শিলচৰ
ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান (এন আই টি) শিলচৰত অধ্যয়ন কৰা পাঁচজন বাংলাদেশী ছাত্ৰক কেম্পাছত হিংসাত্মক সংঘৰ্ষত ভূমিকা লোৱাৰ বাবে নিলম্বিত কৰা হৈছে আৰু তেওঁলোকক বিতাড়িত কৰা হ’ব বুলি নিশ্চিত কৰিছে বিষয়াসকলে।
ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচন (আই চি চি আৰ)ৰ বৃত্তিৰ অধীনত নামভৰ্তি কৰা ছাত্ৰসকলৰ হোষ্টেলৰ কোঠাত তালাচী চলাওঁতে নিচাজাতীয় দ্ৰব্যও উদ্ধাৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে।
এন আই টিৰ সঞ্চালক দিলীপ কুমাৰ বৈদ্যই কয়, "তেওঁলোক কেম্পাছৰ হিংসাৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল বুলি প্ৰমাণ কৰিবলৈ আমাৰ হাতত যথেষ্ট তথ্য আছে আৰু দুটা ছেমিষ্টাৰৰ বাবে নিলম্বিত কৰা হৈছে। তেওঁ লগতে কয় যে এই ছাত্ৰসকলক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হ’ব।
ঘটনাটো সংঘটিত হৈছিল যোৱা ৮ ছেপ্টেম্বৰত তৃতীয় বৰ্ষৰ ছাত্ৰৰ এটা দলে হোষ্টেলৰ ভিতৰতে নিজৰ দেশবাসীক আক্ৰমণ কৰাৰ অভিযোগ। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰে যে আক্ৰমণকাৰীয়ে ড্ৰাগছ সেৱন কৰিছিল আৰু হাতত ৰড, কটাৰী আৰু স্ক্ৰু ড্ৰাইভাৰ লৈ ফুৰিছিল।
এজন ছাত্ৰই কয়, “তেওঁলোকে ৰড, কটাৰী আৰু স্ক্ৰু ড্ৰাইভাৰেৰে সজ্জিত আছিল, আৰু চূড়ান্ত বৰ্ষৰ বাংলাদেশী ছাত্ৰক লক্ষ্য কৰি লৈছিল। প্ৰায় ৩০ মিনিট ধৰি চলা আক্ৰমণত ভুক্তভোগী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।”
আন এজন ছাত্ৰই হিংসাত্মক পৰিস্থিতি কেনেদৰে বৃদ্ধি পালে সেই বিষয়ে বৰ্ণনা কৰি এইদৰে কয়: “যেতিয়া ছিনিয়ৰসকলে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল, আক্ৰমণকাৰীয়ে তেওঁলোকক আলোচনাৰ বাবে এটা কোঠালৈ মাতিছিল, হঠাতে লাইট বন্ধ কৰি অস্ত্ৰৰে আক্ৰমণ আৰম্ভ কৰিছিল।”
কেইবাগৰাকী আহত ছাত্ৰক শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিতালত ভৰ্তি কৰোৱা হৈছে, য’ত দুগৰাকীক মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ আই চি ইউত আছে বুলি চিকিৎসকে জনায়।
ছাত্ৰ কল্যাণৰ ডীন এছ এছ ধৰে নিশ্চিত কৰে যে অভিযুক্তৰ কোঠাৰ পৰা নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰা হৈছে। তেওঁ কয়, "প্ৰাথমিকভাৱে এই ব্যৱস্থা কেম্পাছ হিংসাৰ বাবে আছিল যদিও নিচাযুক্ত দ্ৰব্যৰ সন্দেহযুক্ত ব্যৱহাৰৰ কথাও বিবেচনা কৰা হৈছে।"
অনুশাসনমূলক ব্যৱস্থাৰ ভিতৰত আছে এবছৰৰ বাবে নিলম্বন, হোষ্টেলৰ পৰা বহিষ্কাৰ, আৰু অৱশেষত বিতাড়ন। গুৱাহাটীৰ এগৰাকী জ্যেষ্ঠ আই চি চি আৰ বিষয়াই সপ্তাহৰ শেষৰ ফালে কেম্পাছত উপস্থিত হৈ গোচৰটো পুনৰীক্ষণ কৰে। আই চি চি আৰ কৰ্তৃপক্ষইও এই সিদ্ধান্তক সমৰ্থন কৰা বুলি উল্লেখ কৰি ধাৰে কয় যে, "আমাৰ তদন্ত আৰু গ্ৰহণ কৰা অনুশাসনমূলক ব্যৱস্থাত আমি সন্তুষ্ট।"