অৰ্চলা খান / নতুন দিল্লী
ছাংহাই সহযোগিতা সংস্থাৰ বাৰ্ষিক সন্মিলনত সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ পৰা এক শক্তিশালী আৰু স্পষ্ট বাৰ্তা প্ৰদান কৰে। তেওঁ কয় যে সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত যিকোনো ধৰণৰ দ্বৈত মানদণ্ড গ্ৰহণযোগ্য নহ’ব। মোদীয়ে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ কেৱল কোনো এখন দেশৰ দায়িত্ব নহয়, বৰঞ্চ সমগ্ৰ মানৱ জাতিৰ উমৈহতীয়া দায়িত্ব।
শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ আৰম্ভ কৰে। তেওঁ কয় যে এই আক্ৰমণ কেৱল ভাৰতৰ বিবেকৰ ওপৰত আক্ৰমণ নহয়, শান্তি আৰু মানৱতাত বিশ্বাসী বিশ্বৰ প্ৰতিখন দেশৰ বাবে এক প্ৰত্যাহ্বান।
এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতে ৬ আৰু ৭ মে’ত ‘অপাৰেচন সেন্দুৰ’ আৰম্ভ কৰে। এই অভিযানৰ সময়ত পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰসমূহক লক্ষ্য কৰি লোৱা হয়। ইয়াৰ পিছত চাৰিদিন ধৰি ভাৰত আৰু পাকিস্তানৰ মাজত সংঘৰ্ষ অব্যাহত থাকে আৰু ১০ মে’ত যুদ্ধবিৰতিৰে ইয়াৰ অন্ত পৰে।
ভাষণত মোদীয়ে পৰোক্ষভাৱে পাকিস্তান আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা দেশসমূহক লক্ষ্য কৰি লয়। তেওঁ কয়, ‘একাংশ দেশৰ সন্ত্ৰাসবাদৰ প্ৰতি মুকলি সমৰ্থন আমাৰ বাবে কেতিয়াবা গ্ৰহণযোগ্য হ’ব পাৰে নেকি বুলি প্ৰশ্ন কৰাটো স্বাভাৱিক? আমি স্পষ্টকৈ আৰু এক কণ্ঠত ক’ব লাগিব যে সন্ত্ৰাসবাদক লৈ দ্বৈত স্থিতি গ্ৰহণযোগ্য নহয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিগত কেইবা দশক ধৰি সন্ত্ৰাসবাদৰ বোজা বহন কৰি আহিছে, হাজাৰ হাজাৰ পৰিয়ালে আপোনজনক হেৰুৱাইছে আৰু বহু শিশু অনাথ হৈ পৰিছে। সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সংহতিৰ পোষকতা কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে সংস্থাটোৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ সমান্তৰালকৈ SCO সংক্ষিপ্ত ৰূপটোৰ এক নতুন অৰ্থ দাঙি ধৰে। তেওঁ কয়, ‘S’ ৰ অৰ্থ হৈছে Security, ‘C’ ৰ অৰ্থ হৈছে Connectivity, আৰু ‘O’ ৰ অৰ্থ হৈছে Opportunity। মোদীয়ে কয় যে নিৰাপত্তা, শান্তি আৰু সুস্থিৰতা যিকোনো দেশৰ বিকাশৰ মূল শিলাস্তম্ভ, কিন্তু সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আৰু উগ্ৰবাদ এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা হৈয়েই আছে।
