Bio-Patch: হাৰ্ট এটেকৰদ্বাৰা আক্ৰান্ত ৰোগীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে কাশ্মীৰি বিজ্ঞানী ড০ শ্বেখ পাৰভেজে

Story by  atv | Posted by  Munni Begum • 21 h ago
কাশ্মীৰি বিজ্ঞানী ড০ শ্বেখ পাৰভেজ
কাশ্মীৰি বিজ্ঞানী ড০ শ্বেখ পাৰভেজ
 
আশা খোছা/নতুন দিল্লী
 
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) দিল্লীৰ বিজ্ঞানীসকলে এনে এক 'বায়’-পেচ' (bio-patch) বিকশিত কৰিছে যিয়ে মানুহৰ হৃদৰোগ বা হাৰ্ট এটেকৰ ফলত হোৱা ক্ষতি নিৰাময় কৰিব পাৰে। এই পেচটো এজন ৰোগীৰ হৃদযন্ত্ৰত স্থাপন কৰি ক্ষতিগ্ৰস্ত টিচ্যুসমূহ (tissue) পুনৰুজীৱিত কৰাৰ লগতে তেওঁলোকৰ স্বাস্থ্য ঘূৰাই আনিব পৰা যাব।
 
জৈৱ-সামগ্ৰী (biomaterials)ৰে নিৰ্মিত এই পেচটো ইতিমধ্যে জন্তুৰ ওপৰত পৰীক্ষা কৰা হৈছে আৰু বৰ্তমান মানুহৰ ওপৰত পৰীক্ষা কৰাৰ বাবে বাট চাই থকা হৈছে।
 
 
IITDৰ বায়োমেডিকেল ইঞ্জিনিয়াৰিং চেণ্টাৰৰ ‘শ্বেখ লেব ফৰ বায়োমেটেৰিয়েল এডভান্স ইন ৰিজেনৰেচন এণ্ড থেৰাপিউটিক্স’ (SMART)ত এই প্ৰকল্পটোৰ নেতৃত্ব দিছে কাশ্মীৰি বংশোদ্ভূত বিজ্ঞানী ড০ শ্বেখ পাৰভেজে। ড০ পাৰভেজে কয়, “হাৰ্ট এটেক হোৱা ৰোগীসকলৰ জীৱনকাল চুটি হয়, কাৰণ আক্ৰমণৰ পিছত তেওঁলোকৰ হৃদযন্ত্ৰই মাত্ৰ ৪০ শতাংশহে কাম কৰে। লগতে তেওঁলোক যথেষ্ট শক্তিহীন আৰু অসুস্থ অনুভৱ কৰে।” 
 
তেওঁ জানিবলৈ দিয়ে যে এই পেচটোৱে হাৰ্ট এটেকৰ সময়ত নষ্ট হোৱা টিচ্যুবোৰ পুনৰুজ্জীৱিত কৰিব পাৰে, যাৰ ফলত এজন ব্যক্তিয়ে স্বাভাৱিক আৰু উন্নত জীৱন যাপন কৰিব পাৰে। অতি ব্যয়বহুল আৰু জটিল অস্ত্ৰোপচাৰৰ তুলনাত এই বায়’-পেচৰ খৰচ যথেষ্ট কম।
 
পাৰভেজ এ শ্বেখে ২০১২ চনৰ পৰাই ডিএছটি ইনস্পায়াৰ ফেকাল্টি (DST INSPIRE Faculty) হিচাপে আইআইটি দিল্লীৰ বায়োমেডিকেল ইঞ্জিনিয়াৰিং চেণ্টাৰৰ মুৰব্বী হিচাপে কাম কৰি আছে। আইআইটিৰ ৱেবছাইটৰ মতে, তেওঁ হৃদৰোগ, ডায়েবেটিছৰ জটিলতা আৰু হাওঁফাওঁৰ ৰোগ নিৰাময়ৰ বাবে অক্সিজেন-ভিত্তিক বায়োমেটেৰিয়েল আৰু নেনো-থেৰাপিউটিক্স বিকশিত কৰাৰ কামত জড়িত। সহজ ভাষাত ক’বলৈ গ’লে, পাৰভেজ আৰু তেওঁৰ দলে এনে কিছুমান জৈৱ-সামগ্ৰী তৈয়াৰ কৰিছে যিয়ে মানুহৰ হৃদযন্ত্ৰৰ সমস্যাবোৰ সহজ আৰু সুলভ মূল্যত সমাধান কৰিব পাৰে।
 
ড০ শ্বেখ পাৰভেজ এগৰাকী ছাত্ৰৰ সৈতে
তেওঁ আৱাজ-দ্য ভইচক কয়, “আমি ডায়েবেটিছ ৰোগীৰ ভৰিৰ ঘাঁ (diabetic foot) নিৰাময়ৰ বাবেও এটা বায়’-পেচ প্ৰস্তুত কৰি আছো।” তেওঁ ডায়েবেটিক ফুটৰ বাবে অক্সিজেন নিঃসৰণ কৰিব পৰা এক বিশেষ বেণ্ডেজ বা ড্ৰেচিং প্ৰস্তুত কৰি উলিয়াইছে। 
 
