ভাৰতৰ প্ৰথম মুছলমান মুখ্য ন্যায়াধীশ হ'বলৈ কিয় অস্বীকাৰ কৰিছিল এম চি চাগলাই

Story by  atv | Posted by  [email protected] • 1 d ago
ৱাশ্বিংটন ডিচিত ভাৰতীয় ৰাষ্ট্ৰদূত এম চি চাগলাৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডী
ৱাশ্বিংটন ডিচিত ভাৰতীয় ৰাষ্ট্ৰদূত এম চি চাগলাৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডী
 
চাকিব চেলিম

“মোৰ মনত আছে যেতিয়া মই ৰাষ্ট্ৰদূত হিচাপে আমেৰিকালৈ গৈছিলো তেতিয়া মোৰ প্ৰথম সংবাদমেলত মোক সোধা হৈছিল যে মই মুছলমান নেকি। মই উত্তৰ দিছিলোঃ "মোৰ ধৰ্ম কি আপোনাৰ কি কামত আহিব? সেয়া সম্পূৰ্ণৰূপে মোৰ ব্যক্তিগত বিষয়। আপোনালোকৰ মাথোঁ জনাৰ অধিকাৰ আছে যে মই এজন ভাৰতীয় আৰু ভাৰতীয় হোৱাৰ বাবে মই গৌৰৱান্বিত। যেতিয়া মই এজন আমেৰিকানক লগ পাওঁ তেতিয়া তেওঁক সুধিব নোৱাৰো যে ‘আপুনি প্ৰটেষ্টেণ্ট নে কেথলিক নে ইহুদী?”

এই মন্তব্য আগবঢ়োৱা ব্যক্তিজন আছিল বম্বে উচ্চ ন্যায়ালয়ৰ পৰা প্ৰথমবাৰৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ হোৱা মহোমমেদালি কুৰিম চাগলা (Mahommedali Currim Chagla)। তেওঁ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কাশ্মীৰ আৰু পাকিস্তান প্ৰসংগত ভাৰতৰ স্থিতি দাঙি ধৰিছিল আৰু ভাৰতৰ শিক্ষামন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েৰ মতে, ১৯৫০ চনত চাগলাক ভাৰতৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ (CJI)ৰ পদৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও তেওঁ নাকচ কৰিছিল। তেওঁৰ পৰিৱৰ্তে ন্যায়াধীশ এইচ জে কানিয়া ভাৰতৰ মুখ্য ন্যায়াধীশ হয়। চাগলাই এই পদ অস্বীকাৰ নকৰাহেঁতেন ধৰ্মৰ নামত হিংসাত্মক বিভাজনৰ সাক্ষী হোৱা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ হিচাপে দেশবাসীয়ে এজন মুছলমান ব্যক্তিক লাভ কৰিলেহেঁতেন।

চাগলা কোনো দূৰ্বল বা অক্ষম মানুহ নাছিল। আইন আৰু জনসেৱাৰ ক্ষেত্ৰত তেওঁ নিজকে প্ৰমাণ কৰিছিল। ১৯০০ চনত বম্বে (বৰ্তমান মুম্বাই)ত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা চাগলা বাল গংগাধৰ তিলকৰ দ্বাৰা বিপুলভাৱে প্ৰভাবান্বিত হৈছিল। ১৯০৮ চনত দেশদ্ৰোহৰ গোচৰত তিলকক ৬ বছৰৰ কাৰাদণ্ড বিহা হয় আৰু ইয়াৰ ফলত চহৰখনত দাঙ্গা আৰম্ভ হয়।
 

মুম্বাইত এখন সভাত ভাষণ দি থকা অৱস্থাত এম চি চাগলা
 
তেতিয়া চাগলাৰ বয়স ৮ বছৰ আছিল আৰু অভিভাৱকৰ বাধা নামানি তেওঁ ভাৰতীয় সাজ-পোছাক পৰিধান কৰি ৰাজপথত খোজ কাঢ়ি জাতীয়তাবাদী প্ৰতিবাদকাৰীসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰিছিল। অভিভাৱকে তেওঁক ইউৰোপীয় কাপোৰ পিন্ধিবলৈ কৈছিল।

