ৰিল বনোৱাৰ বাবে টেনিছ খেলুৱৈ ৰাধিকা যাদৱক পিতৃয়ে হত্যা কৰে

Story by  atv | Posted by   Imtiaz Ahmed • 5 d ago
ৰাধিকা যাদৱ
ৰাধিকা যাদৱ
নতুন দিল্লী

বৃহস্পতিবাৰে পুৱা গুৰুগ্ৰামস্থিত ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ ৰাধিকা যাদৱ নামৰ এগৰাকী ২৫ বছৰীয়া যুৱতীক গুলীয়াই হত্যা কৰা বুলি অভিযোগ উঠিছে।

আৰক্ষীয়ে জনোৱা মতে, ৫৭ নং ছেক্টৰত থকা তেওঁলোকৰ ঘৰৰ প্ৰথম মহলাত পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই ঘটনা।

প্ৰাথমিক তথ্য অনুসৰি অভিযুক্ত পিতৃয়ে ৰাধিকাৰ ওপৰত তিনিটা গুলীচালনা কৰি গুৰুতৰভাৱে আহত কৰে। সংকটজনক অৱস্থাত ব্যক্তিগত চিকিৎসালয়লৈ লৈ যুৱা হয় যদিও চিকিৎসাৰ সময়ত আঘাতপ্ৰাপ্ত যুৱতীগৰাকীৰ মৃত্যু হয়।

তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰে। গুলীচালনাত ব্যৱহৃত ৰিভলভাৰটো ঘৰৰ পৰা উদ্ধাৰ কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ৰাধিকাৰ পিতৃয়ে ৰিল বনোৱাৰ প্ৰতি থকা আগ্ৰহত বিচলিত হৈ পৰিয়ালটোলৈ লজ্জা কঢ়িয়াই অনাৰ আশংকা কৰে। তেওঁ আৰক্ষীক জনোৱা মতে, যেতিয়াই তেওঁ নিজৰ গাঁৱলৈ যায়, তেতিয়াই তেওঁৰ কন্যাৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপৰ বাবে স্থানীয় লোকৰ পৰা ঠাট্টা আৰু সমালোচনাৰ সন্মুখীন হয়। ইয়াৰ বাবেই তেওঁ যোৱা ১৫ দিনমান ধৰি মানসিক চাপত আছিল আৰু সেয়েহে শেষত এনে পদক্ষেপ ল’লে।

ছেক্টৰ ৫৬ থানাৰ ষ্টেচন হাউছ অফিচাৰে জনোৱা মতে, "আমি চিকিৎসালয়ৰ পৰা তথ্য লাভ কৰিছিলো যে এগৰাকী ২৫ বছৰীয়া মহিলাৰ মৃত্যু হৈছে। তেওঁ তিনিবাৰকৈ গুলীৰ আঘাত পাইছিল। আমি মহিলাগৰাকীৰ মমায়েকক লগ পাইছিলো কিন্তু তেওঁ একো নক’লে। তাৰ পিছত আমি ঘটনাস্থলীলৈ গৈ গম পালোঁ যে মহিলাগৰাকীৰ পিতৃয়ে গুলীচালনা কৰিছিল।”

বিভিন্ন প্ৰতিযোগিতাত ৰাজ্য আৰু দেশ উভয়কে প্ৰতিনিধিত্ব কৰি অসংখ্য পদক আৰু প্ৰশংসা লাভ কৰা এগৰাকী প্ৰখ্যাত টেনিছ খেলুৱৈ আছিল ৰাধিকা যাদৱ। কিন্তু দুবছৰ পূৰ্বে আঘাতৰ বাবে প্ৰতিযোগিতামূলক ক্ৰীড়াৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল।

যোৱা কেইমাহমানৰ পৰা ৰাধিকাই সামাজিক মাধ্যমৰ প্ৰভাৱক (influencer) হিচাপে কেৰিয়াৰ গঢ়ি তোলাত মনোনিৱেশ কৰিছিল। ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত সঘনাই ৰিল বনাই পোষ্ট কৰিছিল।



শেহতীয়া খবৰ