অপাৰেচন সেন্দুৰৰ নায়কঃ স্কোৱাড্ৰন লীডাৰ ৰিজৱান মালিক সাহস আৰু বীৰত্বৰ নতুন নিদৰ্শন

Story by  atv | Posted by  [email protected] • 18 h ago
পিতৃ-মাতৃৰ সৈতে স্কোৱাড্ৰন লীডাৰ ৰিজৱান মালিক
পিতৃ-মাতৃৰ সৈতে স্কোৱাড্ৰন লীডাৰ ৰিজৱান মালিক

মালিক আছঘৰ হাচমী/ নতুন দিল্লী

ভাৰতীয় ইতিহাসে বাৰে বাৰে প্রমাণ কৰি আহিছে যে দেশত বিপদ হ’লে প্রতিটো জাতি-ধৰ্মৰ লোকে মাতৃভূমি ৰক্ষাৰ বাবে একেলগে থিয় দিয়ে৷ অপাৰেচন সেন্দুৰ-এ আকৌ এবাৰ উদঙাই দিছে এই সত্য। ভাৰতীয় বায়ুসেনাৰ সাহসী স্কোৱাড্ৰন লীডাৰ চেছাবাম ৰিজৱান মালিকে এই অভিযানৰ সময়ত প্ৰদৰ্শন কৰা বীৰত্বই শত্ৰুক স্তম্ভিত কৰাই নহয়, লাখ লাখ ভাৰতীয় নাগৰিককো গৌৰৱান্বিত কৰি তুলিছিল।

পহলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে নিৰস্ত্ৰ সাধাৰণ নাগৰিকক আক্ৰমণ কৰি কেইবা ডজন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ সময়তে অপাৰেচন সেন্দুৰ আৰম্ভ হৈছিল। ইয়াৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সেনা আৰু বায়ুসেনাই এক যুটীয়া অভিযান আৰম্ভ কৰে। এই সময়ত স্কোৱাড্ৰন লীডাৰ ৰিজৱান মালিকক সুখয়-৩০ এম কে আই উৰণৰ দায়িত্ব দিয়া হয়।

যুদ্ধৰ সময়ত তেওঁৰ সঠিক কৌশল আৰু সাহসে পাকিস্তানৰ পৰা অহা আকাশী ভাবুকি বিফল কৰি পেলায়। কেৱল শত্ৰুৰ সেনা ছাউনী ধ্বংস হোৱাই নহয়, তেওঁলোকৰ আক্ৰমণৰ উদ্দেশ্যও বিফল হৈ গ’ল। মালিকৰ এই কাৰ্য্যই ভাৰতৰ সামৰিক শ্ৰেষ্ঠত্ব স্পষ্ট কৰি তুলিছিল। তেওঁৰ বীৰত্বৰ কাহিনীৰ পৰিপ্ৰেক্ষিতত তেওঁক বীৰ চক্ৰৰে সন্মানিত কৰা হয়, যিটো দেশৰ তৃতীয় সৰ্বোচ্চ বীৰত্বৰ বঁটা।
এই বীৰত্বৰ নিদৰ্শনে সমগ্ৰ দেশক ৰোমাঞ্চিত কৰি তুলিছিল। শেহতীয়াকৈ যেতিয়া স্কোৱাড্ৰন লীডাৰ ৰিজৱান মালিক নিজৰ গৃহ জিলা ইম্ফললৈ উভতি আহিছিল, তেতিয়া তাত এক অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হয়। ইম্ফল পূৱৰ ক্ষেত্ৰীগাওঁৰ কেখু মানিং লেইকাইত তেওঁক আদৰণি জনাবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। পৰিয়াল, আত্মীয়-স্বজন, বন্ধু-বান্ধৱী আৰু সাধাৰণ নাগৰিকে তেওঁক কান্ধত লৈ গৌৰৱেৰে আদৰণি জনাইছিল। ভিৰৰ মাজৰ সৰু সৰু ল'ৰা-ছোৱালীবোৰে মালিকক আদৰ্শ বুলি গণ্য কৰি চিঞৰিছিল - "ভাৰত মাতা কি জয়", "বন্দে মাতৰম" আৰু "ৰিজৱান মালিক অমৰ ৰহে"।

ৰিজৱান মালিকৰ এই সফলতাই ভাৰতীয় সেনাবাহিনীত মুছলমানসকলৰ ভূমিকাকো পুনৰ আলোকিত কৰি তুলিছে। ইতিহাস সাক্ষী যে হায়দৰাবাদৰ আব্দুল হামিদৰ দৰে অমৰ শ্বহীদে ১৯৬৫ চনৰ যুদ্ধত এককভাৱে পাকিস্তানী টেংক ধ্বংস কৰি ভাৰতক ৰক্ষা কৰিছিল। আজি ৰিজৱান মালিক একে পৰম্পৰাৰ নতুন প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে।
 
