সাম্প্ৰদায়িক সম্প্ৰীতি প্ৰসাৰৰ লক্ষ্যৰে মুছলমান নেতাক সাক্ষাৎ কৰিলে আৰএছএছৰ মূৰব্বী মোহন ভাগৱতে

Story by  atv | Posted by  [email protected] • 1 d ago
মোহন ভাগৱত
মোহন ভাগৱত
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

সাম্প্ৰদায়িক সম্প্ৰীতি আৰু পাৰস্পৰিক বুজাবুজি প্ৰসাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মুৰব্বী মোহন ভাগৱতে আজি নতুন দিল্লীৰ হাৰিয়ানা ভৱনত ৫০ জনতকৈ অধিক মুছলমান ধৰ্মগুৰু আৰু পণ্ডিতৰ সৈতে মত বিনিময় কৰে।
 
এই বৈঠকত আৰ এছ এছৰ জ্যেষ্ঠ বিষয়া ক্ৰমে সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছাবালে, যুটীয়া সাধাৰণ সম্পাদক কৃষ্ণ গোপাল, জ্যেষ্ঠ নেতা ৰামলাল আৰু মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ মুৰব্বী ইন্দ্ৰেশ কুমাৰো উপস্থিত থাকে। সূত্ৰ অনুসৰি এই বৈঠকত সৰ্বভাৰতীয় ইমাম সংগঠনৰ মুৰব্বী ড০ উমৰ আহমেদ ইলিয়াছিকে ধৰি বহু বিশিষ্ট মুছলমান ধৰ্মগুৰু, বুদ্ধিজীৱী আৰু সমাজৰ বিশিষ্ট লোকসকল উপস্থিত থাকে। 
 
আৰএছএছৰ বিৰুদ্ধে প্ৰায়ে মেৰুকৰণ আৰু সাংস্কৃতিক বিভাজনৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে সংগঠনটোৱে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মন কৰিবলগীয়া যে, আৰএছএছ-এ বছৰ বছৰ ধৰি মুছলমান সমাজৰ লগত যোগাযোগৰ চেষ্টা চলাই আহিছে। ইয়াৰ অধীনত সংগঠনটোৱে মুছলিম ৰাষ্ট্ৰীয় মঞ্চ (MRM)ৰ জৰিয়তে মুছলমান নেতা, ধৰ্মীয় পণ্ডিত আৰু বুদ্ধিজীৱীৰ সৈতে নিৰন্তৰ আলোচনাত মিলিত হৈ আহিছে।
২০২৩ চনত এম আৰ এম-এ "এক দেশ, এক পতাকা, এক জাতীয় সংগীত"ৰ ধাৰণাটোক শক্তিশালী কৰাৰ বাবে দেশজোৰা অভিযান ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বে ২০২২ চনৰ ছেপ্টেম্বৰ মাহতো মোহন ভাগৱতে মুছলমান বুদ্ধিজীৱীসকলৰ সৈতে মত বিনিময় কৰিছিল, য’ত জ্ঞানবাপী মছজিদ বিবাদ, হিজাব কাণ্ড আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ দৰে স্পৰ্শকাতৰ বিষয়সমূহৰ ওপৰত মুকলিকৈ আলোচনা কৰা হৈছিল।
 
সেই বৈঠকত আছিল প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত ড° এছ ৱাই কুৰেশ্বি, দিল্লীৰ প্ৰাক্তন উপ-ৰাজ্যপাল নাজিব জং, এ এম ইউৰ প্ৰাক্তন উপাচাৰ্য লেফটেনেণ্ট জেনেৰেল জমিৰ উদ্দিন শ্বাহ, প্ৰাক্তন সাংসদ শ্বাহিদ ছিদ্দিকী আৰু উদ্যোগপতি ছৈদ শ্বেৰৱানীৰ দৰে বিশিষ্ট ব্যক্তি।
 
সেই বছৰতে মোহন ভাগৱতে দিল্লীৰ মছজিদ আৰু মাদ্ৰাছাও পৰিদৰ্শন কৰে। তেওঁৰ লগত ইন্দ্ৰেশ কুমাৰো উপস্থিত আছিল। ২০২২ চনৰ অক্টোবৰ মাহত ইন্দ্ৰেশ কুমাৰে হজৰত নিজামুদ্দিন দৰগাহলৈ গৈ মাটিৰ চাকি জ্বলাই শান্তিৰ বাৰ্তা প্ৰদান কৰিছিল। তেওঁ স্পষ্টকৈ কৈছিল, "কোনোৱেই ধৰ্মান্তৰিত হ'বলৈ বা হিংসাৰ আশ্ৰয় ল'বলৈ বাধ্য কৰা উচিত নহয়। প্ৰত্যেকৰে নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে, আৰু আনৰ ধৰ্মকো সন্মান কৰাটো গুৰুত্বপূৰ্ণ।"
 
আজিৰ বৈঠকক এই দিশত এক সুনিৰ্দিষ্ট প্ৰচেষ্টা বুলি বিবেচনা কৰা হৈছে, যিটো হিন্দু-মুছলমান সম্প্ৰদায়ৰ মাজত থকা বিশ্বাসৰ ব্যৱধান দূৰ কৰাৰ লগতে পাৰস্পৰিক আলোচনাক শক্তিশালী কৰিব। আৰ এছ এছৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, "এয়া কোনো নতুন পদক্ষেপ নহয়। মোহন ভাগৱতে ইয়াৰ পূৰ্বেও মুছলমান বুদ্ধিজীৱী আৰু ধৰ্মগুৰুসকলক সাক্ষাৎ কৰি আহিছে। আমাৰ লক্ষ্য কেৱল আলোচনাৰ জৰিয়তে পাৰস্পৰিক দূৰত্বৰ অন্ত পেলোৱা।"
 
ৰাজনৈতিক আৰু সামাজিক দৃষ্টিকোণৰ পৰাও এই বৈঠকখন গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এই আলোচনা এনে সময়ত সংঘটিত হৈছে যেতিয়া আৰএছএছৰ বিৰুদ্ধে সততে দেশত ধৰ্মীয় মেৰুকৰণ আৰু সামাজিক বিভাজনৰ অভিযোগ উত্থাপন হয়। ভাগৱতৰ এই পদক্ষেপে দেখুৱাইছে যে সংগঠনটোৱে ধৰ্মীয় বৈচিত্ৰ্য আৰু সামাজিক সম্প্ৰীতিৰ দিশত গুৰুতৰ প্ৰচেষ্টা হাতত লৈছে।
 
ভাগৱতৰ এই পদক্ষেপ হিন্দু-মুছলমানৰ মাজত আস্থা ঘূৰাই অনাৰ দিশত এক ইতিবাচক লক্ষণ। এনে পদক্ষেপ কেৱল আলোচনা আৰু সহাৱস্থানৰ মনোভাৱক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয়ই নহয়, আজিৰ সামাজিক পৰিস্থিতিত ই অত্যন্ত প্ৰাসংগিকো।


শেহতীয়া খবৰ