সংযোগ সন্দৰ্ভত ভাষণ দি মোদীয়ে কয় যে সকলো দেশৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰিলেহে ই অৰ্থপূৰ্ণ হ’ব। তেওঁ সকীয়াই দিয়ে যে "সাৰ্বভৌমত্বক একাষৰীয়া কৰা সংযোগে আস্থা আৰু অৰ্থ হেৰুৱাই পেলায়"। বিশ্লেষকসকলৰ মতে চীনৰ অভিলাষী বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই)ৰ উল্লেখ কৰি এই মন্তব্য কৰা হৈছে। বি আৰ আইৰ এটা অংশ পাকিস্তান দখলকৃত কাশ্মীৰৰ মাজেৰে পাৰ হোৱাৰ বাবে ভাৰতে ধাৰাবাহিকভাৱে ইয়াৰ বিৰোধিতা কৰি আহিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে এছ চি অ’ দেশসমূহৰ মাজত সাংস্কৃতিক আৰু সভ্যতামূলক আলোচনাৰ প্ৰসাৰৰ বাবেও পৰামৰ্শ আগবঢ়ায়। তেওঁ কয় যে সভ্যতাবাদী আলোচনাৰ মঞ্চ সৃষ্টি কৰিব লাগে, যাতে সদস্য দেশসমূহে নিজৰ প্ৰাচীন পৰম্পৰা, শিল্প আৰু সাহিত্যৰ সমৃদ্ধি বিশ্ব পৰ্যায়ত ভাগ কৰিব পাৰে।
ভাষণত মোদীয়ে ‘গ্ল’বেল চাউথ’ৰ বিশেষ উল্লেখ কৰে। তেওঁ কয় যে আফ্ৰিকা, এছিয়া আৰু লেটিন আমেৰিকাৰ উন্নয়নশীল দেশসমূহক পুৰণি কাঠামোৰ সৈতে বান্ধি ৰখাটো অনাগত প্ৰজন্মৰ প্ৰতি অন্যায় হ’ব। উন্নয়নৰ নতুন পথত একেলগে আগবাঢ়ি যাবলৈ আহ্বান জনাই মোদীয়ে কয় যে ভাৰতে নিজেই "সংস্কাৰ, পৰিবেশন আৰু ৰূপান্তৰ"ৰ মন্ত্ৰৰে আগবাঢ়িছে আৰু বিশ্ব অৰ্থনৈতিক অস্থিৰতা বা ক'ভিড-১৯ মহামাৰীৰ দৰে প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰিছে।
শীৰ্ষ সন্মিলনৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ইয়াৰ সময়ত তেওঁ ইউক্ৰেইনৰ সংঘাতক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে বিশ্বই এই যুদ্ধৰ অতি সোনকালে অন্ত পেলোৱাটো বিচাৰে। মোদীয়ে কয় যে, মানৱতাই সংঘাতৰ অন্ত পেলাবলৈ আহ্বান জনাইছে আৰু স্থায়ী শান্তি অনাৰ বাবে প্ৰচেষ্টা চলোৱা উচিত।
শেহতীয়া শান্তি প্ৰচেষ্টাক আমি আদৰণি জনাইছো আৰু সকলো পক্ষই গঠনমূলকভাৱে আগবাঢ়ি যাব বুলি আশা কৰিছো। ডিচেম্বৰ মাহত পুটিনক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কঠিন সময়তো ভাৰত-ৰাছিয়াৰ সম্পৰ্ক সদায় সুদৃঢ় হৈ আছে। তেওঁ দুয়োখন দেশৰ মাজৰ সম্পৰ্কক বিশ্ব শান্তি আৰু সুস্থিৰতাৰ বাবে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে।
এছ চি অ’ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণে ভাৰতৰ স্পষ্ট দৃষ্টিভংগী আগবঢ়াইছে। সন্ত্ৰাসবাদৰ ওপৰত কঠোৰ স্থিতি, যোগাযোগ ব্যৱস্থাত সাৰ্বভৌমত্বৰ গুৰুত্ব, গ্ল’বেল চাউথৰ উন্নয়নৰ পোষকতা আৰু ইউক্ৰেইন যুদ্ধৰ ওপৰত শান্তিৰ আহ্বান-এই সকলোবোৰৰ মাজেৰে প্ৰধানমন্ত্ৰী মোদীয়ে এই বাৰ্তা দিলে যে ভাৰত কেৱল নিজৰ স্বাৰ্থৰ প্ৰতি নহয়, সমগ্ৰ মানৱতাৰ শান্তি আৰু প্ৰগতিৰ প্ৰতিও দায়বদ্ধ।