হায়দৰাবাদ
থাইলেণ্ডৰ ওপাল চুচাটা চুৱাংশ্ৰীয়ে ৭২ সংখ্যক মিছ ৱৰ্ল্ড খিতাপ লাভ কৰিছে। শনিবাৰে তেলেংগানাৰ হাইটেক্স প্ৰদৰ্শনী কেন্দ্ৰত অনুষ্ঠিত হোৱা চূড়ান্ত অনুষ্ঠানত ২০২৪ চনৰ মিছ ৱৰ্ল্ড ক্ৰীষ্টিনা পিস্কোভাই তেওঁক মুকুট পিন্ধায়।
ইথিওপিয়াৰ হাছেট ডেৰেজে প্ৰথম ৰানাৰ্ছ আপৰ স্থান দখল কৰাৰ বিপৰীতে পোলেণ্ডৰ মাজা ক্লাজডাই দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল কৰে। মাৰ্টিনিকৰ অৰলি জোৱাচিমে শীৰ্ষ চাৰিটা স্থানত স্থান লাভ কৰে।
ফুকেটত ডাঙৰ-দীঘল হোৱা ওপাল চুচাটা চুৱাংশ্ৰী আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ছাত্ৰী আৰু মডেল। স্তন কেন্সাৰ সজাগতাৰ প্ৰবল সমৰ্থক। ১৬ বছৰ বয়সত তেওঁৰ স্তনত এটা লাম্প ধৰা পৰে, যিটো অৱশ্যে সুস্থ, তথাপিও থাইলেণ্ডত স্তন কেন্সাৰ আৰু আগতীয়াকৈ ধৰা পৰাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে অনুপ্ৰাণিত কৰে।
মেক্সিকো চিটি অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মিছ ইউনিভাৰ্ছ ২০২৪ প্ৰতিযোগিতাতো থাইলেণ্ডক প্ৰতিনিধিত্ব কৰি ওপালে তৃতীয় ৰানাৰ্ছ আপ হৈহিল। কিন্তু পিছত ১২ মাহৰ মিছ ইউনিভাৰ্ছ থাইলেণ্ডৰ ৰাজত্ব সম্পূৰ্ণ কৰাৰ পূৰ্বে মিছ ৱৰ্ল্ড থাইলেণ্ড ২০২৫ৰ খিতাপ গ্ৰহণ কৰাৰ পিছত তেওঁৰ তৃতীয় ৰানাৰ্ছ আপৰ মৰ্যাদা বাতিল কৰা হয়।
এইবাৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১০৮ গৰাকী প্ৰতিযোগীয়ে এই আকাংক্ষিত সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মডেল নন্দিনী গুপ্তাই। ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপৰ দৌৰত শীৰ্ষ ২০ ৰ ভিতৰত স্থান লাভ কৰে নন্দিনী গুপ্তাই।
৭২ সংখ্যক মিছ ৱৰ্ল্ড ফিনালেত ছাচীন কুম্ভৰৰ সৈতে আয়োজক মিছ ৱৰ্ল্ড ২০১৬ ষ্টেফানী ডেল ভেলে এই অনুষ্ঠানৰ বাবে পৰম্পৰাগত ভাৰতীয় লেহেংগা পিন্ধিছিল। এই গ্ৰেণ্ড ইভেণ্টত জেকলিন ফাৰ্নাণ্ডেজ আৰু ইছান খাটাৰেও প্ৰদৰ্শন কৰে।
৭২ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলীৰ ভিতৰত আছিল অভিনেতা সোণু ছুদ, যিয়ে মিছ ৱৰ্ল্ড মানৱীয় বঁটাও লাভ কৰিছিল। ২০২৫ চনৰ গ্ল’বেল এম্বেছাদৰ ফৰ বিউটি উইথ এ পাৰ্পজ সুধা ৰেড্ডীয়েও বিচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনৰ মিছ ইংলেণ্ড আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ জনস্বাস্থ্য চিকিৎসক ডাঃ কেৰিনা টাৰেলও এই পেনেলত আছিল। মিছ ৱৰ্ল্ড ২০২৪ ক্ৰীষ্টিনা পিস্কোভাইও তেওঁৰ উত্তৰাধিকাৰী বিচাৰত অংশগ্ৰহণ কৰে। জুৰীৰ নেতৃত্বত আছিল মিছ ৱৰ্ল্ডৰ অধ্যক্ষা জুলিয়া মৰ্লি চি বি ই।
এই অনুষ্ঠানত প্ৰাক্তন মিছ ৱৰ্ল্ড মনুষী চিল্লাৰ, অভিনেতা ৰাণা ডাগ্গুবাটি আৰু নম্ৰতা শিৰোডকাৰো উপস্থিত থাকে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীও এই অনুষ্ঠানত উপস্থিত আছিল। অভিনেতা তথা ৰাজনীতিবিদ চিৰঞ্জীৱীয়েও মিছ ৱৰ্ল্ড ২০২৫ৰ ফিনালে অনুষ্ঠানত অংশগ্ৰহণ কৰে।
এইবাৰ একেৰাহে দ্বিতীয় বছৰৰ বাবে ভাৰতে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ আয়োজক হয়। মুম্বাইত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ ৭১ সংখ্যক সংস্কৰণত চেক গণৰাজ্যৰ ক্ৰীষ্টিনা পিস্কোভাই মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধিবলৈ সক্ষম হয়।