ে একে শতাংশ (percentile) নম্বৰ লাভ কৰিছে।
শেহতীয়াকৈ ঘোষিত JEE Main 2026-ৰ ফলাফলত ৰাজস্থানৰ কোটাত একেটা কোচিং ক্লাছতে পঢ়া ওড়িশাৰ এই যমজ ভাতৃদ্বয় সফল প্ৰাৰ্থীসকলৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ কোচিং ক্লাছৰ বাবে বিখ্যাত চহৰ কোটাত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই সফলতাই এক আনন্দ আৰু উছাহৰ পৰিৱেশ সৃষ্টি কৰিছে।
মাহৰুফ আৰু মাছৰুৰে JEE Main ২০২৬-ত ৩০০ নম্বৰৰ ভিতৰত ২৮৫ নম্বৰ লাভ কৰিছে। আটাইতকৈ আশ্চর্যজনক কথাটো হ’ল যে এই দুই ভাতৃয়ে কোটাৰ একেখন কোচিং প্ৰতিষ্ঠানতে অধ্যয়ন কৰিছিল আৰু একেলগে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
মাহৰুফে কয়, "মই দশম শ্ৰেণীৰ পৰাই কোটাত আছিলো আৰু তিনি বছৰ ধৰি কোচিং সামগ্ৰীসমূহ অধ্যয়ন কৰি আছিলো। মই ক্লাছৰ লেকচাৰবোৰ অনুসৰণ কৰিছিলোঁ আৰু নিয়মীয়াকৈ টেষ্ট দিছিলোঁ। মই মোৰ সন্দেহ থকা বিষয়বোৰ বাৰে বাৰে পৰ্যালোচনা কৰিছিলোঁ আৰু পুনৰ সংশোধন কৰিছিলো। মোৰ ভাতৃয়েও মোক অনুপ্ৰাণিত কৰিছিল। পঢ়া-শুনাত উত্থান-পতন সদায় আছিল, কিন্তু মই সদায় উৎসাহিত হৈ আছিলোঁ। আমি দুয়ো আৰম্ভণিৰে পৰা একেলগে পঢ়িছিলোঁ। আমাৰ পঢ়াৰ সময়ো একে আছিল। আমি দুয়ো একেখন পঢ়া টেবুলতে বহিছিলোঁ আৰু ইজনে সিজনক উৎসাহিত কৰিছিলোঁ। আমি ইজনে সিজনৰ পৰা বহুত কথা শিকিছিলোঁ।"
মাহৰুফ আৰু মাছৰুৰৰ পৰিয়ালে, বিশেষকৈ তেওঁলোকৰ মাতৃ ডাঃ জীনত বেগমে তেওঁলোকক যথেষ্ট সহায় কৰিছে। ডাঃ বেগম ওড়িষা চৰকাৰৰ এগৰাকী স্ত্ৰী-ৰোগ বিশেষজ্ঞ (Gynaecologist)। তেওঁ নিজৰ সন্তানৰ শিক্ষাৰ বাবে নিজৰ চাকৰি ত্যাগ কৰিছিল। তিনি বছৰ আগতে তেওঁলোকৰ সৈতে থাকিবলৈ তেওঁ কোটালৈ গুচি আহিছিল।
মাহৰুফ আৰু মাছৰুৰৰ সৈতে তেওঁলোকৰ মাতৃ ডাঃ জিনাত বেগম
ডাঃ জীনত বেগমে ল’ৰা দুটাক কেৱল মানসিক আৰু আৱেগিক সমৰ্থনেই যোগান ধৰা নাছিল, বৰঞ্চ পৰীক্ষাত কম নম্বৰ পালে তেওঁলোকৰ মনোবল বৃদ্ধি কৰি ৰাখিছিল। তেওঁ নিজৰ সন্তানক সদায় কৈছিল, "কম নম্বৰ পালে হতাশ নহ’বা; কঠোৰ পৰিশ্ৰম কৰা আৰু আগুৱাই যোৱা।"
আকৰ্ষণীয় কথাটো হ’ল, মাহৰুফ আৰু মাছৰুৰে দশম শ্ৰেণী পৰ্যন্ত একেখন স্কুলতে পঢ়িছিল। মাহৰুফে ৯৫.২ শতাংশ আৰু মাছৰুৰে ৯৭.২ শতাংশ নম্বৰ লাভ কৰিছিল। তেওঁলোকৰ সপোন হ’ল আইআইটি (IIT) বম্বেত কম্পিউটাৰ ছাইন্স অধ্যয়ন কৰা।মাহৰুফ আৰু মাছৰুৰৰ সফলতা কেৱল JEE Main-তে সীমাবদ্ধ নাছিল। তেওঁলোকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডতো সুন্দৰ প্ৰদৰ্শন কৰি ৩০ টাতকৈও অধিক সোণৰ পদক জয় কৰিছে।
JEE Main-ত সফলতা লাভ কৰাৰ পিছত এতিয়া মাহৰুফ আৰু মাছৰুৰ সম্পূৰ্ণৰূপে JEE Advanced-ৰ ওপৰত মনোনিৱেশ কৰিছে। তেওঁলোকৰ লক্ষ্য হ’ল আইআইটি বম্বেত কম্পিউটাৰ ছাইন্স পঢ়া। এতিয়া, তেওঁলোকে আগন্তুক পৰীক্ষাৰ প্ৰস্তুতিত সম্পূৰ্ণভাৱে মনোনিবেশ কৰিছে আৰু এই লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু হৈছে।