চাগলাৰ বাবে মাতৃভূমিৰ প্ৰতি থকা প্ৰেম কেতিয়াও ম্লান হোৱা নাছিল। কলেজত তেওঁলোকৰ অধ্যক্ষই তেওঁক জাতীয় ৰাজনীতিৰ ওপৰত বিতৰ্কৰ আয়োজন নকৰিবলৈ সকীয়াই দিছিল; অক্সফৰ্ডত তেওঁক ‘বিপ্লৱী’ উদ্যম থকা ছাত্ৰ হিচাপে চিনাক্ত কৰা হৈছিল; বম্বে উচ্চ ন্যায়ালয়ত তেওঁক মুখ্য ন্যায়াধীশে চাইমন কমিছনৰ প্ৰতিবাদত অংশগ্ৰহণ নকৰিবলৈ কৈছিল। 

মুখ্য ন্যায়াধীশগৰাকীয়ে আইন মহাবিদ্যালয়ৰ এজন অধ্যাপকৰ সৈতে চুক্তি নবীকৰণ নকৰাৰ বাবে চাগলাক ছাইমন কমিচনৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব দিয়াৰ বাবে শাস্তি প্ৰদান কৰা হৈছিল। আজিৰ পৰিস্থিতিত তেওঁৰ ভূমিকা আছিল ‘থিংক টেংক’ৰ। তেওঁৰ ৰাজনীতি তিনিটা নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল-ঐক্য, ধৰ্মনিৰপেক্ষতা, আৰু গণতন্ত্ৰ। চাগলা এম এ জিন্নাৰ অতি গণিষ্ঠ ব্যক্তি আছিল। তেওঁৰ নিজৰ ভাষাত ক’বলৈ গ’লে, “এসময়ত মোতকৈ জিন্নাৰ ওচৰ সম্পৰ্কীয় বা অধিক ঘনিষ্ঠ কোনো নাছিল। 

তেওঁ দুই দেশ নীতিৰ প্ৰস্তাৱ দিবলৈ আৰম্ভ কৰাৰ সময়ত মই তেওঁৰ সৈতে সম্পৰ্ক ত্যাগ কৰো। তাৰ পিছত মই তেওঁক আৰু কেতিয়াও দেখা নাপালোঁ, আৰু তেওঁৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাছিল।”

দুই দেশৰ তত্ত্ব আছিল চাগলাৰ ৰাজনৈতিক বিশ্বাসৰ বিৰোধী। তেওঁ কয়, ‘মই সদায় অনুভৱ কৰিছিলো যে ভাৰত এক দেশ আৰু এক জাতি হৈ থকা উচিত আছিল। এই সত্যত পতিয়ন যাবলৈ মাথোঁ এছিয়াৰ মানচিত্ৰ চাব লাগে। উত্তৰত হিমালয় আৰু পশ্চিম, দক্ষিণ আৰু পূবত সাগৰ থকাৰ বাবে ভাৰত এখন সুকীয়া দেশ হিচাপে থিয় দিছে। দেৱতাসকলে তেওঁলোকৰ জ্ঞানত ভাৰত এক আৰু অবিভক্ত হৈ থকাটো বিচাৰিছিল।”

চাগলাৰ বাবে মুছলমান সম্প্ৰদায়টো হিন্দুসকলৰ দৰেই ভাৰতীয় নাগৰিক আছিল। তেওঁ সমাজৰ প্ৰতি যিকোনো অগ্ৰাধিকাৰ ব্যৱহাৰৰ বিৰোধী আছিল। তেওঁৰ দৃষ্টিত ই গণতন্ত্ৰৰ বাবে ক্ষতিকাৰক আছিল। মুখ্য ন্যায়াধীশৰ পদত তেওঁ এসময়ত মুখ্যমন্ত্ৰী মোৰাৰজী দেশাইৰ বিৰুদ্ধে মুছলমান ন্যায়াধীশ নিযুক্তি নিদিয়াৰ বাবে যুঁজিবলগীয়া হৈছিল।