ডায়েবেটিক ফুট স্বাস্থ্যৰ এটা ডাঙৰ সমস্যা আৰু ইয়াৰ বিষয়ে বহুতে নাজানে। তেওঁ কয়, "ভাৰতত বহু মহিলা ডায়েবেটিছত আক্ৰান্ত, আৰু এই বিষয়ে তেওঁলোক অজ্ঞ। ভাৰতৰ বহু মহিলাই ডায়েবেটিছত আক্ৰান্ত হোৱাৰ কথা গমেই নাপায়। খালী ভৰিৰে বহু দূৰ তীৰ্থ যাত্ৰা কৰাৰ ফলত তেওঁলোকৰ ভৰিত হোৱা ঘাঁবোৰ ডায়েবেটিছৰ বাবে কেতিয়াও নুশুকায়।’’ তেওঁ প্ৰস্তুত কৰা এই বিশেষ পেচটোৰ দাম হ’ব মাত্ৰ ২ টকা। ই ক্ষতিগ্ৰস্ত টিচ্যুবোৰ পুনৰ গঠনত সহায় কৰিব, অন্যথা এনে ৰোগীৰ ভৰি কাটি পেলাবলগীয়া অৱস্থাৰ (amputation) সৃষ্টি হয়।
 
কোন এই পাৰভেজ এ শ্বেখ?
 
পাৰভেজ শ্বেখৰ জন্ম হৈছিল উত্তৰ কাশ্মীৰৰ কু্পৱাৰা জিলাৰ ভিলগাম গাঁৱত, যিখন উত্তৰ-কাশ্মীৰৰ নিয়ন্ত্রণ ৰেখাৰ (LoC) পৰা মাত্ৰ ৩০ কিলোমিটাৰ দূৰত অৱস্থিত। তেওঁ আইআইটি কানপুৰৰ পৰা বায়ো-ইঞ্জিনিয়াৰিং বিষয়ত পিএইচডি ডিগ্ৰী লাভ কৰে আৰু “ৰুগীয়া অৱস্থাত অক্সিডেটিভ চাপ আৰু হাইপ’ক্সিয়া হ্ৰাস কৰিবলৈ ফলপ্ৰসূ বায়’মেটেৰিয়েল আৰু স্ক্যাফল্ড বিকশিত কৰে, যাৰ ব্যৱহাৰিকভাৱে উল্লেখযোগ্য প্ৰয়োগ আছে।”
 
ড০ শ্বেখ পাৰভেজ
 
তেওঁ ডায়েবেটিক ফুট আলচাৰ, মায়োকাৰ্ডিয়াল ইনফাৰ্কচন (myocardial infarction) আৰু ডায়েবেটিক নিউৰ’পেথীৰ দৰে ৰোগৰ মেৰামতি আৰু পুনৰুজ্জীৱিত কৰিবলৈ ষ্টেম চেলৰ পৰা আহৰণ কৰা নেন’ভেচিকল(nanovesicles) (এক্স’জ’ম) (exosomes) ব্যৱহাৰৰ বিষয়েও গৱেষণা কৰিছে৷ আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল তেওঁ ডায়েবেটিছ ৰোগীৰ ভৰিৰ আলচাৰৰ বাবে অক্সিজেন নিৰ্গত ঘাঁৰ ড্ৰেছিং ‘অক্সবেণ্ড’ (OxOBand) আৰু মায়োকাৰ্ডিয়াল ইনফাৰ্কচনৰ বাবে নেন’ফাইব্ৰাছ অক্সিজেন (nanofibrous oxygen) নিৰ্গত কাৰ্ডিয়াক পেচ (cardiac patch) প্ৰস্তুত কৰিছে।”
 
শ্ৰীনগৰৰ শ্ৰী প্ৰতাপ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বিহাৰৰ গয়াৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত বায়ো-ইঞ্জিনিয়াৰিং বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে। এয়াই আছিল তেওঁৰ কেৰিয়াৰ আৰু জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্ট।
 
কু্পৱাৰাৰ পৰা দেশ-বিদেশৰ অত্যাধুনিক পৰীক্ষাগাৰলৈকে নিজৰ যাত্ৰাৰ কথা সুঁৱৰি পাৰভেজে কয় যে সৰু থাকোঁতে তেওঁ আইআইটিৰ নামেই শুনা নাছিল। কিন্তু সৰুতে কেইবাজনো অচিনাকি ব্যক্তিৰ সৈতে হোৱা মধুৰ আৰু জীৱন সলনি কৰা অভিজ্ঞতাই তেওঁক দক্ষিণ বিহাৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত জৈৱ অভিযান্ত্ৰিক ডিগ্ৰীত নামভৰ্তি কৰিবলৈ সক্ষম হয়, যিয়ে তেওঁৰ বিশ্বদৃষ্টিভংগীও সলনি কৰি পেলায়।
 