এই ঘটনাই এই বাৰ্তা দিয়ে যে ভাৰতীয় মুছলমানসকল কেৱল ৰাজনীতি আৰু সমাজৰ ক্ষেত্ৰতে নহয়, মাতৃভূমিৰ ৰক্ষাৰ ক্ষেত্ৰতো সম অংশীদাৰ। স্কোৱাড্ৰন লীডাৰ ৰিজৱান মালিকৰ যাত্ৰাও প্ৰেৰণাৰে ভৰপূৰ। তেওঁ সৈনিক স্কুল ইম্ফলৰ পৰা পঢ়া-শুনা কৰিছিল আৰু তাৰ পিছত নেশ্যনেল ডিফেন্স একাডেমী (এন ডি এ)ৰ পৰা প্ৰশিক্ষণ লৈছিল। ২০১৫ চনত ভাৰতীয় বায়ুসেনাত কমিচন লাভ কৰি ৰিজৱান বিষয়ালৈ উন্নীত হয়। চাৰিজন ভাই-ভনীৰ ভিতৰত তৃতীয় ৰিজৱান মালিক আজি কেৱল পৰিয়ালৰে নহয়, সমগ্ৰ দেশৰ গৌৰৱৰ বিষয় হৈ পৰিছে।

তেওঁৰ পত্নী ডাঃ ফাৰহিন চিষ্টি হাৰিয়ানাৰ এখন চিকিৎসালয়ত কাম কৰে। তেওঁলোক এটা আঠ মহীয়া পুত্ৰ সন্তানৰ পিতৃ-মাতৃ। সম্বৰ্ধনা অনুষ্ঠানত যেতিয়া এই কণমানি পুত্ৰটো মাকৰ কোলাত আছিল, তেতিয়া ভিৰৰ মাজৰ বহুটোৰে চকু আৱেগিক হৈ পৰিছিল। সকলোৰে এনে লাগিছিল যেন আগন্তুক প্ৰজন্মইও পিতৃৰ বীৰত্বৰ কাহিনীক লৈ গৌৰৱ কৰিব।

আদৰণি অনুষ্ঠানত ৰাইজক সম্বোধন কৰি স্কোৱাড্ৰন লীডাৰ ৰিজৱান মালিকে কয়, "এই সন্মান মোৰ নহয় সমগ্ৰ দেশৰ। মই গৌৰৱান্বিত যে মই দেশ ৰক্ষা কৰা লাখ লাখ জোৱানৰ শাৰীত থিয় দিবলৈ সক্ষম হৈছো। আমাৰ বয়োজ্যেষ্ঠসকলে আমাক সদায় ডাঙৰক সন্মান কৰিবলৈ আৰু ওচৰ-চুবুৰীয়াৰ সৈতে সৌহাৰ্দ্য বজাই ৰাখিবলৈ শিকাই আহিছে। এই মূল্যবোধবোৰে মোক গোটেই জীৱন পথ প্ৰদৰ্শন কৰি থাকিব।"

 
তেওঁৰ এই কথাবোৰ কেৱল যুৱক-যুৱতীসকলৰ বাবেই নহয় সমগ্ৰ সমাজৰ বাবেও এটা শক্তিশালী বাৰ্তা যে ধৰ্ম আৰু জাতিৰ উৰ্ধত দেশৰ সেৱা কৰাটোৱেই হৈছে সৰ্বশ্ৰেষ্ঠ পূজা। ৰিজৱান মালিকৰ বীৰত্ব আৰু সন্মানৰ খবৰে ছ’চিয়েল মিডিয়াতো আধিপত্য বিস্তাৰ কৰিছিল। টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰামত দেশবাসীয়ে তেওঁক অহৰহ অভিনন্দন জনাইছে। ছ’চিয়েল মিডিয়াত #RizwanMalik, #VeerChakraHero আৰু #OperationSindoor আদি হেচটেগ ট্ৰেণ্ডিং কৰা দেখিবলৈ পোৱা যায়। বহু চেলিব্ৰিটিয়ে তেওঁক "ভাৰতৰ গৌৰৱ" বুলি অভিহিত কৰি চেলুট দিয়ে।

অপাৰেচন সেন্দুৰৰ নায়ক ৰিজৱান মালিকে প্ৰমাণ কৰিলে যে ভাৰতৰ প্ৰকৃত শক্তি নিহিত হৈ আছে ইয়াৰ ঐক্যতাৰ মাজত। হিন্দু হওক, মুছলমান হওক, শিখ হওক বা খ্ৰীষ্টান হওক--সীমান্তৰ কথা আহিলে সকলোৱে ভাৰতীয় হিচাপে থিয় দিয়ে। মালিকৰ বীৰত্বই ভাৰতীয় মুছলমানৰ গৌৰৱময় ইতিহাসৰ কথা মনত পেলাই দিয়ে, যি ইতিহাস দেশপ্ৰেম আৰু বীৰত্বৰ অগণন নিদৰ্শনেৰে ভৰপূৰ।


শেহতীয়া খবৰ