চাগলাই তেওঁৰ স্মৃতিগ্ৰন্থত লিখিছে, ‘এবাৰ আমি দেৱানী ন্যায়াধীশৰ পৰা সহকাৰী ন্যায়াধীশক বাছি ল’বলগীয়া হৈছিল আৰু এজন জ্যেষ্ঠ মুছলমান ন্যায়াধীশ নিৰ্বাচিত নহ’ল। বৰঞ্চ আমি এজন অমুছলমানক বাছি লৈছিলো। এই কথাত মোৰাৰজী দেশাই বিচলিত হৈ পৰিল। তেওঁ সুধিলে সংখ্যালঘু সম্প্ৰদায়ক কিয় আওকাণ কৰিলোঁ। মই তেওঁক ক’লোঁ যে ন্যায়িক নিযুক্তিত মই কেতিয়াও ধৰ্মৰ কথা নাভাবো। মই সকলোকে সমান ব্যৱহাৰ কৰো। মই কেৱল শ্ৰেষ্ঠ আৰু সক্ষম বিচাৰককহে বাছি লওঁ, তেওঁলোকৰ ধৰ্ম যিয়েই নহওক কিয়। মই তেওঁক বুজাই দিছিলোঁ যে মোৰ দৃষ্টিত প্ৰকৃত ধৰ্মনিৰপেক্ষতাৰ অৰ্থ এইটো নহয় যে কাৰোবাক কেৱল সংখ্যালঘুৰ বুলিয়েই নিযুক্তি দিয়া নহয়, বিশেষকৈ যদি তেওঁ চাকৰিটোৰ বাবে উপযুক্ত নহয়। প্ৰকৃত ধৰ্মনিৰপেক্ষতাৰ অৰ্থ হ’ল সকলোকে উচিত সুযোগ দিয়া আৰু কেৱল তেওঁলোকৰ সম্প্ৰদায়ৰ বাবেই সক্ষম প্ৰাৰ্থীক আওকাণ নকৰা।”

এই উদ্ধৃতিটোৱে চাগলাৰ যোগ্যতা ভিত্তিক নিযুক্তিৰ প্ৰতি থকা দৃঢ় বিশ্বাস আৰু ধৰ্মনিৰপেক্ষ স্থিতি, ন্যায় আৰু সমতাক প্ৰতিফলিত কৰে। তেওঁ কৈছিল, "যদি মই গম পাওঁ যে পদোন্নতিৰ যোগ্য সকলো দেৱানী ন্যায়াধীশ মুছলমান, তেন্তে মই তেওঁলোক সকলোকে পৰামৰ্শ দিবলৈ কুণ্ঠাবোধ নকৰো, কিন্তু ন্যায়পালিকাত সাম্প্ৰদায়িক প্ৰতিনিধিত্ব এনেকুৱা এটা কথা যিটো মই মানি ল’বলৈ অস্বীকাৰ কৰিলোঁ। এইটো সঁচা যে আন কথাবোৰ সমান হোৱাৰ বাবে মই হয়তো দুৰ্বল সম্প্ৰদায়ৰ পক্ষ সমৰ্থন কৰিম, কিন্তু ন্যায়পালিকাত নিযুক্তিৰ ক্ষেত্ৰত সাম্প্ৰদায়িক প্ৰতিনিধিত্বক নীতি হিচাপে গ্ৰহণ কৰিলে এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ অংগটোৰ শক্তি আৰু মৰ্যাদা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হ’ব।”

উল্লেখ্য যে, শাসকীয় দলৰ মন্ত্ৰী নিযুক্তিৰ অধিৱেশনৰ বিপৰীতে গৈ জৱাহৰলাল নেহৰুৱে চাগলাক ১৯৬৩ চনত শিক্ষামন্ত্ৰী হিচাপে কেন্দ্ৰীয় মন্ত্ৰীসভাত যোগদান কৰিবলৈ কয়। তেওঁৰ কেইবাটাও কৃতিত্বৰ ভিতৰত নতুন দিল্লীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU) প্ৰতিষ্ঠা কৰাটো অন্যতম। তেওঁৰ আন এটা যথেষ্ট বিতৰ্কিত অৰিহণা আছিল আলিগড় মুছলিম বিশ্ববিদ্যালয় (এএমইউ)ত সংখ্যালঘু চৰিত্ৰৰ বিতৰ্ক (minority character debate)।

চাগলাই স্পষ্টকৈ উল্লেখ কৰিছিল যে আলিগড় বিশ্ববিদ্যালয় সংবিধানত সংজ্ঞায়িত কৰা অনুসৰি সংখ্যালঘু প্ৰতিষ্ঠান নহয়। ইয়াক মুছলমান সমাজে প্ৰতিষ্ঠা বা ৰক্ষণাবেক্ষণ কৰা নাছিল। তেওঁ কয় যে ই এক জাতীয় প্ৰতিষ্ঠান, সমগ্ৰ দেশৰ বাবে গুৰুত্বপূৰ্ণ। যদিও ইয়াৰ এটা বিশেষ উদ্দেশ্য আছিল— আৰবী আৰু ইছলামিক অধ্যয়নক প্ৰসাৰিত কৰা—যিটোৱে ইয়াৰ প্ৰকৃত স্বৰূপ সলনি কৰা নাছিল, কাৰণ অমুছলমানসকলেও সেই বিষয়বোৰৰ প্ৰতি আগ্ৰহী হ’ব পাৰিছিল।