ড০ শ্বেখ পাৰভেজক সম্বৰ্ধনা প্ৰদান কৰাৰ এক দৃশ্য
 
দিল্লী ৰে’লৱে ষ্টেচনত আৰু পিছলৈ বিহাৰত তেওঁ এনে কিছুমান অচিনাকি মানুহক লগ পাইছিল, যিসকলে তেওঁক বিশ্ববিদ্যালয়ত ভৰ্তি হোৱাত সহায় কৰাই নহয়, প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা আঁতৰত ভালদৰে থকাৰ বাবেও সহায় কৰিছিল।
 
সেই দিনবোৰৰ কথা
 
তেওঁ জনোৱা মতে, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত যেতিয়া তেওঁ নামভৰ্তিৰ বাবে বিহাৰৰ পাটনালৈ ৰে’লেৰে যাত্ৰা কৰাৰ কথা আছিল, তেতিয়া তেওঁ এক বিপদত পৰে। তেওঁ ৰে’লখন মিছ কৰিছিল আৰু পাটনালৈ যোৱাৰ বাবে লগত পৰ্যাপ্ত টকাও নাছিল। তেওঁ কোনো উপায় বিচাৰি পোৱা নাছিল৷
 
কান্দি কান্দি ভায়েকৰ লগত ফোনত কথা পাতি থকাৰ সময়তে এজন ট্ৰেভেল এজেণ্টে তেওঁক দেখা পায়। সেই অচিনাকি মানুহজনে পাৰভেজক পাটনালৈ বিমানৰ টিকট কাটি দিয়ে আৰু বিমান বন্দৰলৈ যাবলৈ অট’ৰ ভাড়াও দিয়ে।
 
ইয়াৰ পিছত তেওঁ গম পায় যে কুপৱাৰাৰ এজন স্থানীয় বেংকাৰৰ চিনাকি ব্যক্তিয়ে তেওঁক ৰে’লৱে ষ্টেচনৰ পৰা নিবলৈ ১০০ কিলোমিটাৰ যাত্ৰা কৰিছিল, অথচ তেওঁ বিমানবন্দৰত নামিছিল। বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কৰ্মচাৰীসকলে তেওঁক বেংক ড্ৰাফট সময়মতে জমা কৰাত সহায় কৰিছিল।
 
ভৰ্তি নিশ্চিত হোৱাৰ পিছত বক্সাৰৰ পৰিয়ালটিয়ে ক্লাছ আৰম্ভ নোহোৱালৈকে তেওঁক তেওঁলোকৰ লগত থাকিবলৈ জোৰ দিয়ে। তেওঁলোকে মোক কৈছিল, ‘'মই কিয় ইমান কষ্ট কৰি যাতায়াত কৰিব লাগে?’’ "মই ঘৰলৈ গৈ ১৫ দিনৰ পিছত যদি উভতি আহো টকাৰ অপচয় হ'ব। তেওঁলোকে মোক নিজৰ সন্তানৰ দৰে মোৰ যত্ন লৈছিল।"- তেওঁ কয়৷
 
ড০ শ্বেখ পাৰভেজে এক অনুষ্ঠানত ভাষণ প্ৰদান কৰিছে
 
পৰৱৰ্তী সময়ত তেওঁ IIT কানপুৰৰ পৰা অধ্যাপক ড০ অশোক কুমাৰৰ তত্ত্বাৱধানত জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিকী বিষয়ত পি এইচ ডি লাভ কৰে। য’ত তেওঁ চিকিৎসা আৰু ট্ৰান্সলেচনেল চিকিৎসাৰ বাবে জৈৱ সক্ৰিয়, অক্সিজেন-স্কেভেঞ্জিং আৰু এণ্টিঅক্সিডেণ্ট পলিমেৰিক বায়’মেটেৰিয়েলৰ ডিজাইন আৰু মূল্যায়ন কৰে। 
 
আজি আইআইটি দিল্লীৰ ‘স্মাৰ্ট’ (SMART) লেবৰ মুৰব্বী হিচাপে তেওঁ জৈৱিক বিজ্ঞানক অভিযান্ত্ৰিক ধাৰণাৰ সৈতে এক কৰি নতুন নতুন সামগ্ৰী তৈয়াৰ কৰাৰ লগতে সেইসমূহ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰি আছে। নিজৰ পটভূমিৰ বিষয়ে তেওঁ কয়, “যেতিয়া আপুনি এনে এটা পৰিৱেশৰ পৰা আহে, য’ত আপোনাৰ বেছি জ্ঞান বা অভিজ্ঞতা নাথাকে, তেতিয়া প্ৰতিটো খোজেই আপোনাৰ বাবে একো একোটা শিক্ষা হৈ পৰে।”