১৯৬৪ আৰু ১৯৬৫ চনত যেতিয়া পাকিস্তানে ভাৰতক আক্ৰমণ কৰিছিল, তেতিয়া চাগলাক বিশ্বৰ সন্মুখত ভাৰতৰ গোচৰৰ যুক্তি দিবলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ পঠিওৱা হৈছিল। জেড এ ভুট্টো (তেতিয়াৰ বৈদেশিক মন্ত্ৰী)ৰ নেতৃত্বত পাকিস্তানে দাবী কৰিছিল যে কাশ্মীৰৰ মুছলমানসকলে ভাৰতৰ বিৰুদ্ধে মুকলি সশস্ত্ৰ বিদ্ৰোহ কৰি আছে আৰু পাকিস্তানে তেওঁলোকক সহায় কৰি আছে। এই মিছা কথাবোৰ খণ্ডন কৰিবলৈ ইয়াৰ বাবে এজন বিশেষজ্ঞৰ প্ৰয়োজন আছিল, যিজন জন্মগতভাৱে মুছলমান আছিল।

চাগলা ইউএনএছচিৰ ওচৰলৈ গৈ কৈছিল, “এয়া দুটা মতাদৰ্শৰ মাজত যুদ্ধ। আমাক মুখামুখি হ'বলৈ দিয়ক। এফালে ধৰ্মীয় ৰাষ্ট্ৰ; আৰু আনফালে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। এইটোৱেই হৈছে সংঘাত; এই সংঘাত কাশ্মীৰক লৈ নহয়। কাশ্মীৰ কেৱল লক্ষণ; ই ৰোগ নহয়। ৰোগটো হ’ল পাকিস্তানে ধৰ্মীয় ৰাষ্ট্ৰত বিশ্বাস কৰে; ই ধৰ্মক নাগৰিকৰ মাজৰ সংযোগ হিচাপে বিশ্বাস কৰে। আমি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু বহুজাতিক সমাজত বিশ্বাস কৰোঁ।"

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কোৱা হৈছিল: ‘পাকিস্তানে সকলো সাম্প্ৰদায়িক চশমাৰে চায়। পাকিস্তানে বুজিব নোৱাৰে যে কেনেকৈ হিন্দু আৰু মুছলমানে কাশ্মীৰত শান্তিপূৰ্ণভাৱে একেলগে থাকিব পাৰে আৰু সুসম্পৰ্কৰ ভাগ বতৰা কৰিব পাৰে। তেওঁলোকৰ বিশ্বাস যে, মুছলমানে হিন্দুক ঘৃণা কৰিব লাগিব আৰু হিন্দুৱে মুছলমানক ঘৃণা কৰিব লাগে।”

সংঘাতৰ সময়ত বহু দেশে ভাৰতক সমৰ্থন কৰিছিল, যাৰ ফলত ভাৰতৰ ‘হিন্দু’ চৰকাৰে মুছলমানক অত্যাচাৰ চলাইছিল বুলি উত্থাপিত ভুৱা দাবীবোৰ নাকচ হৈছিল। সংবিধান আৰু নাগৰিক স্বাধীনতাৰ প্ৰতি দৃঢ় বিশ্বাসী এম চি চাগলাই জৰুৰীকালীন পৰিস্থিতিৰ সময়ত এসময়ত মন্ত্ৰী হৈ থকা চৰকাৰখনৰ বিৰুদ্ধে থিয় দিছিল।

১৯৭৫ চনত বহু বিৰোধী নেতাক জেলত ভৰোৱাৰ সময়ত চাগলা বাংগালুৰুলৈ গৈ অটল বিহাৰী বাজপেয়ী, এল কে আদৱানী, মধু দণ্ডাৱতে, আৰু শ্যামনন্দন মিশ্ৰৰ আইনী গোচৰ যুঁজিছিল। পিছত ১৯৮০ চনৰ ২৯ ডিচেম্বৰত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি আনুষ্ঠানিকভাৱে গঠন হোৱাৰ সময়ত তেওঁক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।